Huge scam in the name of purchasing paddy from farmers in Nagaon FCI:চাৰি জিলাত কৃষকৰ পৰা ধান ক্ৰয়ৰ নামত নগাঁও এফচিআইত বিয়াগোম কেলেংকাৰি

হেজাৰ হেজাৰ ভুৱা কৃষক-মধ্যভোগীৰ পৰাহে ধান ক্ৰয়ৰ অভিযোগ, এক লাখ ৭০ হেজাৰ মেট্রিক টন ধান ক্রয় কৰা লক্ষ্যৰে ক্ৰয় কৰিলে ৯৩৬৮১.৬৪ মেট্রিক টন ধান

rice

Huge scam in the name of purchasing paddy from farmers in Nagaon FCI:

ভাৰতীয় খাদ্য নিগম (এফচিআই)ৰ নগাঁও মাণ্ডলিক কার্যালয়ে নগাঁও, হোজাই, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাৰ কৃষক ৰাইজক কিছু সকাহ দিয়াৰ নিমিত্তে সমর্থিত মূল্যত বিভিন্ন ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে কৃষকৰ পৰা ধান ক্রয়ৰ নামত ব্যাপক দুর্নীতি আৰু অনিয়ম সংঘটিত হৈ অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে।

এফচিআইৰ নগাঁও মাণ্ডলিক কার্যালয়ে জিলা চাৰিখনৰ ১৭ টা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে কৃষকৰ পৰা ধান ক্ৰয়ৰ নামত বিগত ২০২২-২০২৩ তো বহু কোটি টকাৰ কেলেংকাৰি সংঘটিত হৈ আহিছে। বৰ্ষটোত চৰকাৰে এফচিআইৰ উদ্যোগত পাঁচটা – চৰকাৰী খণ্ডৰ এজেন্সি ক্রমে এএফচিএছচিএল ,এএছএএম বি, এনএচিঅ’এফ, এনএএফইডি আৰু এনচিচিএফৰ দ্বাৰা কে’বাশ কোটি টকাৰ ধান ক্রয়ৰ নামত একাংশ ভুৱা কৃষক, মধ্যভোগী আৰু ব্যৱসায়ীৰ স’তে মিলি এই কেলেংকাৰি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

এফচিআই’য়ে কৃষকৰ সকাহৰ বিষয়টোক গৌণ কৰি ৰখাৰ ফলত জিলাকেইখনৰ ৪০ শতাংশ কৃষকো উপকৃত হ’ব নোৱাৰিলে।

এফচিআইৰ তথ্য অনুসৰি, ২০২২- ২০২৩ত নগাঁও এফচিআইয়ে পাঁচটা চৰকাৰী প্রতিষ্ঠানৰ দ্বাৰা নগাঁও, হোজাই, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাৰ মুঠ ১৭টা ক্রয় কেন্দ্র ক্রমে, জালুগুটি, উজৰ গাঁও, ৰাইদঙীয়া, কাছমাৰী, ধিং, কামপুৰ, চাপৰমুখ, হোজাই, লংকা, কৰৈগুৰী, সৰুপথাৰ, নীলবাগান, ৰাধা নগৰ, ৰামপথাৰ হাওৰাঘাট আৰু বকলীয়া ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে প্রথম শস্য শালি ধান ১,৬০,০০০ মেট্রিক টন ক্রয় কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছিল ৷

