Champai Soren Sworn In As Jharkhand Cm:
হেমন্ত চোৰেনক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ দুদিন পিছত শুক্ৰবাৰে ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুৰব্বী শিবু চোৰেনৰ ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত চম্পাই চোৰেনে সপ্তম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাঁচীৰ ৰাজভৱনত অনুষ্ঠিত অনুষ্টুপীয়া শপত গ্ৰহণ অনুষ্ঠাত চম্পাই চোৰেনক মুখ্যমন্ত্ৰী ৰূপে আৰু আন আন মন্ত্ৰী সকলক শপতবাক্য পাঠ কৰায় ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে ৷
উল্লেখ্য যে,জেএমএমৰ সভাপতি শিবু সোৰেনৰ আনুগত্যশীল ৰাজ্যৰ তদানীন্তন পৰিবহণ মন্ত্ৰী চম্পাই নব্বৈৰ দশকত পৃথক ঝাৰখণ্ড ৰাজ্য গঠনৰ দীৰ্ঘদিনীয়া যুঁজত আগবঢ়োৱা অৱদানৰ বাবে “ঝাৰখণ্ডৰ বাঘ” নামেৰে পৰিচিত।
উল্লেখ্য যে,বুধবাৰে হেমন্ত চোৰেনে পদত্যাগ কৰাৰ পিছত ৰাজ্যখনত ৰাজনৈতিক অনিশ্চয়তাৰ মাজতে ৰাজ্যপালক চৰকাৰ গঠনৰ দাবী অতি সোনকালে মানি ল’বলৈ জেএমএমৰ বিধায়িনী দলৰ নেতা চম্পাই চোৰেনে আহ্বান জনোৱাৰ কিছু ঘণ্টাৰ পাছতেই ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে বৃহস্পতিবাৰে চম্পাই চোৰেনক মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰি শপত গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাই।
মনকৰিবলগীয়া যে,মুখ্যমন্ত্ৰীৰ পদত্যাগৰ ২৪ ঘণ্টা পাৰ হ’ল যদিও নতুনকৈ চৰকাৰ গঠনৰ বাবে বৃহস্পতিবাৰে নিশা পর্যন্ত আমন্ত্রণ নাপালে জেএমএম, কংগ্ৰেছ, আৰজেডি,চিপিআই (এমএল) মিত্রজোঁটে।
বুধবাৰে যোৱা নিশা ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেণে পদত্যাগ কৰাৰ পাছতে তেওঁক ভূমি জালিয়াতিৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ লগে লগে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্রী পদৰ বাবে জেএমএম মিত্রজোঁটে চম্পাই চোৰেণৰ নাম-প্রস্তাব কৰিছিল।
বুধবাৰে নিশাই চম্পাইৰ নেতৃত্বত মিত্রজোঁটৰ সংখ্যাগৰিষ্ঠ বিধায়কে বাজভৱনলৈ গৈ চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিছিল; কিন্তু বৃহস্পতিবাৰে নিশা পর্যন্ত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে নতুনকৈ চৰকাৰ গঠন কৰিবলৈ নিমন্ত্রণ জনোৱাৰ পৰা বিৰত আছিল জেএমএম মিত্রজোঁটক।
চম্পাই চোৰেণে বৃহস্পতিবাৰে পুনৰ ৪৩ জন বিধায়কক লগত লৈ ৰাজভৱনলৈ যায়। ৰাজভৱনত জেএমএম মিত্রজোঁটৰ ৪৩ জন বিধায়কক শাৰী পাতি থিয় কৰাই এজন এজনকৈ চিনাকি কৰাই দিয়ে যদিও তাৰ পাছতো ৰাজভৱনৰ পৰা কোনো সদুত্তৰ নাপালে।
স্বাভাৱিকতে সন্দেহ-সংশয়ত ভোগা জেএমএম মিত্রজোঁটে বিজেপিৰ চক্ৰান্তৰ বলি হোৱাৰ আশংকাত বিজেপি বিৰোধী মহাজোঁটৰ বিধায়কসকলক দুখনকৈ চার্টার্ড বিমানেৰে বৃহস্পতিবাৰে নিশা কংগ্রেছ শাসিত তেলেংগানাৰ ৰাজধানী হায়দৰাবাদলৈ প্ৰেৰণ কৰে।
ইফালে, ৰাজ্যপালক সাক্ষাতৰ অন্তত চম্পাই চোৰেণে কয়, ‘আমি ৪৩ জন বিধায়ক ঐক্যবদ্ধ হৈ আছো।’ চৰকাৰৰ সমর্থক আন চাৰিজন বিধায়ক ক’লৈ গৈছে, সেই সন্দর্ভত অৱশ্যে কোনো কথা সদৰী কৰাৰ পৰা বিৰত থাকে চোৰেণ।
উল্লেখ্য যে ঝাৰখণ্ডত নতুনকৈ চৰকাৰ গঠনৰ বাবে জেএমএম মিত্রজোঁটক ৰাজ্যপালে আমন্ত্রণ জনোৱাৰ পৰা বিৰত থকাত স্বাভাৱিকতে বিজেপি বিৰোধী শিবিৰে শংকা প্রকাশ কৰিছে যে হয়তো উত্তৰাখণ্ড, অৰুণাচল, কর্ণাটক, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ দৰে বিধায়ক কিনা-বেচাৰ চক্রান্ত আৰম্ভ হৈছে।
সেই সূত্রে নির্দিষ্ট সংখ্যক বিধায়কৰ সমৰ্থন পত্র জমা দিয়াৰ পাইতো ৰাজ্যপালে চম্পাই চোৰেণক চৰকাৰ গঠনৰ বাবে আমন্ত্রণ দিয়াৰ পৰা বিৰত আছিল ৰাজ্যপাল । ইয়াৰ পূৰ্ণ সুযোগ গ্রহণ কৰিব পাৰে-বিজেপি শিবিৰে।
