Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Level Playing Field:লেভেল প্লেয়িং ফিল্ড !

# প্রাঞ্জলসেন ডেকা

publisher by publisher
March 26, 2024
in India, Assam, News
Reading Time: 4 mins read
0
Level Playing Field:লেভেল প্লেয়িং ফিল্ড !
2
SHARES
16
VIEWS
ShareShareShareShare

Level Playing Field:লেভেল প্লেয়িং ফিল্ড !

ADVERTISEMENT

# প্রাঞ্জলসেন ডেকা

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

লেভেল প্লেয়িং ফিল্ড। প্রতিযোগিতাৰ সুষম ক্ষেত্র। লোকসভা নিৰ্বাচনৰ সূচী ঘোষণাৰ সময়ত মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ইংৰাজীৰ এই বাক্যাংশ উল্লেখ কৰিছিল। নির্বাচনী প্রক্রিয়াত জড়িত সকলো পক্ষকে তেওঁ এই কথা নিশ্চিত কৰিবলৈ নির্দেশ দিছিল যাতে ভোট যুদ্ধত অৱতীৰ্ণ হোৱা সকলো দল অথবা প্রার্থীয়েই সমান সুযোগ-সুবিধা লাভ কৰে। নির্বাচনত এক সুষম প্রতিদ্বন্দ্বিতাৰ পৰিৱেশ গঢ়ি তোলাৰ পোষকতা কৰিয়ে সংবাদমেলত তেওঁ এই কথা উনুকিয়ায়।

মুখ্য নির্বাচন আয়ুক্তৰ এই আহ্বানৰ বিপৰীতে দেশত সম্প্রতি যি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে, সেয়া আন যিয়েই নহওক লাগিলে সুষম বুলি ক’ব পাৰি নে? বৰঞ্চ এনে একপক্ষীয় পৰিৱেশ অভূতপূর্ব বুলিহে দ্ব্যর্থহীন ভাষাবে ক’ব লাগিব। কেরল যে নির্বাচনী পৰিবেশেই এনে ধৰণৰ হৈছে সেয়া নহয়, সকলো দিশতে বৈষম্যই আশাতীতভারে সীমা চেবাই গৈছে। বিশ্বৰ সবাতোকৈ দ্রুত বিকশিত অর্থনীতি, বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থনীতি, ক্রমবর্দ্ধমান জিডিপিৰ হাৰ আদিৰ দাবীৰে দেশবাসীক সম্মোহিত কৰাৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে দেশত আর্থিক বৈষম্যই বিগত এক দশকত অভিলেখ স্থাপন কৰিছে।

পেৰিছ স্কুল অৱ ইকনমিকছৰ ‘ৱৰ্ল্ড ইনইকুৱেলিটি লেব’ৰ যোৱা বুধবাৰে প্রকাশিত প্রতিবেদনত উল্লেখ কৰা হৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰৰ এই শাসন কালছোৱাত ভাৰতত ধনী-দুখীয়াৰ বৈষম্যই অতীতৰ সকলো অভিলেখ ভংগ কৰিছে, আনকি ঔপনিবেশিক ব্রিটিছ শাসনকালকো ই চেৰাই গৈছে। ভাৰতত প্রতিটো ক্ষেত্ৰতে বিভিন্ন ধৰণৰ বৈষম্য নতুন কথা নহয়। স্বাধীনতাৰ পূৰ্বৰে পৰাই বৈষম্যই দেশৰ প্ৰকৃত উন্নয়নত বাধাৰ সৃষ্টি কৰি আহিছে: কিন্তু অতি দুর্ভাগ্যজনক এয়ে যে প্রধানমন্ত্রী মোদীৰ শাসনত আর্থিক বৈষম্যই ব্ৰিটিছৰাজকো চেৰ পেলাইছে।

চাৰিগৰাকী বিশিষ্ট অর্থনীতিবিদ ক্রমে পেৰিছ স্কুল অৱ ইকনমিকছব থমাছ পিকেটি আৰু আনমোল ছোমাঞ্চি, নিউয়র্ক বিশ্ববিদ্যালয়ৰ নীতিন কুমাৰ ভাৰতী আৰু হার্ভার্ড স্কুলৰ লুকাছ চেনচেলে প্ৰস্তুত কৰা প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত এতিয়া ‘আধুনিক বুৰ্জোৱা শ্রেণী’ৰ নেতৃত্বত বিলিয়নেয়াৰৰাজ অর্থাৎ ধনকুবেৰৰ ৰাজত্ব চলিছে। এই ধাৰা অব্যাহত থাকিলে ভাৰতত লাহে লাহে ধনীৰ শাসন (যাক ধনিকতন্ত্র অথবা প্লুটোক্রেচি বুলি অভিহিত কৰা হয়) প্ৰৱৰ্তন হ’ব পাৰে বুলিও তেওঁলোকে উদ্বেগ প্রকাশ কৰিছে।

