Horoscope:দিনটোৰ ৰাশিফল
মেষ: পৰিৱেশত কিছু খেলি-মেলি থাকিব। খুব নিশ্চিন্তে থকাতকৈ সতর্ক হৈ কাম-কাজত মন ৰাখিব। ভ্রমণ আদিতো কষ্ট পোৱাৰ সম্ভাৱনা। আর্থিকত মধ্যম। শুভ ৰং ৰঙা, শুভ সংখ্যা ৯।
বৃষ: কোনো কথাত মানসিক অন্তর্দ্বন্দ্বত ভোগাৰ সম্ভাৱনা। পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে। প্রেম-প্রীতিত তেনে বাধা নাই। দাম্পত্যত একেবাৰে নিৰাশ নহয়। হালধীয়া শুভ ৰং। শুভ সংখ্যা ১।
মিথুন: প্রিয় সংগৰ লগত মন ভাল লাগিব। আর্থিকত মজলীয়া ফল পাব। ঘৰুৱা শান্তি ব্যাহত নহয়। নতুন সংবাদত চিন্তিত। কোনোৱে বৈবাহিক যোগাযোগ কৰিব পাৰে। শুভ ৰং মাটিয়া, শুভ সংখ্যা ২।
কর্কট: কর্মস্থানত কোনো কাৰণে কিছু উদ্বেগ দেখা যায়। মতান্তৰ আদিৰো কাৰক। কোনো সংবাদ আৰু যোগাযোগত সামান্য সুখ। বিদ্যাত মজলীয়া শুভ বং ক’লা, শুভ সংখ্যা ৭।
সিংহ: আজি কিছু উন্নত। কর্মস্থানত পূৰ্বৰ তুলনাত অনুকূল। নিজৰ বাঞ্ছিত আশা পূৰণৰ আশা দেখিব পাৰে। আর্থিক কঠিনতা বিশেষ নাপাব। শৰীৰ মধ্যম। শুভ ৰং নীলা, শুভ সংখ্যা ৮।
কন্যা: শৰীৰ তথা মানসিক উদ্বেগ আদিত ভুগিব পাৰে। ভাই-ভনীৰ বাবে দুশ্চিতা আঁতবিব। কর্মস্থানত উদ্বেগ। শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা 81
তুলা: আজিৰ দিনটো মধ্যম বুলি ধৰিব পাৰে। সংযোগ বা সমস্যাৰ উন্নতি দেখিব। কিছুমান নিশ্চিত ফলৰ আশাত নিজে মন কৰা আঁচনিত খ্যাতি লাভ কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৫।
ধনু: অম্বিৰতাৰ কাৰক। আৰ্থিকত সফলতা কম পাব। কোনো সংবাদত মিশ্রিত ফল। বিয়া-বাৰুৰ চেষ্টা কৰোতেই কিছু বাধা পাব। স্ব-ব্যৱসায় আদিত নিৰাশ হ’ব নালাগিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭।
বৃশ্চিক: শুভ সংযোগ। কর্মাদিত উৎসাহ পাব। কোনো ব্যক্তিগত কাৰণত কৰা অভিযান কিছু দূৰ আশাপ্রদ। শিল্পী, অভিনেতাৰ সুফল। প্রেম-প্রীতিত কিছু চিন্তা। বেঙুনীয়া শুভ। শুভ সংখ্যা ৯।
মকৰ : কর্মস্থানত নিজৰ মতবাদৰ ওপৰত প্রাধান্য দিয়ক। আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। মামলা-মোকদমাত জড়িত হ’ব পাৰে। শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ৪।
কুন্ত: শৰীৰ আৰু পাৰিপর্শ্বিক প্রায় অনুকূল। আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ’ব। য’তে, ত’তে পৰাপক্ষত একো মন্তব্য নিদিব। ব্যবসায়ত শুভ। শুভ ৰং আকাশী, শুভ সংখ্যা ৪।
মীন: আর্থিক উন্নতিৰ বাবে কিছু যত্নত থাকক। বিদ্যাত তেনে আহুকাল দেখা নাযায়। ঘৰুৱা উন্নতিৰ প্ৰচেষ্টা। প্রেম-প্রীতিত মধ্যম মনোযোগ। মাটি- বাৰীৰ নতুন পৰিকল্পনা। হালধীয়া শুভ ৰং, শুভ সংখ্যা ৩।