Bhupen Bora Pressmeet In Jorhat:ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি মুখ্যমন্ত্ৰী কৰা মন্তব্য সন্দৰ্ভত যোৰহাটত ভূপেন বৰাৰ সংবাদমেল সম্বোধন

পুনৰ আওৰালে নিজৰ স্ব-ৰচিত কবিতা

bhupen bora

Bhupen Bora Pressmeet In Jorhat:

লোকসভা নিৰ্বাচনৰ বাবে শাসক – বিৰোধীৰ সকলো দলে ব্যাপক প্ৰচাৰ অভিযানৰ মাজতে বিভিন্ন দলৰ নেতাৰ মুখত বিভিন্ন মুখ চুপতি অব্যাহত আছে ৷ কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত উল্লেখ কৰিছিল যে , ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভুপেন বৰাই বিজেপিত যোগদান কৰিব ৷ ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে আজি যোৰহাটত মঙলবাৰে পুৱাই সংবাদমেল সম্বোধন কৰে অসম কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই।

তেওঁ পুনৰ আওৰালে নিজৰ স্ব-ৰচিত কবিতা । লাচিত বৰফুকৰ বীৰত্বক লিখা কবিতাটোৰ মাজেৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সহ বিজেপিত যোগদান কৰা সকলক কটাক্ষ কৰি কয় যে, মই যদি বিজেপিত যোগদান কৰো তেতিয়াহলে চৰকাৰে ১০লাখ নিবনুৱাক চাকৰি দিবনে ৷ একেদৰে ৰাজ্যৰ ছয় জনগোষ্ঠী জনজাতিকৰণ হ’ব নে আৰু মই যোগদান কৰিলে ‘কা’ বাতিল কৰিবনে৷ মই যদি বিজেপিলৈ যাও চাহ শ্ৰমিকৰ চাহ মজুৰ বৃদ্ধি হ’বনে৷ যদি মই উদ্থাপন কৰা এই দাবী কেইটা কাৰ্যকৰী কৰি দেখুৱাব পাৰিলে মই বিজেপিত যোগ দিম ৷

আনহাতে,এপিচিচিৰ সভাপতি গৰাকীয়ে লোকসভা নিৰ্বাচন সন্দৰ্ভত কয় যে,কংগ্ৰেছে ইতিমধ্যে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকা খন ভাল বুলি উল্লেখ কৰে আনহাতে যোৰহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ সন্দৰ্ভত কয়,তেওঁ বহু ভোটৰ ব্যৱধাত বিজয়ী হ’ব ৷গগৈ ফেচ অৱ দ্য আসাম আৰু ভইচ অৱ দ্য নৰ্থ ইষ্ট বুলি কয় বৰাই ৷

সংবাদমেলত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ,জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইন ৷

উল্লেখ্য যে,আজি যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰিব গৌৰৱ গগৈয়ে ৷ গগৈৰ মনোনয়নত সংগ দিব দেৱব্ৰত শইকীয়া,পৱনসিং ঘাটোৱাৰ,অখিল গগৈ আৰু ৰকিবুল হুছেইন ৷

Exit mobile version