‘ভাৰতৰ আৰ্থিক বৈষম্য: ধনকুবেৰৰ ৰাজত্বত ব্ৰিটিছ ঔপনিবেশিক শাসনতকৈ অধিক বৈষমা’ শীর্ষক উক্ত প্রতিবেদনত পৰিসংখ্যা দাঙি ধৰি কোৱা হৈছে যে যোৱা ২০২২-২৩ বৰ্ষত ভাৰতৰ মুঠ সম্পদৰ ৪০ শতাংশ কুক্ষিগত হৈছে দেশৰ আটাইতকৈ ধনী মাত্র এক শতাংশ লোকৰ। ভাৰতে স্বাধীনতা লাভৰ সময়ছোৱাত ইয়াৰ পৰিমাণ আছিল ১৫ শতাংশহে। দিন যোৱাৰ লগে লগে এনে প্রৱণতা বৃদ্ধি পাইছে। তেনেদৰেই দেশৰ মুঠ আয়ৰ ২২ শতাংশৰো অধিক সেই এক শতাংশৰ চন্দুকত সোমায়।

লক্ষ্যণীয়ভারে মার্কিন যুক্তৰাষ্ট্র, দক্ষিণ আফ্রিকা, ব্রাজিল আদি দেশতো ৰাষ্ট্ৰীয় আয়ৰ অংশ ধনীসকলৰ ইমান বেছি নহয়। সবাতোকৈ উদ্বেগজনক তথ্য হৈছে এয়ে যে আয়ৰ দিশৰ পৰা সর্বনিম্ন দেশৰ অর্ধেক জনসংখ্যা অর্থাৎ ৫০ শতাংশ লোকৰ আয় দেশৰ মুঠ আয়ৰ মাত্র ১৫ শতাংশহে। এই ৫০ শতাংশ লোকৰ গড় বার্ষিক আয় মাত্র ৭১ হেজাৰ টকা। অর্থাৎ প্রতিমাহে ছহেজাৰ টকাতকৈও কম। মাজৰ ৪০ শতাংশ লোকৰ গড় আয় বছৰি এক লাখ ৬৫ হেজাৰ টকা। ইয়াৰ বিপৰীতে ধনী এক শতাংশৰ গড় আয় ৫৩ লাখ টকা। এয়া সাধাৰণ ভাৰতীয়ৰ আয়ৰ ২৩ গুণ। তেনেদৰে দেশৰ সবাতোকৈ ধনী ১০ হেজাৰ লোকৰ গড় বার্ষিক আয় ৪৮ কোটি টকা; অর্থাৎ সাধাৰণ নাগৰিকৰ গড় আয়ৰ দুহেজাৰ গুণৰো অধিক।

উল্লেখ্য যে, পেৰিছ স্কুল অৱ ইকনমিকছৰ ৱৰ্ল্ড ইনইকুৱেলিটি লেবত দীর্ঘদিন ধৰি বিশিষ্ট অর্থনীতিবিদসকলে সমগ্র বিশ্বৰ আৰ্থিক বৈষম্যক লৈ অধ্যয়ন কৰি আহিছে। অর্থনীতিবিদসকলে পৰিসংখ্যা বিশ্লেষণ কৰি মন্তব্য কৰিছে যে ২০১৪-১৫ত প্রধানমন্ত্রী মোদীৰ শাসন আৰম্ভ হোৱাৰ সময়ৰ পৰা যোৱা ২০২২-২৩ বর্ষলৈকে আর্থিক বৈষম্য চূড়ান্ত পর্যায়ত উপনীত হৈছে। বিদেশী ৰাষ্ট্ৰ অথবা কোনো সংস্থাৰ দ্বাৰা মোদী চৰকাৰে যিকোনো ধৰণৰ স্বীকৃতি লাভ কৰিলেই ভাৰত বিশ্বগুৰু হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলি দাবী কৰিলেও সাফল্যৰ দাবীৰ নগ্ন স্বৰূপ উদঙাই দিয়া এনেধৰণৰ প্ৰতিবেদনক চৰকাৰ আৰু ইয়াৰ সমৰ্থকসকলে সততে ভাৰতক হেয় প্রতিপন্ন কৰাৰ ষড়যন্ত্ৰৰূপেই অভিহিত কৰি আহিছে।

