Congress -Bpf Alliance:কলিতেই মৰহিলে কংগ্ৰেছে-বিপিএফৰ মিত্ৰতা

অহা সপ্তাহত প্ৰকাশ পাব বিপিএফৰ প্ৰাৰ্থী তালিকা, বিপিএফক সমৰ্থন দিব বিচাৰিলে দুৱাৰ খোলা আছেঃ ৰিহন

hagrama

Congress -Bpf Alliance:

বিগত দুদিন পূৰ্ৱে গুৱাহাটীৰ এখন গোপন হোটেলত কংগ্ৰেছ আৰু বিপিএফ দলৰ নেতা-কৰ্মীৰ মাজত হোৱা গোপন বৈঠকৰ বিষয়টো আজি মুকলিকৈ প্ৰকাশ কৰিলে বৈঠকত উপস্থিত দুই বিপিএফ নেতা ক্ৰমে ৰিহন দৈমাৰী আৰু দূৰ্গা দাস বড়োৱে।

আজি ওদালগুৰিত বিষয়টো সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত প্ৰাক্তন মন্ত্ৰী তথা বিপিএফ নেতা ৰিহন দৈমাৰীয়ে কয় ,”কংগ্ৰেছ দলটোৱে বিপিএফৰ সৈতে আলোচনা কৰাটো বিচাৰিছিল বাবে আমি আলোচনাত বহিছিলো।

কংগ্ৰেছ দলৰ নেতৃত্ব‌ই আমাক বিৰোধী গোটবন্ধনত চামিল হোৱাৰ প্ৰস্তাৱ দিছিল যদিও আমি একেমুখে এই প্ৰস্তাৱ নাকচ কৰিছো। আলোচনা কৰাটো কোনো ভুল কথা নহয়। আমি যিহেতু এটা সৰু দল, গতিকে আমি আমাৰ প্ৰাৰ্থীৰ সমৰ্থনত আলোচনাত বহাটো কোনো ভুল কথা নহয়।

যিহেতু আমি বিপিএফে নিজাবৱীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিম সেয়েহে আমাৰ প্ৰাৰ্থীগৰাকীক কেনেদৰে জয়ী কৰি আনিব পাৰো সেইটো চেষ্টা কৰিম। আমাৰ কাৰো লগত শত্ৰুতা নাই। আমাক কোনোৱাই সমৰ্থন দিব বিচাৰিলে আমি মানি লম। ইতিমধ্যে বিপিএফৰ কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত লৈছো যে দৰং-ওদালগুৰি লোকসভা সমষ্টিত আমি প্ৰাৰ্থী দিমেই, গতিকে সমষ্টিটোত কাকো এৰি দিয়াৰ প্ৰশ্ন নাই।

এইবাৰ ৰাইজে বিচাৰিছে যে বিটিআৰৰ ৰাইজৰ সমস্যা সমাধান তথা সৰ্বাঙ্গীন উন্নয়ণৰ বাবে এগৰাকী স্থানীয় প্ৰাৰ্থীৰ প্ৰয়োজন আছে, সেয়েহে ৰাইজে এইবাৰ বিপিএফ দলৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰি জয়ী কৰাব।” ইফালে কংগ্ৰেছৰ সৈতে হোৱা সভাত উপস্থিত থকা বিপিএফৰ বিধায়ক তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিপিএফৰ সাম্ভাব্য প্ৰাৰ্থী দূৰ্গা দাস বড়োৱে এই সন্দৰ্ভত কয় “বিপিএফে একলা চলো নীতিৰে আগন্তুক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হব।

কোনো দলৰ সৈতে বিপিএফৰ মিত্ৰতা নহয়। যদিহে কোনো দলে বিপিএফৰ প্ৰাৰ্থীক সমৰ্থন দিব বিচাৰে তেন্তে দিব পাৰে। কিন্তু আগন্তুক লোকসভা নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰাকৈ বিপিএফ দল অৱতীৰ্ণ হব।

যোৱা ২০ বছৰে মঙ্গলদৈ লোকসভা সমষ্টিটো বহু যুদ্ধ কৰিও কৰিও কংগ্ৰেছে নিজৰ হাতলৈ নিবলৈ সক্ষম নহ’ল। কেতিয়াৱা এ‌আইইউডিএফেৰে যদি মিত্ৰতা কৰিছিল, কেতিয়াৱা আকৌ বিপিএফেৰে মিত্ৰতা কৰিছিল কংগ্ৰেছৰে।

তথাপি যিহেতু আজিলৈ জয়ী হব নোৱাৰিলে, গতিকে কংগ্ৰেছ দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনত দৰং-ওদালগুৰি সমষ্টিটোৰ বিপিএফৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন দিয়ক।” বিপিএফ দলৰ প্ৰাৰ্থী তালিকাখন ১১ মাৰ্চত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে যদিও কংগ্ৰেছৰ ইচ্ছা থকা স্বত্বেও এতিয়া বিপিএফেৰে মিত্ৰতা কলিতেই মৰহি যোৱাৰ উপক্ৰম হৈছে।

Exit mobile version