Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dictatorship Will Not Work:একনায়কত্ববাদ নচলিব

#কনকসেন ডেকা

publisher by publisher
December 16, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Dictatorship Will Not Work:একনায়কত্ববাদ নচলিব
4
SHARES
35
VIEWS
ShareShareShareShare

Dictatorship Will Not Work:একনায়কত্ববাদ নচলিব

#কনকসেন ডেকা

ADVERTISEMENT

যোৱা ১৩ ডিচেম্বৰত সংসদ ভৱনত সংঘটিত অবৈধ অনুপ্ৰৱেশৰ ঘটনাটোৱে ৰাষ্ট্ৰজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ আঁৰৰ ছজনীয়া দলৰ দুজনে সংসদ ভৱনত প্ৰৱেশ কৰি ‘একনায়কত্ববাদ নচলিব’ বুলি ধ্বনি দিছিল। অৱশ্যে তেওঁলোকৰ হাতত কোনো ধৰণৰ মাৰণাস্ত্র নাছিল।

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

তাৰ পৰা এইটোৱে প্রমাণ হয় যে তেওঁলোকে সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰাৰ বাবে সংসদ ভৱনত প্ৰৱেশ কৰা নাছিল। হয়তো শান্তিপূর্ণ প্ৰক্ৰিয়াৰে তেওঁলোকৰ বক্তব্য জনসাধাৰণৰ সন্মুখত দাঙি ধৰিবলৈ অশেষ চেষ্টা কৰিও বিফল হোৱা হেতুকে এনেদৰে চাঞ্চল্যৰ সৃষ্টি কৰি দেশবাসীৰ দৃষ্টিগোচৰ কৰিবলৈ বাধ্য হৈছিল।

প্ৰাতঃস্মৰণীয় স্বদেশপ্রেমী ভগত সিঙৰ শিষ্য বুলি দাবী কৰা ছজনীয়া এই গোটটোৱে দেশৰ নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আৰু মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত সংসদত আলোচনা হোৱাটো বিচাৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা বুলি দোহাৰিছে। তেওঁলোকে যোৱা এবছৰ ধৰি এই সমস্যাসমূহৰ সন্দৰ্ভত আলাপ-আলোচনা কৰি সুফল নোপোৱা হেতুকে এনেকুৱা দুঃসাহসিক কার্য সংঘটিত কৰিবলৈ বাধ্য হোৱা বুলি জানিবলৈ দিছে।

উল্লেখ্য যে ১৯২৯ত বীৰ ছহিদ ভগত সিঙে স এনেধৰণে তেতিয়াৰ সংসদত প্রবেশ কবি প্রতিবাদ সাব্যস্ত কৰিছিল আৰু বোমাৰে সংসদ ভৱনৰ অন্তর্ভাগ ধোঁৱা-কোঁৱা কৰি পেলাইছিল। তেওঁলোকে সংসদ ভৱনৰ অন্তর্ভাগত ‘তানাশাহী নেহি চলেগা’, অর্থাৎ একনায়কত্ববাদ নচলিব বুলি দিয়া ধ্বনিৰ স’তে এই আক্রমণৰ প্ৰাসংগিকতা কি সেইটোহে সর্বসাধাৰণৰ বাবে দুর্বোধ্য হৈ আছে। আটকাধীন যুৱব যুৱতীসকল হ’ল- সাগৰ শৰ্মা, ডি মনোৰঞ্জন, নীলিম দেরী, অমল শিণ্ডে, বিকি শর্মা আৰু ললিত ঝা।

parliament 2 1এতিয়া মূল প্রশ্ন হ’ল, তেওঁলোকে দাবী কৰা অনুসৰি দেশত একনায়কত্ববাদ চলিছে নেকি? আক্রমণকাৰী ১যুৱকসকলৰ মতে তানাশাহী নেহি চলেগা, অর্থাৎ একনায়কত্ববাদ চলি আছে; কিন্তু ভবিষ্যতে চলিবলৈ দিয়া নহ’ব। ভাৰতবর্ষ এখন গণতান্ত্রিক দেশ, য’ত জনতাৰ প্রতিনিধিয়ে দেশ শাসন কৰে আৰু বৰ্তমানৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ লগতে সাংসদসকলো জনসাধাৰণৰ দ্বাৰা নির্বাচিত প্রতিনিধি। যদি সিয়েই হয়, তেন্তে একনায়কত্ববাদৰ প্ৰসংগ ক’ত ?