একেদৰেই দেশৰ যিকোনো ধৰণৰ সমস্যা অথবা সংকটৰ কাৰণে বিজেপি দল আৰু চৰকাৰে সততে জৱাহৰলাল নেহৰু আৰু কংগ্রেছ চৰকাৰসমূহকে দায়ী কৰি আহিছে: কিন্তু উল্লেখিত প্রতিবেদনত অর্থনীতিবিদসকলে স্পষ্টভাবেই কৈছে যে স্বাধীনতা লাভৰ পাছৰ পৰা ৮০ দশক পর্যন্ত আর্থিক বৈষম্য যথেষ্ট হ্রাস পাইছিল। পৰৱৰ্তী পৰ্যায়ত ই লাহে লাহে বৃদ্ধি পাবলৈ ধৰে। নতুন সহস্রাব্দৰ পৰা ই দ্রুত গতি লাভ কৰে।

২০১৪-১৫ৰ পৰা ২০২২-২৩ৰ সময়ছোৱাত এই বৈষম্য চূড়ান্ত শিখৰত উপনীত হয়। ধনী-দুখীয়াৰ মাজৰ এই বৈষম্যৰ ক্ষেত্ৰত ভাৰত এতিয়া কেৱল পেৰু, য়েমেনকে ধৰি দুই-এখন দেশতকৈহে তলত আছে। উপযুক্ত নীতি ৰূপায়ণ অবিহনে যিহেতু এনে বৈষম্য আঁতৰ নহয়, সেয়েহে এনেকুৱা বৈষম্যৰে ভাৰত বিশ্বৰ শীৰ্ষত উপনীত হ’লেও আচৰিত হ’বলগীয়া একো নাথাকিব।

মোদী চৰকাৰৰ কাৰ্যকালত মুষ্টিমেয় ধনকুবেৰে ৰাজত্ব চলাইছে বুলি দীর্ঘদিন ধৰি বিৰোধী দল তথা একাংশ পণ্ডিতে সমালোচনা কৰি আহিছে। প্রকৃত ছবি লুকুৱাই ৰাখি ধনীক অধিক ধনী কৰি তোলাৰ বিপৰীতে দৰিদ্ৰক অধিক দৰিদ্ৰ কৰি ৰখাটোৱে মোদী চৰকাৰৰ একমাত্র নীতি বুলিও সমালোচকসকলে আঙুলিয়াই দিছে। শেহতীয়া অধ্যয়নে তাকেই পুনৰ প্ৰমাণ কৰিলে। তাৰ পৰিৱর্তে সমাজৰ সাধাৰণ জনতাৰ পৰিৱৰ্তে সমাজৰ আটাইতকৈ ওপৰৰ শ্ৰেণীৰ মানুহৰ ওপৰতে সদায়ে চৰকাৰে দৃষ্টি দিছে। একেবাৰে তলৰ ৫০ শতাংশ আৰু মাজৰ ৪০ শতাংশ মানুহ অবদমিত হৈয়ে বৈছে।

শিক্ষা অথবা অন্যান্য সা-সুবিধা আৰু পৰিৱেশ সকলোৰে বাবে সমানভাবে গঢ়ি তোলাৰ গণতান্ত্রিক ব্যৱস্থা কৰা হোৱা নাই। তদুপৰি দেশৰ কৰ ব্যৱস্থাই ধনীৰ পৰিৱৰ্তে দুখীয়াসকলৰ ওপৰতহে অধিক চাপ সৃষ্টি কৰি আহিছে। এইদৰে বিশ্লেষণ দাঙি ধবি অর্থনীতিবিদসকলে উদ্বেগেৰে মত ব্যক্ত কৰিছে যে এই চূড়ান্ত বৈষম্যৰ বিৰূপ প্রভাৱ চৰকাৰ আৰু সমাজৰ ওপৰতো অৱধাৰিতভাৱে পৰিব। ফলত গণতান্ত্রিক প্রতিষ্ঠানসমূহ দুৰ্বল হৈ পৰিব।

