West karbianglong:বগা হাতীত পৰিণত হোৱা কোটি টকীয়া জলসিঞ্চন প্ৰকল্পৰ যন্ত্ৰপাতি অন্তৰ্ধান পশ্চিম কাৰ্বি আংলঙত

non development

West karbianglong:

বগা হাতীত পৰিণত হোৱা কোটি টকীয়া জলসিঞ্চন প্ৰকল্পৰ যন্ত্ৰপাতি ৰহস্যজনকভাৱে অন্তৰ্ধান পশ্চিম কাৰ্বি আংলঙত । উল্লেখ্য যে খেৰণি জলসিঞ্চন বিভাগৰ অন্তৰ্গত অসম চৰকাৰৰ পুঁজিৰে দৈয়াংমুখৰ কালীঘাটত কপিলী নৈৰ পাৰত বৃহত্তৰ দৈয়াংমুখ, বাগিছাডুবি, হাৱাইপুৰ, খেৰলাজান আদি অঞ্চলৰ চহা কৃষকক উপকৃত কৰা আৰু স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে কে’বা কোটি টকা ব্যয় কৰি বৃহৎ জলসিঞ্চন প্ৰকল্প স্থাপন কৰিছিল।

বৃহত্তৰ অঞ্চলৰ কৃষকৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমিত পানীৰ সমস্যা দূৰ কৰাৰ লক্ষ্যৰে স্থাপন কৰা প্ৰকল্পটোৰ পানী প্ৰথমাস্থাত কৃষক ৰাইজে লাভ কৰিছিল ঠিকেই, কিন্তু পৰৱৰ্তী সময়ত সুদীৰ্ঘ বছৰ ধৰি বিকল হৈ আছিল প্ৰকল্পটো। আনহাতে বিকল প্ৰকল্পটোক চৰকাৰে পুনৰুজ্জীবিত কৰাৰ বিপৰীতে শেহতীয়াকৈ ইয়াৰ সম্পূর্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গ’ল প্ৰকল্পটোৰ ক্ষেত্ৰত।

ইতিমধ্যে প্ৰকল্পটোৰ পৰা যন্ত্ৰপাতি, পাইপ, শ্লোইচ গেট আদি ৰহস্যজনকভাৱে অন্তৰ্ধান অৰ্থাৎ অদৃশ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু সংঘটিত হোৱা এই ঘটনাই শেহতীয়াকৈ কৃষক ৰাইজৰ মাজত ৰহস্য আৰু হাহাকাৰ সৃষ্টি কৰাৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

কোনো এপদ মূল্যবান সামগ্ৰী নথকা অৰ্থাৎ সম্প্ৰতি উদং হৈ থকা প্ৰকল্পটোত চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান আৰু দৃষ্টি নিক্ষেপ কৰাৰ বিপৰীতে প্রকল্পটোৰ গেটত তলা ওলমাই “বিনা অনুমতিত প্ৰৱেশ দণ্ডনীয়” বুলি উল্লেখ কৰি এখন ফলক আৰি থোৱাহে দেখিবলৈ পোৱা গৈছে। কিন্তু প্ৰশ্ন হল কোনে, কিয় আৰু ক’ত লৈ গ’ল এইসমূহ যন্ত্ৰপাতি ?

Exit mobile version