উল্লেখনীয় যে ২৯৭৫ত জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে নাগৰিকৰ মৌলিক অধিকাৰসমূহ কর্তন কৰি দেশত জৰুৰী শাসন প্রৱর্তন কৰি একনায়কত্ববাদী শাসন চলাইছিল। কে’বা হেজাৰ প্রতিবাদী লোকক কাৰাগাৰত ১৮ মাহ ধৰি আৱদ্ধ কৰি ৰাখিছিল। তেনেদৰেই জার্মানীৰ একনায়কত্ববাদী নাজী নেতা হিটলাৰো জনসাধাৰণৰ দ্বাৰা নির্বাচিত হৈয়ে ক্ষমতা লাভ কৰাৰ পাছত একচ্ছত্রী শাসক হৈ উঠিছিল।

গতিকে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ এখন একনায়কত্ববাদী হ’ব নালাগে যদিও উল্লেখিত দৃষ্টান্তসমূহে ভিন্ন ছবিহে দাঙি ধৰে। বর্তমান নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ সন্দর্ভতো এতিয়া যুৱক কেইজনে একনায়কত্ববাদ নচলিব বুলি ধ্বনি দিয়াৰ অর্থ তেওঁলোকৰ মতে একনায়কত্ববাদী শাসন চলি আছে।

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে জৱাহৰলাল নেহৰুৱে ভাৰতৰ স্বাধীনতাৰ সম্পৰ্কত উল্লেখ কৰিছিল যে বস্ত্রহীন, ভোকাতুৰ জনতাক খাবলৈ আৰু পিন্ধিবলৈ দিয়াৰ লগতে তেওঁলোকক আৱশ্যক অনুসৰি সর্বাধিক সা-সুবিধা দিয়াটোৱেই আমাৰ সংবিধানৰ লক্ষ্য: To free India through a new Constitution, to feed
the starving people and to clothe the naked masses, and to give every Indian the fullest opportunity to develop himself according to his need. প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দাবী কৰিছে যে তেওঁৰ শাসনকালত দেশে এনেদৰে দোপতদপে উন্নতিৰ শিখৰত আৰোহণ কৰিছে যে শীঘ্ৰে ভাৰত বিশ্বৰ চতুর্থ শীর্ষ অর্থনীতিৰ ৰাষ্ট্ৰ হ’ব। এতিয়া প্রশ্ন হ’ল, আমাৰ দেশখন বিশ্বৰ চতুর্থ অর্থনৈতিক দিশৰ শক্তিশালী ৰাষ্ট্র যদি হয়েই, তেন্তে পৰিসংখ্যা অনুসৰি দেশৰ ৭০ কোটি মানুহে নিশা খালী পেটে বিছনালৈ যায় কিয়?

তাৰ সৰল অর্থ, ভাৰতীয়সকলৰ সৰহসংখ্যকেই দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো দুবেলা দুমুঠি পেট ভৰাই খাবলৈ সমর্থ হোৱা নাই। তদুপৰি সৰহভাগেই অপুষ্টিত ভোগা বুলি তথ্য প্রকাশ পাইছে। প্রখ্যাত উদ্যোগপতি তথা প্রযুক্তিবিদ – ইনফোছিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূর্তিয়ে কৈছে যে ভাৰত এতিয়াও এখন দৰিদ্র ৰাষ্ট্ৰ হৈ আছে।