কিন্তু পৰিতাপৰ বিষয় যে ধান ক্রয় কৰিলে মাত্র ৯৩,৪৮৪.০৪ মেট্রিক টন ধানহে। লক্ষ্য নির্ধাৰণ কৰিও ৬৬,৫১৫.৯৬ মেট্রিক টন ধান ক্রয় কৰিৰ নোৱাৰিলে এফচিআইয়ে। বিভাগটোবে লক্ষ্যৰ ৫৮.২৪ শতাংশ ধানহে ক্রয় কৰিবলৈ সমর্থ হয়। প্রাপ্ত তথ্য অনুসৰি, ২০২২-২০২৩ত এফচিআই নগাঁও মাগুলিক কার্যালয়ে (প্রথম শস্য শালি ধান) ধান ক্রয় কেন্দ্রসমূহ ক্রমে জালুগুটিৰ জৰিয়তে পাঁচ হেজাৰ মেট্রিক টন ধান ক্রয়ব লক্ষ্যৰ বিপৰীতে ১৮১৪.৭৬ মেট্রিক টন, জাগীৰোড কেন্দ্ৰৰ জৰিয়তে পাঁচ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৪১১২.৫২ মেট্রিক টন, ঝাৰগাঁও কেন্দ্ৰত ১০ হেজাৰ মেট্রিক টন ক্ৰয়ৰ লক্ষ্যৰ বিপৰীতে ৬৪৩৮.২ মেট্রিক টন, ৰাইদঙীয়া কেন্দ্ৰত পাঁচ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৪৮৩০.৮৪ মেট্রিক টন, কাছমাৰীত ১৪ হেজাৰ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্যৰ বিপৰীতে ৬৯২১ মেট্রিক টন, ধিং কেন্দ্রত ১৪ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৬৪৫৪.২৮ মেট্রিক টন, কামপুৰ কেন্দ্ৰত আঠ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৩৬৭৯.১৬ মেট্রিক টন, চাপৰমুখকেন্দ্ৰত আঠ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৫২৩৭.৪৪ মেট্রিক টন, হোজাই কেন্দ্ৰত ২৫ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ১০৩৫৮.৯২ মেট্রিক টন, লংকা কেন্দ্রত ১০ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৭০৫১.৯২ মেট্রিক টন, কৰৈগুৰী কেন্দ্ৰত ১০ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৫৮৩৯.০৮ মেট্রিক টন, সৰুপথাৰ কেন্দ্ৰত ১২ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৭০৬২.৬৪ মেট্রিক টন, নীলবাগান কেন্দ্রত পাঁচ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৩৮৮৬.২ মেট্রিকটন, ৰাধানগৰ কেন্দ্ৰত পাঁচ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ২৯৭৩.৯৬ মেট্রিক টন, ৰামপথাৰ কেন্দ্ৰত চাৰি হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৬৫১১.০৪ মেট্রিক টন, হাওৰাঘাট কেন্দ্ৰত ১০ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৬১৯.২৮ মেট্রিক টন আৰু বকলীয়া ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে ১০ হেজাৰ মেট্রিক টন ধান ক্রয় কৰা লক্ষ্যৰ বিপৰীতে
৪২০২.৮৪ মেট্রিক টন ধানহে ক্রয় কৰে।

আনহাতে, জিলাকেইখনত হেজাৰ হেজাৰ প্ৰকৃত কৃষক আছে। কেৱল নগাঁও জিলাতেই দুই লাখ ৬৯ হেজাৰ ৫৪৯ গৰাকী বিভিন্ন শ্ৰেণীৰ কৃষক আছে। তৎসত্ত্বেও এফটিআইৰ তথ্য অনুসৰি, চাৰিওখন জিলাৰ এই ১৭ টা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে মাত্র ৮৮৩৭ জন কৃষকহে উপকৃত হৈছে। যেন এপাচি শাকত এটা জালুক।

এফচিআইয়ে কৃষকৰ পৰা ২০৪০ টকা প্রতি কুইন্টলে সমর্থিত মূল্যত এই ধান ক্রয় কৰা বুলিও বিভাগীয় তথ্যত উল্লেখ আছে। নগাঁও এফচিআইৰ এই তথ্যত নগাঁও, হোজাই, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাৰ ৮৮৩৭ গৰাকী কৃষকক তেওঁলোকৰ পৰা শালি ধান ক্ৰয় কৰি সকাহ দিয়া বুলি উল্লেখ আছে। আনহাতে, একেটা বিত্তীয় বর্ষতে পাঁচটা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে দ্বিতীয় শস্য বৰো ধান ১০ হেজাৰ মেট্রিক টন ক্ৰয়ৰ লক্ষ্য নির্ধাৰণ কৰি মাত্র ১৯৭.৬০ মেট্রিক টন ধান ক্রয় কৰা পৰিলক্ষিত হয়।

