Amrit Kalash Yatra:শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠান

ৰাজ্যিক আনুষ্ঠানিক সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ

amrit kalash yatra 4

Amrit Kalash Yatra:

:ৰাজ্য চৰকাৰৰ উদ্যোগত বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷

এই উপলক্ষে আয়োজিত ৰাজ্যিক আনুষ্ঠানিক সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই

অনুষ্ঠানত ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই সভাখনৰ আতঁধৰি কয় ,আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত “মোৰ মাটি মোৰ দেশ” কাৰ্য্যসূচীৰ অন্তৰ্গত ‘অমৃত কলহ” যাত্ৰাৰ ৰাজ্যিক অনুষ্ঠানৰ জৰিয়তে  সামৰণি পৰে অমৃত কলহ যাত্ৰাৰ

বহুজনৰ ত্যাগ আৰু আহুতিৰ ফলশ্ৰুতিত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। সেই ত্যাগ আৰু প্ৰান আহুতি দিয়া শ্ৰদ্ধাৰ ব্যক্তি সকলৰ সন্মানাৰ্থে দেশৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষক স্বাধীনতাৰ অমৃত মহোৎসৱ হিচাবে উদযাপন কৰি ইতিহাসৰ সেই স্বর্ণীল ইতিহাস, সংস্কৃতি আৰু প্ৰাপ্তিক নৱ প্ৰজন্মৰ সন্মুখত উদ্ভাসিত কৰি তুলিব বিচৰা হৈছিল।

এই স্বাধীনতা অমৃত মহোৎসৱৰ চূড়ান্ত কাৰ্যসূচী হৈছে- ‘মোৰ মাটি মোৰ দেশ’ । সমগ্ৰ দেশৰ লগতে মুখ্যমন্ত্ৰী ড°‌ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নেতৃত্বত ৰাজ্যৰ বীৰ সকলৰ স্মৰণত প্ৰান্তে প্রান্তে শিলা ফলকৰ ব্যৱস্থা কৰা হৈছিল । ইয়াৰ লগতে পঞ্চপ্ৰাণ শপত, বীৰৰ বন্দনা, বসুধা বন্দনা আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশন তথা ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কাৰ্যসূচী লোৱা হৈছিল।

“মোৰ মাটি মোৰ দেশ” কাৰ্যসূচীৰ জৰিয়তে যোৱা ১৯ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ সমগ্ৰ ৰাজ্যৰে প্ৰায় ২৬,০৯৮ খন গাৱৰ প্ৰতিঘৰৰ পৰা মাটি সংগ্ৰহ কৰা হয়।

এই ক্ষেত্ৰত আত্মসহায়ক গোট, জীৱিকা সখী, স্থানীয় যুৱক-যুৱতী, ক্রীড়া সংগঠন, আশা কর্মী সকলে সক্রিয়ভাবে মাটি সংগ্রহ কার্য্যত ওতঃপ্ৰোত ভাৱে জড়িত হৈ এই কাৰ্য্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ বাবে মন্ত্ৰী বৰাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ভাষণত ৷

উল্লেখ্য যে,এক মাটি এক শোভাযাত্ৰাৰে গাঁও পঞ্চায়ত, খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়লৈ লৈ অহা হৈছিল । এই শোভাযাত্ৰাত সৰ্বসাধাৰণ জনতাৰ লগতে মন্ত্রী, বিধায়ক, সাংসদ সকলেও অংশ গ্ৰহণ কৰিছিল।

এই মাটি খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয় আৰু নগৰৰ পৌৰসভা আদিৰ কাৰ্য্যালয়ত একত্ৰিত কৰি দুটাকৈ কলহত ভৰোৱা হৈছিল । এই কাৰ্য ৮ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ সমগ্ৰ অসমতে কৰা হয় ।

আজি ৰাজ্যিক পৰ্যায়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ২৭০ স্থানৰ পৰা সৰ্বমুঠ ৫৪০ টা অমৃত কলহ কঢ়িয়াই অনা হৈছে । ইয়াৰে ২৭০ টা অমৃত কলহ প্রস্তাৱিত শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ বাবে সংৰক্ষণ কৰা হ’ব।

বাকী ২৭০ টা অমৃত কলহ দেশৰ বীৰ সকলৰ সন্মানার্থে নিৰ্মান হ’ব লগা ‘অমৃত বাটিকা’ত ব্যৱহাৰৰ বাবে নতুন দিল্লীলৈ লৈ যোৱা হ’ব। আনুষ্ঠানিকভাৱে শুক্ৰবাৰে ৰে’লযোগে নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ’ব প্ৰথমটি কলহ ৷

আজিৰ সামৰণি অনুষ্ঠানত মন্ত্ৰীদ্বয় অতুল বৰা, ডা:ৰণোজ পেগু আৰু ইউ জি ব্ৰক্ষ্ম,মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ,আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং সহ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ আমোলা উপস্থিত থাকে ৷

উল্লেখ্য যে,শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠানতে ৰাজ্যৰ পৌৰ নিকায় সমূহৰ পৰা সংগ্ৰহ কৰা হয় দুটাকৈ কলহ ৷ মুঠ সংগৃহীত কলহৰ সংখ্যা ৫৪০ টা ৷

Exit mobile version