মজলীয়া আয়ৰ দেশ এখন হ’বলৈও প্রতিগৰাকী ব্যক্তিৰ জনমূৰি বার্ষিক আয় ৬.৫৭ লক্ষ টকাৰ পৰা ৮.৩৪ লক্ষ টকা হ’ব লাগিব। প্রত্যেকগৰাকী নাগৰিকৰ এনে বৃদ্ধি হ’বলৈ কমেও ১৮ বছৰ লাগিব। উল্লেখনীয় যে ভাৰতৰ আৰ্থিক অৱস্থাৰ তুলনাত বাংলাদেশ, শ্রীলংকা, নেপাল আদিৰ স্থান ওপৰত আছে।

অৱশ্যে চৰকাৰৰ আশিসধন্য আদানি, আম্বানী, টাটা, বিড়লা প্রভৃতিৰ বিশাল সম্পদৰ গড় উলিয়াই যদিহে নৰেন্দ্ৰ মোদীয়ে এই পৰিসংখ্যা দাঙি ধৰিছে, তেন্তে গণতান্ত্রিক শাসন ব্যৱস্থাৰ অৰ্থ ক’ত থাকিল? স্বাভাবিকতে তেনে ক্ষেত্ৰত একনায়কত্ববাদৰ প্ৰলেপ পৰা বুলি অভিযুক্ত যুৱকসকলে কোৱা কথা অসত্য নেকি? লক্ষ লক্ষ কোটি টকাৰ ৰাজহুৱা সম্পত্তি মোদী চৰকাৰে আদানি-আম্বানিৰ দৰে বিত্তশালীসকলক গতাই দিছে।

আদানিয়ে বছৰি যদিহে এক লাখ কোটি আয় কৰে, তেন্তে তাৰ দ্বাৰা নিম্ন আয়ৰ কৃষক-শ্রমিকসকলৰ আয় বৃদ্ধি পাবনে ? অলপতে মোদীয়ে কৈছে যে দেশৰ চাৰি কোটি মানুহক তেওঁ ঘৰ দিলে; কিন্তু নিজৰ বাবে থাকিবলৈ ঘৰ নাই।

গৃহহীন মোদীয়ে তেন্তে থাকে ক’ত? নিদ্রা যাপন কৰে ক’ত? গুজৰাটৰ জন্মভূমিত তেওঁৰ ঘৰ নাছিল নেকি? তেওঁৰ নামতেই গুজৰাটত দেশৰ সর্ববৃহৎ স্টেডিয়াম নাই জানো। সংসদৰ ভিতৰত শেহতীয়াকৈ তিনি ৰাজ্যৰ নিৰ্বাচনত জয়লাভ কৰা বিজেপিয়ে উল্লাসিত হৈ প্রধানমন্ত্রীক মোদীজী বুলি ধ্বনি দিয়াত তেওঁ অসন্তুষ্টি প্রকাশ কৰি কৈছিল যে তেওঁ মোদীজী নহয় মোদী;

কিয়নো তেওঁ মোদী হিচাপে জনসাধাৰণৰ লগত থাকিব বিচাৰে,। মোদীজী বুলিলে ৰাইজৰ পৰা দূৰলৈ ঠেলি পঠিওৱাহে হ’ব। কিন্তু এইগৰাকী মোদীয়ে তেনেহ’লে নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ ৰাষ্ট্রপতিক সুযোগ নিদিলে কিয়? ৪৫০০ কোটি এক টকাৰে স্বাধীন ভাৰতে নিৰ্মাণ কৰা সংসদ ভৱনটো দৰাচলতে ৰাষ্ট্র মুৰব্বী দ্রৌপদী মুর্মুৱে উদ্বোধন কৰিব লাগিছিল বুলি বিভিন্ন মহলত দাবী উত্থাপিত হৈছিল;

কিন্তু সেইবোৰলৈ ভ্রূক্ষেপ নকৰি মোদীয়ে নিজে উদ্বোধন কৰিবলৈ কুণ্ঠিত নহ’ল। তদুপৰি তেওঁ সৌ-সিদিনা সাংসদসকলৰ প্ৰশংসা সূচক ধ্বনিৰ প্ৰসংগত ক’লে যে সংসদ ভৱন মন্দিৰ, ইয়াত ৰাজনীতিৰ স্থান নাই। সংসদত যদিহে ৰাজনীতিৰ আলোচনা কৰা নহয়, তেন্তে কিহৰ বাবে সংসদ? অৱশ্যে যদিহে মন্দিৰেই হয়, তেন্তে মছজিদ বা গীর্জা নহ’ব কিয়?

