Assam State Bjp:কংগ্ৰেছৰ দিনত ৰাতিৰ আন্ধাৰত ৰাজকোষত লুণ্ঠন চলিছিলঃ ৰাজ্যিক বিজেপি

ৰকিবুল হুছেইনৰ আমোলত ৰাতিৰ আন্ধাৰত সংঘটিত হৈছিল গড় হত্যা

rakibul hussain

Assam State Bjp:

ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্রজোটৰ চৰকাৰৰ প্রতিটো কামেই নিকা স্বচ্ছ আক নিকা প্রক্রিয়াৰে সম্পাদিত হয়। চৰকাৰে গ্রহণ কৰা প্রতিটো পদক্ষেপ আক প্রতিখন আঁচনি দিনৰ পোহৰৰ দৰেই স্বচ্ছ আৰু “স্পষ্ট ।

দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি অৱলম্বন কৰি ২০১৬ চনৰ পৰা বর্তমানলৈকে অসমত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন আক ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোটৰ চৰকাৰে প্রতিটো কামেই সম্পাদন কৰি আহিছে। এনে প্রেক্ষাপটত ৰাতিৰ এন্ধাৰত গড় হত্যা কৰি দুর্নীতিৰ পোহাৰ মেলা, দুর্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া ৰকিবুল হুছেইনৰ দৰে ভ্ৰষ্টাচাৰী নেতাৰ মুখত স্বচ্ছতাৰ নীতিবাক্য শোভা নাপায়।

আজি এক প্ৰেছ বিবৃতিত ৰকিবুল হুছেইনক এইদৰে উভতি ধৰি ৰাজ্যিক বিজেপিৰ মুখপাত্র সুভাষ দত্তই কয়, তৰুণ গগৈ নেতৃত্বাধীন কংগ্রেছৰ শাসনৰ পোন্ধৰ বছৰীয়া অপশাসনৰ অংশীদাৰ আছিল ৰকিবুল হুছেইন। যাৰ নেতৃত্বতেই অসম গৌৰৱ ভাৰতবর্ষৰ স্বাভিমান এশিঙীয়া গঁড় এটা এটাকৈ চোৰাং চিকাৰীয়ে হতেত নিধন হৈছিল।

কংগ্রেছ চৰকাৰৰ দুর্নীতি, ভ্রষ্টাচাৰৰ ক’ল্য অধ্যায় যদি ৰোমন্থন কৰা হয় তেতিয়া এই আটাইবিলাক ক’লা অধ্যায় তৰূণ গগৈৰ নেতৃত্বাধীন চককাৰৰ সময়ত ৰকিবুল হুছেইনৰ দৰে মন্ত্রী সকলৰ পৃষ্ঠপোষকতাত ৰাতিৰ আন্ধাৰত ৰাজকোষ লুণ্ঠনৰ কামসমূহ হৈছিল সেই কথা অসমৰ ৰাইজে পাহৰি যোৱা নাই।

সেই জন ৰকিবুল হুছেইনেই আজি ভাৰতীয় জনতা পাটিৰ চৰকাৰক কটাক্ষ কৰিবলৈ গৈ যি বাক্যবান নিক্ষেপ কৰিছে ইয়াৰ যোগেদি তেখেতৰ দিনৰ দুর্নীতিৰ এই ক’লা অধ্যায় সমূহহে জনমানসত পুনৰ উন্মোচিত হৈছে।

কংগ্রেছ চৰকাৰৰ সেই সময়ৰ গ্রামোন্নয়ন বিভাগৰ প্রায় যাঠি হাজাৰটা ইন্দিৰা আবাস যোজনা গৃহ নির্মাণ নোহোৱাকৈ ধন আত্মাস্যাৎ কৰা হৈছিল বুলি কেগৰ প্রতিবেদনত প্রকাশ পাইছিল। ৰকিবুল হুছেইনৰ দিনৰ ইন্দিৰা আবাস যোজনাৰ গৃহ আৰু মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা দিনৰ প্রধানমন্ত্রী আবাস যোজনা (গ্রামীন) গৃহ কেইটা যদি তুলনা কৰে তেতিয়া হয়তু ৰকিবুল হুছেইনে মুখলজ্জা থাকিব নোৱাৰিব।

এই সময়ছোৱাত ৫ লাখ ৫০ হাজাৰ প্রধানমন্ত্রী আবাস যোজনাৰ ঘৰ নির্মাণ হৈছে আৰু বাৰ লাখ গৃহ নিৰ্মাণৰ বাবে প্রক্রিয়া অব্যাহত আছে। কংগ্রেছ চৰকাৰৰ দিনৰ এই সমূহ দস্তাবেজ যদি লুটিয়াবলগীয়া হয় তেতিয়া হ’লে প্রধানমন্ত্রী আবাস যোজনাৰ গৃহ আৰু তেখেতৰ দিনৰ ইন্দিবা আবাস যোজনাব গৃহ দেখিলেই প্রকৃততে দুয়োটা খবৰ প্যার্থক্য অসমৰ ৰাইজে অনুভব কৰে।