ভূমি জালিয়াতি আৰু কয়লা আৰু খনন কেলেংকাৰিৰ গোচৰত ইডিয়ে গ্রেপ্তাৰ কৰা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী হেমন্ত চোৰেণক বুধবাৰে নিশা গ্রেপ্তাৰৰ পাছতে তেওঁ ইডিৰ বিৰুদ্ধে ঝাৰখণ্ড উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আজি ৰাঁচীৰ বিশেষ আদালতত চোৰেণক হাজিৰ কৰোৱা হয়।
ইডিয়ে প্রাক্তন মুখ্যমন্ত্রীজনক ১০ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰে যদিও বিশেষ আদালতে ইডিৰ আবেদনৰ ওপৰত কোনো ধৰণৰ নিৰ্দেশ দিয়াৰ পৰা বিৰত থাকি বৃহস্পতিবাৰৰ নিশাটো চোৰেণক কাৰাগাৰত ৰখাৰ নির্দেশ দিয়ে।
উল্লেখ্য যে,বৃহস্পতিবাৰে হেমন্ত চোৰেনে তেওঁৰ গ্রেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। প্রাক্তন মুখ্যমন্ত্রীজনৰ আবেদনৰ ওপৰত শুক্ৰবাৰে শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি বাই চন্দ্রচূড় নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে
হেমন্ত ছোৰেনৰ আবেদন নাকচ কৰে ৷ চোৰেনক উচ্চ ন্যায়ালয়লৈ যাবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ৷ উল্লেখ্য যে হেমন্ত চোৰেণৰ বিৰুদ্ধে ৬০০ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ তুলি গোচৰ ৰুজু কৰিছে ইডিয়ে।
বৃহস্পতিবাৰে চোৰেণে তেওঁৰ গ্রেপ্তাৰক প্ৰত্যাহ্বান জনাই পোনতে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল যদিও পাছত সেই আবেদন প্রত্যাহাৰ কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। আবেদনত ইডিৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ তুলিছে চোবেণে। তেওঁ দাবী কৰে যে ৰাজ্যখনৰ গণতান্ত্রিকভাবে নিৰ্বাচিত চৰকাৰক অস্থিৰ কৰি তোলাৰ বাবে তেওঁক গ্রেপ্তাৰ কৰা হৈছে।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ ৰায় অহা পর্যন্ত ৰাচীৰ বিশেষ আদালতে বৃহস্পতিবাৰে ৰায় সংৰক্ষণ ৰাখি নিশাটো কাৰাগাৰত থাকিবলৈ নির্দেশ দিয়াৰ সূত্রে বৃহস্পতিবাৰে হেমন্ত চোৰেণক ৰাঁচীৰ কাৰাগাৰত ৰখোৱা হয় ।
আনহাতে, ঝাৰখণ্ডৰ ৰাজনৈতিক পৰিস্থিতিৰ মাজত ৰাজ্য খনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ লোৱা চম্পাই চোৰেনৰ ৰাজনৈতিক পৰিক্ৰমা দীঘলীয়া ৷ চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক উত্তীৰ্ণ ৭৬ বৰ্ষীয় চম্পাই চোৰেনে কম বয়সতে বিবাহপাশত আবদ্ধ হোৱাৰ লগতে তেওঁৰ চাৰিজন পুত্ৰ আৰু তিনিগৰাকী কন্যা সন্তান আছে।
১৯৯১ চনত ঝাৰখণ্ডৰ শৰাইকেলাৰ আসনৰ পৰা উপ-নিৰ্বাচনৰ যোগেদি নিৰ্দলীয় বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলে । চাৰিবছৰ পিছত জেএমএমৰ টিকটত শৰাইকেলাৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিৰ পঞ্চু টুডুক পৰাস্ত কৰে।
২০০০ চনৰ বিধানসভা নিৰ্বাচনত একেটা সমষ্টিৰ পৰা বিজেপিৰ অনন্ত ৰাম টুডুৰ হাতত পৰাস্ত হৈছিল। তাৰ পৰৱৰ্তী সময়ত ২০০৫ ত বিজেপিৰ প্ৰাৰ্থীক মাত্ৰ ৮৮০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি তেওঁ পুনৰ হেৰুৱা আসনখন দখল কৰে।
পৰৱৰ্তী ২০০৯, ২০১৪ আৰু ২০১৯ ৰ বিধানসভা নিৰ্বাচনত একাদিক্ৰমে চম্পাই চোৰেনে জয়লাভ কৰে । ইয়াৰ মাজতে ২০১০ ত ছেপ্টেম্বৰৰ পৰা ২০১৩ জানুৱাৰী মাহলৈ অৰ্জুন মুণ্ডাৰ নেতৃত্বাধীন বিজেপি চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০১৯ চনত হেমন্ত চোৰেনে জেএম এম চৰকাৰ গঠন কৰাত নতুন মন্ত্ৰী সভাত খাদ্য আৰু অসামৰিক যোগান আৰু পৰিবহণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।