কাৰণ সংসদী সদস্যসকলৰ মাজত খ্রীষ্টান আৰু ইছলাম ধর্মীও আছে। প্রধানমন্ত্রী এগৰাকীৰ কথা আৰু কামৰ মাজত এনেবোৰ বিসংগতিয়ে দেশৰ কোটি কোটি নব প্রজন্মক প্রভাবান্বিত নকৰিব নে? এইগৰাকী নৰেন্দ্র মোদীয়েই ২০১৪০ লোকসভা নিৰ্বাচনৰ সময়ত ঘোষণা কৰিছিল যে তেওঁ ক্ষমতাধিষ্ঠিত হ’লে বিদেশত সঞ্চিত ‘ভাৰতীয়সকলৰ ক’লা ধন ওভতাই আনিব আৰু দেশৰ প্রতিটো পৰিয়াললৈ ১৫ লক্ষ টকাকৈ আগবঢ়াব। সঁচাকৈয়ে তেওঁ প্রতিশ্রুতি ৰক্ষা কৰিলেনে ? দেশৰ মুৰব্বীয়েই যদি কথা আৰু কামৰ মাজত মিল নাৰাখে, তেন্তে সৰ্বসাধাৰণে কাৰ ওপৰত “ভৰসা ৰাখিব?

এতিয়া আন এক গুৰুত্বপূর্ণ বিষয়লৈ আহো। আমাৰ সংসদখনেই দেশৰ সাৰ্বভৌমত্বৰ প্রতীক। গতিকে সংসদী সদস্যসকলৰ গুৰুত্ব কিমান ইয়েই প্ৰমাণ কৰে; কিন্তু বিভাগীয় তথ্য অনুসৰিয়েই সাংসদসকলৰ ৬০ শতাংশৰ বিৰুদ্ধে আছে হত্যা, ধর্ষণ, প্ৰৱঞ্চনা, চুৰি, ডকাইতি আদিৰ গোচৰ। শেহতীয়াকৈ প্রাক্তন কংগ্রেছ সাংসদ এজনৰ বাসস্থানত তালাচী চলাই ৩০০ কোটিতকৈও ওপৰ ক’লা টকা পাইছে। তেওঁৰ স্থাৱৰ সম্পত্তিৰ লেখ ইয়াত সামৰা হোৱা নাই।

এনেদৰেই জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত সাংসদসকলেই যদি ধন লুট কৰে, তেন্তে সৰ্বসাধাৰণ নাগৰিকৰ কল্যাণ সম্ভব হয় কেনেকৈ? তদুপৰি পাঁচ শতাধিক সাংসদৰ ভিতৰত দেশৰ ৯০ শতাংশ নিম্ন আয়ৰ কৃষক-শ্রমিকৰ প্রতিনিধি হিচাপে এজন সাংসদ আছেনে? তাৰ দ্বাৰা প্রমাণ হয় যে দেশৰ ৯০ শতাংশ লোকৰ প্রতিনিধিত্ব সংসদত নাই। তাৰ কাৰণ, নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ হ’লে কমেও ৩/৪ কোটি টকাৰ প্ৰয়োজন।

এই বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি নিৰ্বাচনী জুৱা খেলাত প্রবৃত্ত হ’বলৈ যিমানেই বিদ্বান নহওক কিয়, নিম্ন আয়ব লোকৰ পক্ষে সম্ভৱ নহয়। দৰাচলতে প্রায়ভাগ সাংসদকে পিঞ্জৰাত আবদ্ধ কবি ৰাখিছে বৃহৎ পুঁজিপতি, উদ্যোগপতি আৰু সিহঁতৰ দালালহঁতে।

