Massive Explosion In Duliajan Oil Field:
দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদত ভয়ংকৰ বিস্ফোৰণ ৷ বৃহস্পতিবাৰে নিশা ৬৭নং খাদত বিস্ফোৰণ সংঘটিত হয় ৷ ডিৰিয়াল চাহ বাগিচাৰ গজাল বস্তিত এই ঘটনা ৷
দ্বিতীয়বাৰৰ বাবে সৃষ্টি হৈছে এনে পৰিস্থিতিৰ ৷ বিকট শব্দৰে অহৰহ নির্গমন হৈ আছে প্রাকৃতিক গেছ ৷ ইতিমধ্যে অইল কর্মী-বিশেষজ্ঞৰ গেছ নির্গমন নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়াও হোৱা নাই নিয়ন্ত্রিত ৷
আনহাতে তৈলখাদ বিস্ফোৰণ এলেকাত জৰুৰী অৱস্থা ঘোষণা অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষৰ ৷
ইফালে সংঘটিত এই বিস্ফোৰণৰ পাছৰে পৰা অনাহাৰে থাকিবলগীয়া হৈছে সমগ্ৰ অঞ্চলবাসী ৰাইজ ৷ নিশাৰে পৰা ৰন্ধন, খোৱাবোৱা বন্ধ হোৱাত একপ্ৰকাৰ অইলৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে স্থানীয় ৰাইজ ৷
ৰাজপথলৈ ওলাই আহি প্ৰতিবাদমুখৰ হৈ পৰে ৷ অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
সম্প্ৰতি অঞ্চলটোৰ পৰিস্থিতি খুবেই স্পৰ্শকাতৰ হৈ পৰাত ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণত নামি পৰিছে দুলীয়াজান আৰক্ষী ৷
আনহাতে বর্তমানেও গেছ নির্গমন অব্যাহত থকাত স্থানীয় ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে ৷ বাঘজানৰ দৰে ভয়াৱহ পৰিস্থিতিৰ আশংকা কৰি ইতিমধ্যে বহুলোক নিৰাপদ দূৰত অৱস্থান কৰিছে ৷