5.8 million Liters Of Liquor Consumed in Assam In 11 Months:১১ মাহত অসমত সুৰাপান ৫৮ লাখ লিটাৰ

অসমৰ সুৰাপায়ীয়ে চহকী কৰিছে মহাৰাষ্ট্ৰৰ অর্থনীতি, কেবল গুৱাহাটীতে ২৩ লাখ লিটাৰ সুৰা বিক্ৰী, অসমৰ সুৰাপায়ীৰ পছন্দৰ শীৰ্ষত হুইস্কি, দ্বিতীয় স্থানত বীয়েৰ

wine

5.8 million Liters Of Liquor Consumed in Assam In 11 Months:

নিয়মীয়াকৈ সুৰাপান কৰি ৰাজ্যৰ লক্ষ লক্ষ সুৰাপায়ীয়ে কেৱল অসমৰে নহয়, মহাৰাষ্ট্ৰৰ অৰ্থনীতিও টনকিয়াল কৰাত আগবঢ়াইছে অনবদ্য অৰিহণা।
অসমৰ সুৰাপায়ীৰ স’তে মহাৰাষ্ট্ৰৰ অৰ্থনীতিৰ সম্পৰ্ক ক’ত বুলি প্ৰশ্নৰ উদ্রেক হ’ব পাৰে যদিও বাস্তব ক্ষেত্রত এয়াই সত্য যে মহাৰাষ্ট্ৰৰ অৰ্থনীতি টনকিয়াল কৰাত অসমৰ লাখ লাখ সুৰাপায়ীয়ে নিয়মীয়াকৈ আগবঢ়াই আহিছে অৰিহণা।

লক্ষ্যণীয় যে সমগ্র দেশতে বিক্রী হোবা দেশত প্রস্তুত বিদেশী সুৰা (আইএমএফএল)ৰ ৯০ শতাংশ উৎপাদন কৰে মহাৰাষ্ট্ৰই এবছৰতে প্রায় ১.৬ কোটি লিটাৰ সুৰা উৎপাদনৰে সমগ্র দেশতে আইএমএফএল সুৰাৰ চাহিদা পূৰণ কৰি আহিছে মহাৰাষ্ট্ৰই। দেশৰ আন ৰাজ্যৰ লগতে সুৰাপায়ীৰ সংখ্যাধিকাৰে ভৰপূৰ অসমলৈও নিয়মীয়াকৈ বিদেশী সুৰা যোগান ধৰি মহাৰাষ্ট্ৰই অসমৰ পৰা প্ৰতিদিনে উলিয়াই নিবলৈ সক্ষম হৈছে কোটি কোটি টকাৰ ৰাজহ। এই হিচাপত অৱশ্যে ধৰা হোৱা নাই অসমত বিক্রী হোৱা দেশীয় সুৰাৰ পৰিমাণ।

উল্লেখ্য যে দেশৰ ভিতৰতে সুৰাপায়ীৰ সংখ্যাবে অন্যতম বৃহৎ উপভোক্তা বাজ্য অসমত বিগত ২০২৩ত নবেম্বৰলৈকে অর্থাৎ ১১ মাহত সুৰাপায়ীয়ে সেৱন কৰিছে ৫৭.৯ লাখ লিটাৰ সুৰা। ৰাজ্যৰ আবকাৰী বিভাগে প্রকাশ কৰা তথ্য মতে, ১১ মাহতে ৫৭.৯ লাখ লিটাৰ সুৰা সেৱন কৰা অসমে এই বৃহৎ পৰিমাণৰ সুৰাৰ মূল্যৰ বাবদ মহাৰাষ্ট্ৰক আদায় দিবলগীয়া হৈছে ৰাজ্যখনৰ অর্থনীতি টনকিয়াল কৰিব পৰা জোখাৰে এক বৃহৎ অংকৰ ধন।

নিঃসন্দেহে অসমৰ সুৰাপায়ীয়ে নিয়মীয়াকৈ সুৰা সেৱন কৰি ৰাজ্যৰ বাজকোষলৈও আবকাৰী ৰাজহ প্রদান কৰি অসমৰ অর্থনীতি টনকিয়াল কৰাত অন্যতম ভূমিকা গ্রহণ কৰিছে যদিও সমান্তৰালকৈ অসম, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, দিল্লী আদিৰ দৰে কে’বাখনো ৰাজ্যৰ সুৰাপায়ীয়ে নিয়মীয়াকৈ মহাৰাষ্ট্ৰৰ অৰ্থনীতি দেশৰ ভিতৰতে শক্তিশালী কৰি গঢ়ি তোলাত আগবঢ়াই আহিছে বিশেষ ভূমিকা।

লক্ষ্যণীয় যে অসমত বিগত ২০২৩ৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈকে এই ১১ মাহত বিক্রী হোৱা ৫৭.৯ লাখ লিটাৰ সুৰাৰ ভিতৰত আকৌ সর্বাধিক সংখ্যক বিক্রী হৈছে কেবল গুৱাহাটীত। আবকাৰী বিভাগৰ মতে, গুৱাহাটীত বিগত বৰ্ষৰ ১১ মাহত বিক্ৰী হৈছিল ২৩,১৬৬,৩৪০.৩০ লিটাৰ সুৰা। উল্লেখ্য যে সুৰাৰ এটা বটলত থকা ‘লগুন প্রুফ লিটাৰ’ (এলপিএল)’ সুৰাৰ প্ৰকৃত পৰিমাণ হ’ল ৭৫০ মিলিলিটাৰ। প্রতি বটলত ৭৫০ মিলিলিটাৰকৈ সুৰা থকা মুঠতে ১২ টা বৃটলৰে একোটা কেচ বাণ্ডিল কৰা হয় আৰু সেই সূত্রে একোটা কেচত থাকে মুঠতে ন লিটাৰকৈ সুৰা।

