List Of Possible Congress Candidate:বিৰোধীৰ উমৈহতীয়া মঞ্চৰ সম্ভাব্য প্ৰাৰ্থী তালিকা

নগাঁৱত গৌৰৱ ইন ,প্ৰদ্যুৎ আউট, ডিব্ৰুগড়ত লুৰিণ, বৰপেটাত প্ৰদ্যুৎ

bhupen bora 3

List Of Possible Congress Candidate:

কংগ্ৰেছৰ যুৱৰাজ ‘‘ভাৰত জোড়ো ন্যায় যাত্ৰা’’ৰ অন্ত পৰা পিছতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ উমৈহতীয়া মঞ্চৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পাইছে ৷ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে অসম প্ৰদেশ কংগ্ৰেছে ৰাজ্যৰ বিৰোধী জোঁটৰ সম্ভাব্য তালিকা প্ৰস্তুত কৰিছে ৷

কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা ১৩ টাকৈ দলৰ বিৰোধী দলৰ উমৈহতীয়া মঞ্চৰ সাম্ভাব্য প্ৰাৰ্থী তালিকা অনুসৰি তৃণমুল কংগ্ৰেছক দিয়া হৈছে দুখন ৷ ইয়াৰ বিপৰীতে আপ আৰু অসম জাতীয় পৰিষদক দিয়া হৈছে এখনকৈ আসন ৷

আগন্তুক লোকসভাত নিৰ্বাচনত ডিব্ৰুগড় আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈয়ে। গুৱাহাটী আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম আপৰ সমন্বয়ক ভৱেন চৌধুৰীয়ে।

আনহাতে যোৰহাটৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব অসম বিধান সভাৰ বিৰোধী দলপতি দেব্ৰৱত শইকীয়াই। পূৰ্বৰ কলিয়াবৰ বৰ্তমান কাজিৰঙাৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা সৰুপথাৰৰ প্ৰাক্তন বিধায়িকা ৰজলিনা তিৰ্কিয়ে।

ইপিনে, বৰ্তমান কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে নতুনকৈ নামাকৰণ হোৱা সমষ্টি কাজিৰঙাৰ বিপৰীতে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব নগাঁও লোকসভা সমষ্টিত ৷

লখিমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন সাংসদ ৰাণী নৰহে । অৱশ্যে সমষ্টিটোত নৰহে প্ৰতিদ্বন্দ্ব্বিতা নকৰিলে প্ৰতিদ্বন্দ্ব্বিতা কৰিব পাৰে উদয় শংকৰ হাজৰিকাই । কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ন- কংগ্ৰেছী প্ৰবীণ বড়োয়ে।

ইফালে, কাৰ্বি আংলং লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছৰ জয়ৰাম ইংলেঙে।

উল্লেখ্য যে, নগাঁৱৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নগাঁৱৰ পৰিৱৰ্তে বৰপেটাৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াব ৷

মনকৰিবলগীয়া যে, আজমলৰ অভেদ্য দুৰ্গৰূপে পৰিচিত ধুবুৰীত প্ৰতিদ্বন্দ্ব্বিতা কৰিব কংগ্ৰেছৰ বিধানসভাত বিৰোধী উপ- দলপতি ৰকিবুল হুছেইনে।
কৰিমগঞ্জ সংসদীয় সমষ্টিৰ প্ৰাৰ্থীৰূপে দুজনৰ নাম তালিকাভূক্ত হৈছে ৷ তেওঁলোক হ’ল অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম আৰু হাফিজ ৰচিদ আহমেদ চৌধুৰী ৷ শিলচৰ আসন খন দিয়া হয় তৃণমূল কংগ্ৰেছক ৷

তেজপুৰ আসনত প্ৰতিদ্বন্দ্ব্বিতা কৰিব টিএম চিৰ সভাপতি ৰিপুন বৰাই ৷ যদি এই সমষ্টিত ৰিপুণ বৰাই নিৰ্বাচন নেখেলে ৷ তেন্তে নিৰ্বাচনত অৱতীৰ্ণ হ’ব কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘটোৱাৰ।

উল্লেখযোগ্য, বিৰোধীৰ উমৈহতীয়া কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থী তালিকাত আসন দিয়া নাই হোৱা নাই অখিল গগৈৰ ৰাইজৰ দল আৰু চিপিআই (এম)ক ৷

অথচ চিপিআই (এম)য়ে বৰপেটা আসন খনত প্ৰতিদ্বন্দ্ব্বিতাৰ বাবে কংগ্ৰেছৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছিল ৷ আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সম্ভাব্য প্ৰাৰ্থী তালিকা খনৰ সন্দৰ্ভত কোনো মন্তব্য আগবঢ়োৱা নাই যদিও ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হৈছে সম্ভাব্য প্ৰাৰ্থী তালিকা ৷

Exit mobile version