লগতে বন বিভাগৰ বিভিন্ন ক্ষেত্রত ৰাজহ ফাকি দিয়াৰ কাহিনী কেগৰ প্রতিবেদনা পৃষ্ঠাই পৃষ্ঠাই বিৰাজমান আছিল। কেগৰ প্রতিবেদন সমূহ লুটিয়াই চালে এই সকলো তথ্য প্রতিফলিত হ’ব। গতিকে যাৰ নেতৃত্বত দুর্নীতি হৈছিল তেনে ব্যক্তিয়ে আছি স্বচ্ছ আৰু নিকা প্রক্রিয়াৰে পৰিচালিত বিভিন্ন ধৰণৰ আমাৰ প্রশাসনিক কামকাজ সেই সমূহ সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই।

কংগ্রেছৰ নেতা সকল এতিয়া চৰম হতাশগ্রন্থ। তেখেত সকলৰ বক্তব্যত এই হতাশা সমূহ প্রকাশ পাই আহিছে। ভাৰতীয় জনতা পার্টি তথা প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনৰ জনপ্রিয় আঁচনিসমূহে জনসাধাৰণক উপকৃত কৰাৰ লগতে অকে কেন্দ্রীয় চৰকাৰৰ প্রতিখন মডেল আঁচনি অসমৰ বুকুত সফলভাবে ৰূপায়িত হোবাত এতিয়া কংগ্রেছ নেক্স সকল ঈষান্বিত হৈ বিভিন্ন কামকাজত তৰল মন্তব্যকে ৰাজ্যখনৰ উন্নয়নৰ প্রক্রিয়াটোক সমালোচনা কৰি আহিছে।

কংগ্রেছ নেতা সকলে এটা কথা মনত ৰখা ভাল যি সময়ত প্রাক্তন প্রধানমন্ত্রী ড: মনমোহন সিঙে অসমক বঞ্চনা কৰি খাৰুৱা তেলৰ ৰয়েল্টি বাবদ পাব লগা ৭৭৭০ কোটি টকা বন্ধ কৰি ৰাখিছিল, সেই সময়ত এই সকল কংগ্রেছ নেতা নিমাত আছিল। যি সময়ত ত্রয়োদশ বিত্তীয় আয়োগৰ অনুদানৰ সময়ত তেতিয়াৰ  প্রাক্তন প্রধানমন্ত্রী ড: মনমোহন সিঙে মাত্র ৫৮ হাজাৰ কোটি টকা দি অসমক প্রবঞ্চনা তথ্য প্ৰতাৰণা কৰিছিল।

সেই সময়ত এই নেতা সকল নিশ্চুপ হৈ আছিল। ভাৰতীয় জনতা পার্টিৰ চৰকাৰ অহাৰ পিছত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে চতুদর্শ বিত্তীয় আয়োগৰ অধীনত ১ লাখ ৫৫ হাজাৰ কোটি টকা মুকলি কৰি দিছিল।

বিবৃতিটোত ৰাজ্যিক বিজেপিৰ মুখপাত্র সুভাষ দত্তই লগতে কয়,ড: হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত দেশৰ যশস্বী প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কংগ্রেছে বন্ধ কৰি থোৱা তেলৰ ৰয়েন্টি ৭,৭৭০হাজাৰ কোটি টকা মুকলি কৰি দিছিল।

যাৰ জৰিয়তে ৰাজ্যখনৰ উন্নয়নৰ তৰান্বিত কৰাৰ ক্ষেত্রত আমাৰ চৰকাৰ সফল হৈছে। ইয়াৰ উপৰিও আজি অসমৰ বুকুত যিসমূহ উন্নয়নমূলক প্রকল্প আক উন্নয়নমূলক আঁচনি সর্বসাধাৰণ ৰাইজক স্পর্শ কৰিবলৈ সক্ষম হৈছে। এই আঁচনি তথা প্রকল্প সমূহে বিশেষকৈ অসমৰ বিভিন্ন পিছপৰা অঞ্চল সমূহকো আজি ভাৰতবর্ষৰ আগশাৰীৰ অঞ্চললৈ উন্নীত কৰাৰ ক্ষেত্রত সফল হৈছে।

আমি আশাবাদী মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত অসম শীঘ্রেই দেশৰ আগশাৰীৰ পাঁচখন বাজাব অন্তর্ভুক্ত হ’বলৈ সক্ষম হ’ব। কংগ্রেছৰ নেতা সকলে এতিয়া চৰম মিথ্যাচাৰ, অপচেষ্টাত লিপ্ত হৈ বিভিন্ন ধৰণৰ কটু তথা তৰল মন্তব্যবে নিকৃষ্ট ৰাজনৈতিক কাৰচাজি কৰাটো অসমৰ ৰাইজৰ দৃষ্টিগোচৰ হৈছে আৰু আগন্তুক সময়ত ইয়াৰ প্রত্যুত্তৰ তেখেত সকলে নিশ্চিতভাবে পাব।

Exit mobile version