ক্ষমতা লাভৰ পাছত যেতিয়াই এজন নেতাই তেওঁৰ খেয়াল খুচি মতে চৰকাৰ চলায়, তেতিয়াই একনায়কত্ববাদৰ প্ৰাসংগিকতা আহি পৰে। সম্প্রতি বিজেপিৰ নেতৃত্বতেই হয়তো প্রধানমন্ত্রী মোদীয়ে একনায়কত্ববাদী শাসন চলোৱা বুলি ওপৰত উল্লেখিত যুৱককেইজনে অভিযোগ কৰিছে।

অবশ্যেমোদীয়ে হওক বা আন কোনোবা এজনেই হওক, ক্ষমতাৰ উচ্চ শিখৰত থকাৰ পাছত যদিহে জনসাধাৰণৰ কল্যাণ সাধনৰ সলনি নিজ স্বাৰ্থ ৰক্ষাৰ প্ৰসংগহে সততে সম্মুখত ৰাখে, তেন্তে সেয়াও নিশ্চয় একনায়কত্ববাদৰ অন্তর্ভুক্ত হোৱাটো স্বাভাবিক। এখন দেশৰ সন্মুখৰ আৱৰণত অংকিত পুজিবাদী নে সমাজবাদী অভিধাতকৈ লক্ষ্যণীয় হ’ল দেশখনৰ জনসাধাৰণে কেনেদৰে জীৱন যাপন কৰিছে; অর্থাৎ নাগৰিক হিচাপে সংবিধান প্রদত্ত অধিকাৰসমূহ লাভ কৰাৰ ওপৰতে ৰাষ্ট্ৰৰ চৰিত্ৰ নিৰ্ভৰ কৰে। আমাৰ সংবিধানত ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছে আৰু জাতি, ধর্ম, বর্ণ, নির্বিশেষে প্রত্যেকৰ বাবে বাসস্থান, খাদ্য, স্বাস্থ্য আৰু শিক্ষাৰ যথোচিত সুযোগ সুবিধা সহজলভ্য হোৱাটো নিতান্তই বাঞ্ছনীয়।

এয়া আমাৰ নেতাই ৰাজহুৱা সভাত ভাষণ দিয়া বক্তৃতা নহয় এয়া আমাৰ নাগৰিকৰ সংবিধান প্রদত্ত মৌলিক অধিকাৰ। কিন্তু তথ্য অনুসৰি, মার্কিন যুক্তবাষ্ট্রব মুঠ জনসংখ্যাতকৈও অধিক ভাৰতীয় লোকে অনাহাবে নিশা কটায়। তদুপৰি ৮০ শতাংশ লোকৰেই স্বাস্থ্যসম্মত বাসস্থানৰ অভাব। একাংশ লোকে নিশা গছৰ তলত চাৰপাইত পাৰি শুৱে।

তেনেদৰে চিকিৎসা ব্যৱস্থা সার্বজনীন কৰা বুলি ঢাক-ঢোল বজোৱা হৈছে যদিও আঢ্যবন্ত সকলেহে ব্যক্তিগত চিকিৎসালয়ত সু-চিকিৎসা পাব পাৰে; কিয়নো তেনে উচ্চমানৰ চিকিৎসালয়ৰ দুৱাৰ নিম্ন আয়ৰ লোকৰ বাবে বন্ধ। তদুপৰি উল্লেখ কৰিব পাৰি যে অসমত চৰকাৰী খণ্ডত ভালেসংখ্যক চিকিৎসা মহাবিদ্যালয়, উচ্চমানৰ চিকিৎসালয় হোৱা বুলি তুমুল প্ৰচাৰ চলোৱা হৈছে।

যদি সিয়েই হয়, তেন্তে নিতৌ হেজাৰ হেজাৰ ৰোগী চিকিৎসাৰ বাবে চেন্নাই, মুম্বাই, হায়ৰাবাদলৈ যায় কিয়? একমাত্র আঢ্যবন্তসকলৰ বাবেহে এনেদৰে তেনেবোৰ চিকিৎসালয়ত ভর্তি হোৱাৰ সুযোগ আছে। আনহাতে, নিম্ন আয়ৰ লোকে হা-হুমুনিয়াহ কাঢ়ি কপালক ধিয়াই মুত্যুক সাবটি লয়। তেনেদৰে শিক্ষাৰ ক্ষেত্ৰতো বৈষম্যৰ পাহাৰ গঢ়ি উঠিছে। সার্বজনীন শিক্ষাৰ ঢাক-ঢোল বজোৱা হৈছে।