বিত্তীয় বৰ্ষটোত এফচিআইৰ নগাঁও মাণ্ডলিক কার্যালয়ে ৮৮৩৭ গৰাকী কৃষকৰ পৰা ১৯০ কোটি ৭০
লাখ ৭৪ হেজাৰ ৪১৬ টকাৰ আৰু দ্বিতীয় শস্য বৰো ধানো ২৪ জন কৃষকৰ পৰা ৪০ লাখ ৩১ হেজাৰ ৪০ টকাৰ ধান ক্রয় কৰা বুলি আৰটিআইৰ তথ্যত উল্লেখ আছে। এই বৃহৎ ধনৰাশিৰে ২০৪০ টকাৰ সমৰ্থিত মূল্যত এফচিআইয়ে জিলা চাৰি খনৰ ৮৮৬১গৰাকী কৃষকৰ পৰা ৯৩৬৮১.৬৪ মেট্রিক টন ধান ক্রয় কৰা বুলি বিভাগীয় নথিত উল্লেখ আছে যদিও বাস্তৱ ক্ষেত্রত এই ছবিখন সম্পূর্ণ বিপৰীত বুলি একাংশ কৃষকে অভিযোগ তুলিছে। জিলাকেইখনৰ বিভিন্ন ঠাইৰ প্ৰকৃত কৃষক ৰাইজৰ পৰা পোৱা অভিযোগ অনুসৰি, নগাঁও এফচিআইৰ ধান ক্রয় কেন্দ্ৰসমূহৰ জৰিয়তে ১০ শতাংশও প্রকৃত কৃষক উপকৃত হ’ব পৰা নাছিল।

প্রতিটো ধান ক্রয় কেন্দ্রত অসংখ্য ভুৱা কৃষক, ব্যৱসায়ী আৰু মধ্যভোগীৰহে দৌৰাত্ম্য চলিছিল। এওঁলোকৰ স’তে এফচিআইৰ একাংশ বিষয়া-কর্মচাৰী, ধান ক্রয়ৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট প্রতিষ্ঠানৰ একাংশ বিষয়া-কর্মচাৰীৰ গোপন বুজাবুজি আছিল বুলিও অভিযোগ উত্থাপিত হৈছে। এফচিআইৰ ধান ক্রয় কেন্দ্ৰসমূহত এই চক্ৰটোৰ দৌৰাত্ম্যৰ ফলত ক্রয় কেন্দ্ৰৰ ওচৰেই চাপিব পৰা নাছিল ৯০ শতাংশ প্রকৃত কৃষক। ভূমিহীন, ক্ষুদ্র, উপান্ত আৰু মজলীয়া কৃষকসকলৰ কোনেও এফচিআইৰ ধান ক্রয় কেন্দ্রসমূহত নিজৰ উৎপাদিত ধান বিক্ৰী কৰিব পৰা নাছিল ৷

বহু কৃষকেই ধান বিক্ৰী কৰিব নোৱাৰি ওভতাই লৈ যাবলগীয়া হয়। ধান ক্রয় কেন্দ্রসমূহত প্রকৃত কৃষক ৰাইজ চূড়ান্ত উপেক্ষিত হ’বলগীয়া হোৱাত পৰৱৰ্তী সময়ত তেওঁলোক ধান ক্রয় কেন্দ্ৰৰ সলনি বিভিন্ন সাপ্তাহিক বজাৰ, বজাৰৰ ব্যৱসায়ীকহে নিচেই কম দামতে ধান বিক্ৰী কৰিবলগীয়া হয়। ফলত ভীষণ লোকচানৰ সন্মুখীন হয় হেজাৰ হেজাৰ প্রকৃত কৃষক। ইয়াৰ বিপৰীতে কোটি কোটি টকা লাভ কৰিবলৈ সক্ষম হয় হেজাৰ হেজাৰ ভুৱা কৃষক, মধ্যভোগী আৰু ব্যৱসায়ীহে।

এফচিআইয়ে ধান ক্রয় কেন্দ্ৰসমূহৰ জৰিয়তে ধান ক্রয় কৰোতে প্রথমাৱস্থাত জিলাকেইখনৰ কৃষক ৰাইজৰ মুখত হাঁহি বিৰিঙিছিল যদিও সেই হাঁহি মৰহিবলৈ বেছি পৰ নালাগিল। কিয়নো এফচিআই ধান ক্রয় কেন্দ্ৰৰ অলেখ নিয়ম, ভুৱা কৃষক, মধ্যভোগী আৰু ব্যৱসায়ীৰ দপদপনিত ক্রয় কেন্দ্ৰৰ কাষেই চাপিব নোৱাৰিলে হেজাৰ হেজাৰ প্ৰকৃত কৃষক।

Exit mobile version