Apsc Scam:এপিএছচি কেলেংকাৰিৰ জালিয়াতি ধৰা পৰাত কান্দি ৰণ জয়ৰ চেষ্টা ৰাজপত্রিত বিষয়াৰ

জালিয়াতিত লিপ্ত ৰাজপত্রিত বিষয়াই ফৰেনচিক পৰীক্ষাকো নস্যাতৰ চেষ্টা চলাইছে জেৰাত, এছআইটিক অলপ সময় দিয়ক: আৰক্ষী প্রধান জিপি সিং

apsc scam 6

Apsc Scam:

অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ পৰীক্ষাত জালিয়াতিৰে ৰাজপত্রিত বিষয়াৰ চাকৰি লৈ এতিয়া সেই বিষয়ে নজনাৰ ভাও জুৰিছে গ্রেপ্তাৰ আৰু জেৰাৰ সন্মুখীন হোৱা নিলম্বিত বিষয়াসকলে।

উত্তৰবহী আৰু অন্যান্য নথিৰ ফৰেনচিক পৰীক্ষাকো তেওঁলোকে নস্যাতৰ ধৃষ্টতা প্রদর্শন কৰিবলৈ এৰা নাই । বিশেষ তদন্তকাৰী গোট (এছআইটি)-এ প্রশ্ন সুধিলে কান্দি ৰণ জয়ৰ কৌশল লৈছে সেইসকল বিষয়াই। উদাহৰণ স্বৰূপে মঙলবাৰে দিনজোৰা জেৰাত অসম আৰক্ষী সেৱাৰ বিষয়া কল্যাণ কুমাৰ দাসে উত্তৰ দিব নোৱাৰি অধিক সময় হুকহুকাই কান্দি কটায়।

জেৰাৰ সম্মুখীন হয় আন এগৰাকী বিষয়া হ’ল অসম অসামৰিক সেৱাৰ নবনীতা শর্মা। অসম অসামৰিক সেৱাৰ বিষয়া হ’বলৈ আৰু আন কে’বাজনো প্রার্থীৰ তুলনাত অধিক নম্বৰ পাবৰ বাবে ৰাকেশ পালে এইগৰাকী বিষয়াৰ উত্তৰবহীত ৫০ নম্বৰ বঢ়াই দিছিল।

ফৰেনচিক পৰীক্ষাত শৰ্মাৰ বহীত ৰাকেশ পালে নিজ হাতেৰে নম্বৰ বঢ়াই দিয়াটো প্রমাণ হৈছিল। কিহৰ বাবে এনেদৰে নম্বৰ বঢ়াই লৈছিল তথা পালে কিয় বিশেষভাৱে তেওঁৰ বহীত নম্বৰ বঢ়াই দিছিল তাৰ উত্তৰ বিষয়াগৰাকীয়ে দিব পৰা নাছিল।

শেষত তেওঁ কেবল এটাই উত্তৰ দিয়ে আৰু সেয়া হ’ল- মই কেনেকৈ জানিম? ইপিনে, মঙলবাৰে গ্রেপ্তাৰৰ পাছত যোৱা নিশা জেৰা চলোৱা হয় আৰক্ষী সেৱাৰ বিষয়া সুকন্যা দাসক। এইগৰাকী বিষয়াৰ উত্তৰবহীতকৈ টেবুলেছন ছিটত অধিক নম্বৰ দিয়া হৈছিল।

তাতোকৈয়ো গুৰুতৰ বিষয়টো হ’ল যে পৰীক্ষাৰ ছখন উত্তৰবহীৰ বিপৰীতে সুকন্যা দাসৰ ওলাইছিল আঠখন। তেওঁৰ অতিৰিক্ত উত্তৰবহী দুখন উদ্ধাৰ হৈছিল ৰাকেশ পালৰ ঘৰৰ পৰা।

এই বিষয়ে জেৰাত প্রশ্ন কৰাত দীর্ঘ সময় মৌন হৈ আছিল। বাৰম্বাৰ প্রশ্ন কৰাত দাসেও কয় যে তেওঁ সেই বিষয়ে নাজানে; অথচ অজ্ঞতা প্রকাশ কৰিলেও ফৰেনচিক পৰীক্ষাত আটাইকেইখন বহীৰ হাতৰ আখৰ একেজনৰে আৰু সেয়া সুকন্যা দাসৰ বুলি প্রমাণিত হৈছিল।

তৎসত্ত্বেও অতিৰিক্ত বহী দুখনক লৈ ধৃত বিষয়াগৰাকী একো নজনাৰ ভাও জুৰে। বাৰম্বাৰ প্ৰশ্ন কৰাত ফৰেনচিকৰ তথ্যকো তেওঁ নাকচ কৰাৰ চেষ্টা চলায়। অপৰাধৰ পৰা সাৰি যোৱাৰ উদ্দেশ্যে এনে কৌশল ৰচনাৰ অভিযোগ উত্থাপিত হৈছে।

ইপিনে, অহা আঠ ডিচেম্বৰত এছআইটিয়ে আন তিনিজন অভিযুক্ত বিষয়াক তলব কৰিছে। অসম আৰক্ষী সেৱাৰ এই বিষয়কেইজন হ’ল অসীমা কলিতা, ফাৰুক আহমেদ আৰু দীপাংকৰ দত্ত লহকৰ। উল্লেখ্য যে,অসীমা কলিতা প্রাক্তন কংগ্ৰেছী বিধায়ক প্রয়াত মদন কলিতাৰ জীয়ৰী।

ইপিনে, পানবজাৰ থানা পৰিদৰ্শন কৰি সাংবাদিকৰ আগত আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে কয় যে নিয়ম অনুসৰি সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব। ইয়াৰ বাবে এছআইটিয়ে কাম কৰি আছে।

এছআইটিক কিছুদিন সময় দিবলৈও সিঙে সকলোকে আহ্বান জনায়। তদুপৰি তেওঁ কয় যে তথ্য-প্রমাণ কাৰ ক্ষেত্ৰত কি ধৰণে উদ্ধাৰ হৈছে তাৰ ভিত্তিত বিভাগীয় কার্যব্যৱস্থাৰ পবা অন্যান্য পদক্ষেপসমূহো গ্রহণ কৰা হ’ব।

Exit mobile version