Silsako:শিলসাঁকোত মন্ত্রী-বিধায়কৰ গুণ্ডা বাহিনীৰ বলপূর্বক ভূমি দখলৰ চেষ্টাৰ অভিযোগ দুৰ্ভগীয়া মণিপুৰী মহিলাৰ

ধর্মেন্দ্র দলে-দেৱানন্দ পেগু বাহিনীয়ে ভূমি দখলৰ উদ্দেশ্যে চলাইছে আক্রমণ

women

Silsako:

ভূ-মাফিয়াৰ বিৰুদ্ধে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবীৰ মাজতে স্বয়ং চৰকাৰী পৃষ্ঠপোষকতাতে ভূ-মাফিয়া চক্রই ভয়- ভাবুকি, আক্রমণৰে বলপূর্বক ভূমি দখলৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

মহানগৰীৰ বৰবিল শিলসাঁকোত মন্ত্রী ডাঃ ৰণোজ পেগু আৰু বিধায়ক ভুবন পেণ্ডৰ গুণ্ডাবাহিনীয়ে এটা সেনা জোৱানৰ পৰিয়ালৰ ভূমি বলপূর্বক দখলৰ চেষ্টা অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষীৰ ওচৰ চাপিও কোনোধৰণৰ সুৰক্ষা লাভ নকৰাত শুক্ৰবাৰে ধর্ণাস্থলী চচলত উপস্থিত হৈ কান্দি কান্দি সহায় ভিক্ষা মগা ঘটনাই সকলোৰে চকু কপালত তোলে।

উল্লেখ্য যে পুনৰ সংস্থাপন আৰু উচিত ক্ষতিপূৰণৰ দাবীৰে চচলত শিলসাঁকোৰ উচ্ছেদ প্রতিৰোধী ৰাইজে অব্যাহত ৰখাৰ প্রতিবাদে শুক্ৰবাৰে চাৰিটা দিন অতিক্রম কৰে।

শুক্ৰবাৰে দুপৰীয়া প্ৰতিবাদস্থলীত এগৰাকী মহিলা উপস্থিত হৈ কান্দি কান্দি তেওঁলোকৰ মাটিখিনি মন্ত্রী ডাঃ পেগু আৰু বিধায়ক পেগুৰ নাম লৈ একাংশ লোকে দখলৰ চেষ্টা চলাইছে আৰু কালি পৰিয়ালটোৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে।

মহিলাগৰাকীৰ এই অভিযোগৰ পাছতে ধর্ণাস্থলীত থকা সকলো লোেক তেওঁৰ কাষ চপাত কান্দি কান্দি সহায়ৰ ভিক্ষা মাগে। মহিলাগৰাকীয়ে কয় যে তেওঁৰ স্বামী অশোক কুমাৰ সিং ভাৰতীয় সেনাত কৰ্মৰত। বিনয়া সিং নামৰ মহিলা গৰাকীয়ে সন্তানৰ স’তে মেগজিনৰ পূব শিৱনগৰৰ দুই নম্বৰ উপ-পথত নিজা ঘৰত বাস কৰে।

প্রায় আঢ়ৈ বছৰ পূর্বে পৰিয়ালটোৱে ৰাজকুমাৰ পেগু নামৰ লোকজনৰ পৰা ২৮ লাখ টকাৰ বিনিময়ত সংশ্লিষ্ট এক কঠা তিনি লেচা মাটি ক্ৰয় কৰি ঘৰ সাজি তাতে বাস কৰি আছে ৷ কিন্তু শেহতীয়াকৈ ধর্মেন্দ্র দলে আৰু দেৱানন্দ পেণ্ডৰ নেতৃত্বত এটা দলে তেওঁলোকৰ ভূমিখিনি দখলৰ চেষ্টা অব্যাহত ৰাখিছে বুলি মহিলাগৰাকীয়ে উল্লেখ কৰি কালি এই ভূ-মাফিয়া চক্রটোৱে মহিলাগৰাকীক আক্রমণ কৰে বুলিও তেওঁ অভিযোগ কৰে।

এই ঘটনাৰ সন্দৰ্ভত মহিলাগৰাকীয়ে নুনমাটি আৰক্ষী থানাত কে’বাখনো এজাহাৰ দাখিল কৰাৰ উপৰি এদিন ১০০ ডায়েল কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছিল বুলি উল্লেখ কৰি এই ক্ষেত্ৰত আৰক্ষীৰ পৰা কোনোধৰণৰ নিৰাপত্তা লাভ কৰা নাই বুলি মন্তব্য কৰে।

অৱশ্যে অভিযোগ লাভ কৰি আৰক্ষী ঘৰলৈ আহে যদিও আক্রমণকাৰীসকলৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰে বুলি মহিলাগৰাকীয়ে মন্তব্য কৰি তেওঁলোকৰ মাটিখিনি ৰক্ষা কৰিবলৈ উচ্ছেদ প্ৰতিৰোধ ৰাইজক সহায় কৰিবলৈ কাকুতি-মিনতি কৰে।

Exit mobile version