Supreme Court Has Declared The Electoral Bond Scheme Unconstitutional: ইলেক্ট’ৰেল বণ্ডক অসাংবিধানিক আখ্যা সৰ্বোচ্চ ন্যায়ালয়ৰ

আৰোপ কৰে নিষেধাজ্ঞা, এছ বি আয়ে ১২ এপ্ৰিল ২০১৯ৰ পৰা তথ্য ৰাজহুৱা কৰিব লাগিব, নিৰ্বাচন আয়োজক তথ্য এছ বি আইয়ে দিয়া তথ্য জনাব লাগিব

sc

Supreme Court Has Declared The Electoral Bond Scheme Unconstitutional:

দেশৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ থকা অৱস্থাত ইলেক্ট’ৰেল বণ্ডক লৈ সৰ্বোচ্চ ন্যায়ালয়ে লয় এক ঐতিহাসিক সিদ্ধান্ত ৷ ন্যায়ালয়ে ইলেক্ট’ৰেল বণ্ড আঁচনিক অসাংবিধানিক আখ্যা দিয়াৰ লগতে ইয়াৰ ওপৰত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰে ৷

এই সন্দৰ্ভত ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কয়,ইলেক্ট’ৰেল বণ্ড ভোটাৰ এজনে জানিব লগাটো তেওঁৰ অধিকাৰ ৷একেদৰে ৰাজনৈতিক দল সমূহৰ ফাণ্ডিঙৰ বিষয়ে ভোটাৰে তথ্য জনাৰ অধিকাৰ ভিতৰত জানিব পাৰিব লাগিব ৷ চৰকাৰৰ হাতলৈ টকা কোন উৎসৰ পৰা আহে আৰু পৰৱৰ্তী সময়ত ক’লৈ যায় ৷ আনহাতে ন্যায়ালয়ে লগতে এইটোও স্পষ্ট কৰি দিয়ে যে বেনামী নিৰ্বাচনী বণ্ড তথ্য অধিকাৰ আৰু অনুচ্ছেদ 19(1)(A)ৰ উলংঘন। এনেক্ষেত্ৰত বণ্ড কিনাসকলৰ তালিকা ৰাজহুৱা কৰিব লাগিব নিৰ্বাচন আয়োগে

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধানপীঠে ৰায় প্ৰদান কৰি এছ বি আয়ে ১২ এপ্ৰিল ২০১৯ৰ পৰা তথ্য ৰাজহুৱা কৰিব লাগিব। একেদৰে এছ বি আইয়ে এই তথ্য নিৰ্বাচন আয়োগক দিব লাগিব আৰু নিৰ্বাচন আয়োগে এই তথা প্ৰকাশ কৰিব।

উল্লেখ্যোযে,উচ্চতম ন্যায়ালয়ে ইলেক্ট’ৰেল বণ্ড আঁচনিৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি আজি এই ৰায় প্ৰদান কৰে ।

স্মতৰ্ৱ্য যে,যোৱাবৰ্ষৰ নৱেম্বৰত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁজনীয়া খণ্ডপীঠে এই গোচৰৰ শুনানী গ্ৰহণ কৰি তিনিদিন ধৰি সকলোৰে মতামত শুনাৰ পিছত গোচৰটোৰ সিদ্ধান্ত সুৰক্ষিত ৰাখিছিল ৷

মনকৰিবলগীয়া যে,গোচৰটো সন্দৰ্ভত আবেদনকাৰীয়ে সৰ্বোচ্চ ন্যায়ালয়ত যুক্তি দাঙি ধৰিছিল যে ইলেক্ট’ৰেল বণ্ড আঁচনিয়ে সংবিধানৰ অনুচ্ছেদ 19(1)ৰ অধীনত নাগৰিকৰ তথ্য আৰু মৌলিক অধিকাৰ উলংঘা কৰাৰ লগতে এই ব্যৱস্থাই ভ্ৰষ্টাচাৰক উৎসাহিতহে কৰিব ৷

অৱশেষত ন্যায়লয়ে আবেদনকাৰীৰ সপক্ষে ৰায় প্ৰদান কৰি ভোটাৰক বেনামী নিৰ্বাচনী বণ্ড জনাৰ অধিকাৰ সুৰক্ষিত ৰাখে ৷

Exit mobile version