কিন্তু ব্যক্তিগত খণ্ডৰ আড়ম্বৰপূর্ণ শিক্ষানুষ্ঠানতহে আঢ্যৱন্ত পৰিয়ালৰ পুত্র-কন্যাই শিক্ষা লাভ কৰে আৰু তেনে বিদ্যালয়ৰ চার্টিফিকেটৰ জৰিয়তে লগে লগে চাকৰিও লাভ কৰে। আনহাতে, চৰকাৰী বিদ্যালয়ৰ পৰা উত্তীর্ণ হোৱাসকলে বছৰৰ পাছত বছৰ ধৰি আবেদন কবিও কর্মসংস্থান নাপায়।

গতিকে দেখা যায় যে স্বাস্থ্য সেৱাৰ পৰা আৰম্ভ কৰি শিক্ষালৈকে অধিকাৰ ভোগ কৰিছে সমাজৰ উচ্চ শ্ৰেণীৰ আঢ্যবন্ত লোকেহে। তাতোকৈ বিস্ময়কৰ কথা যে দেশৰ সৰহসংখ্যক পৰিয়ালে বিশুদ্ধ খোৱা পানী টোপাকেই স্বাধীনতাৰ ৭৫ বছৰ পাছতো পাবলৈ সক্ষম হোৱা নাই।

গতিকে দেখা যায় যে খাদ্য, বাসস্থান, স্বাস্থ্য আৰু শিক্ষা লাভৰ পৰা দেশৰ ৯০ শতাংশ লোক আজিও বঞ্চিত হৈ আহিছে। ব্যৱসায়-বাণিজ্যত প্ৰৱেশ কৰিবলৈ নিম্ন আয়ৰ যুৱক-যুৱতীয়ে বেংকৰ পৰা মূলধন নাপায়, অথচ লক্ষ লক্ষ কোটি টকাৰ ঋণ বিশেষ গোষ্ঠীৰ লোকক ৰেহাই দিয়া হৈছে। এনেকুৱা পৰিস্থিতিত দেশৰ শাসন কাৰ হাতত সেই প্রশ্ন উঠাটোত অস্বাভাবিকতা নাই।

এই প্রসংগতে এটি ব্যক্তিগত অভিজ্ঞতাৰ ছবি দাঙি ধৰিব খুজিছো। বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত দুই-এজন বন্ধুৰ স’তে এলাহাবাদৰ পৰা চাইকেলেৰে ১০-১২ কিলোমিটাৰ দূৰৰ গাঁৱলৈকে গৈছিলো।

বহুতেই গছৰ তলত নিশা খাটত শোৱে আৰু পুৱা বিছনাৰ কাপোৰ সামৰি খাটখন তুলি থয়। এই বিষয়ে মই ‘নতুন পুৰুষে যুক্তিৰ আধাৰত’ পুথিখনত উল্লেখ কৰিছিলো। সেই পুথিৰ ইংৰাজী সংস্কৰণ পঢ়ি তেতিয়াৰ অসমৰ আৰক্ষী সঞ্চালক প্রধান ড° প্রকাশ সিঙে কৈছিল যে তেওঁৰ ৰাজ্য উত্তৰ প্ৰদেশৰ গাঁৱৰ তুলনাত অসমৰ গাঁৱৰ অৱস্থা বহু উন্নত। উত্তৰ প্ৰদেশৰ গাঁৱৰ মানুহে গৰু-ম’হৰ গোবৰ চালনীৰে চালি পোৱা চাউলৰ ভাতো খায় ৷ কিমধিকম্ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArticlesDictatorshipGuwahatiKanak Sen DekaParliament Attack
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d