উল্লেখ্য যে বিগত বৰ্ষটোত গুৱাহাটীত বিক্রী হোৱা মুঠ সুৰাৰ ভিতৰত সর্বাধিক বিক্রী হোৱা সুৰা আছিল হুইস্কি। গুৱাহাটীত বছৰটোত বিক্রী হোৱা হুইস্কিৰ পৰিমাণ আছিল ১.২ লাখ লিটাৰ। হুইস্কিৰ পাছতে প্রায় ৫০.৯ লাখ লিটাৰ বীয়েৰ বিক্ৰী হৈছিল গুৱাহাটীত। ইফালে, সমগ্র বাজ্যখনতে বিগত ১১ টা মাহত বিক্রী হোৱা ৫৭.৯ লাখ লিটাৰ সুবাৰ ভিতৰত সর্বাধিক সংখ্যক ৯.২ লাখ লিটাৰ অৰ্থাৎ ১,০৩,৯০,৪৩৮ কেচ আছিল কেৱল হুইস্কি।

অর্থাৎ গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যখনতে সুৰাপায়ীসকলৰ মাজত সর্বাধিক জনপ্রিয় পানীয় আছিল হুইস্কি। একেদৰে ৰাজ্যখনত বিগত ১১ টা মাহত বিক্রী হৈছিল ৪৮,৯৩,৮৬৩ কেচ ধীয়েৰ। বিক্ৰীৰ দিশেৰে বীয়েৰৰ স্থান দ্বিতীয়ত থাকিলেও এইটো কথা ঠিক যে অসমত কেৱল গ্রীষ্মৰ দিনকেইটাতহে বীয়েৰৰ বিক্ৰী বৃদ্ধি পায়।

দেশৰ ছখন ৰাজ্য ক্রমে মণিপুৰ, লাক্ষাদ্বীপ, বিহাৰ, গুজৰাট, মিজোৰাম আৰু নগালেণ্ডত সুৰা বিক্রীত নিষেধাজ্ঞা আৰোপ কৰা আছে। এই ৰাজ্যকেইখনক বাদ দিলে আন ৰাজ্যসমূহৰ তালিকাত সুৰা বিক্রী তথা সুৰাপায়ী হাৰবে অসমৰ ভূমিকাও অন্যতম। সৰ্বভাৰতীয় পৰ্যায়ত সুৰা ব্যৱহাৰকাৰীৰ পৰিমাণ হ’ল ১৮.৭ শতাংশ। ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষা- পাঁচত প্রকাশিত তথ্য মতে, দেশৰ ভিতৰতে সংখ্যাৰ হাৰৰে সৰ্বাধিক সংখ্যক সুৰাপায়ীৰ ৰাজ্য হ’ল অৰুণাচল। য’ত ৫৩ শতাংশ পুৰুষ আৰু ২৪ শতাংশ মহিলাই সুৰাপান কৰে। ইয়াৰ বিপৰীতে লাক্ষাদ্বীপ আৰু গুজৰাটত দেশৰ ভিতৰতে সুৰাপায়ীৰ সংখ্যা সর্বনিম্ন। ইফালে, মহিলা সুৰাপায়ীৰ সংখ্যাৰে দেশৰ শীৰ্ষৰ পাঁচখন ৰাজ্যৰ ভিতৰত তিনি নম্বৰ স্থানত আছে অসম।

ৰাজ্যখনত মহিলা সুৰাপায়ীৰ হাৰ হ’ল ৫.৫ শতাংশ। ‘অল ইণ্ডিয়া ৱাইন প্রডিউচাৰ্ছ এছ’চিয়েছন’-এ প্রকাশ কৰা তথ্য মতে বিগত ২০২৩ত মহাৰাষ্ট্রৰ সুৰা নিৰ্মাতা
কোম্পানীসমূহে প্রায় ২০ হেজাৰ মেট্রিক টন আঙুৰৰ ৰস উলিয়াই প্রস্তুত কৰিছিল ১.৪ কোটি লিটাৰ সুৰা। পূৰ্বতকৈ বহুলাংশে বৃদ্ধি পাইছিল সুৰা উৎপাদনৰ হাৰ। ৰাজ্যখনত প্ৰায় ৪০ৰ পৰা ৪৫ টা সুৰা উৎপাদনকাৰী প্রতিষ্ঠান আছে।

ইয়াৰে ভিতৰত ১৫ৰ পৰা ২০ টা গোটে পোনপটীয়াকৈ বজাৰলৈ উৎপাদন প্ৰেৰণ কৰাৰ বিপৰীতে বাকীকেইটা কোম্পানী হ’ল প্রস্তুতকর্তাহে। আশ্চর্যজনক যে ইয়াৰে ৬৫ শতাংশ ব্যৱসায় হ’ল কেবল মহাৰাষ্ট্ৰৰ। ৰাজ্যখনৰ নাচিকত আছে সর্বাধিক সংখ্যক সুৰা উৎপাদনকাৰী প্রতিষ্ঠান

সমগ্র দেশৰ সুৰা উদ্যোগৰ ব্যৱসায়ৰ মুঠ পৰিমাণৰ যিহেতু ৬৫ শতাংশই মহাৰাষ্ট্রৰ সেয়েহে এই কথা স্পষ্ট যে অসমৰো লাখ লাখ সুৰাপায়ীয়ে এবছৰতে ৫৭ লাখ লিটাৰ পৰ্যন্ত সুৰাপান কৰি পৰোক্ষভাবে চহকী কৰি আহিছে মহাৰাষ্ট্রৰ অর্থনীতিক।

Exit mobile version