স্বাধীনতাৰ পৰৱৰ্তী কালত এই গণতান্ত্রিক প্রতিষ্ঠানসমূহ দেশৰ এক আদৰ্শত পৰিণত হৈছিল; কিন্তু বিগত কেইবছৰমান ধৰি এইবোৰে স্বতন্ত্রতা আৰু নিৰপেক্ষতাৰ স’তে আপোচ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ কুপ্রভাবত ভাৰত পুঁজিপতিৰ শাসনৰ দিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা প্রবল হৈ উঠিছে। সেয়েহে এনে বৈষম্য হ্রাসৰ বাবে যথোচিত গুৰুত্ব আৰোপ কৰাৰ পোষকতা কৰিছে অর্থনীতিবিদসকলে। তাৰেই এটি সমাধান সূত্র আগবঢ়াই তেওঁলোকে চৰকাৰক পৰামৰ্শ দিছে যে দেশৰ সবাতোকৈ ধনীসকলৰ সম্পদৰ ওপৰত দুই শতাংশকৈ কৰ আৰোপ কৰা হওক।

তাৰ পৰা আহৰণ হ’বলগীয়া পুঁজিৰ শিক্ষা, স্বাস্থ্য, পুষ্টি আদিত চৰকাৰী বিনিয়োগ বৃদ্ধি কৰিলে কিছু সুফল পোৱা যাব। লগতে সমাজৰ সকলোৱে বিশ্বায়নৰ সুফল ভোগ কৰিব পাৰিব। অৱশ্যে অর্থনীতিবিদৰ  এনে পৰামৰ্শৰ বিপৰীতে মোদী চৰকাৰৰ নীতিয়ে বৈষম্য বৃদ্ধিতহে অৰিহণা যোগোৱাটো পৰিস্ফুট হৈছে। গতিকে ইয়াত লেভেল প্লেয়িং ফিল্ডৰ অৱকাশেই বা ক’ত!

কেবল আর্থিক ক্ষেত্রতে নহয়, ৰাজনৈতিক ক্ষেত্রতো যি ধৰণৰ পৰিৱেশ গঢ়ি তোলা হৈছে, আনকি আজিৰ এই নির্বাচনী পৰিৱেশতো সুষম প্রতিদ্বন্দ্বিতাৰ সুযোগ যে সুদূৰ পৰাহত, তাক আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ‘অবকি বাৰ চাৰশ পাৰ’ ধ্বনি’ দি অত্যধিক আত্মবিশ্বাস প্ৰদৰ্শন কৰি অহা বিজেপি তথা প্রধানমন্ত্রী মোদীয়ে কিয় এনে শ্বাসৰুদ্ধকৰ পৰিৱেশ গঢ়ি তুলিছে সেয়া সাধাৰণ নাগৰিকৰ বোধগম্য হোৱা নাই।

সম্পূর্ণ অবৈধভাৱে প্রচলন কৰা নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিয়ে হেজাৰ হেজাৰ কোটি টকা আহৰণ কৰিছে। অকল সেয়ে নহয়, কেন্দ্রীয় তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰি বিভিন্ন কোম্পানীৰ পৰা কিদৰে ব্লেকমেইলিঙৰ জৰিয়তে শ শ কোটি টকা আদায় কৰিছে সেই তথ্য সম্প্রতি ভাৰতীয় ষ্টেট বেংক আৰু নির্বাচন আয়োগৰ জৰিয়তে প্ৰকাশ পাইছে।

বলবৎ নোহোৱা আবকাৰী নীতি প্রণয়নৰ নামত অবৈধ লেনদেনৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ লগতে আন দুজন শীর্ষনেতাক গ্ৰেপ্তাৰ কৰি কাৰাবন্দী কৰা হৈছে যদিও প্রকাশিত তথ্য অনুসৰি সেই গোচৰৰ মূল কাণ্ডাৰীৰূপে স্বয়ং ইডিয়ে অভিযুক্ত কৰা ব্যৱসায়ীৰ পৰা বিজেপিয়েহে নির্বাচনী বণ্ডৰ জৰিয়তে ৫৫ কোটি টকাৰ বৰঙণি আদায় কৰিছে।

তাৰ বিনিময়ত উক্ত ব্যৱসায়ীক ৰেহাই প্ৰদানৰ ব্যৱস্থা কৰি দিছে। এই তথ্য দাঙি ধৰি আম আদমী পার্টিয়ে স্বয়ং প্রধানমন্ত্রী মোদী আৰু ইডিৰ মুৰব্বীক মুকলি প্রত্যাহ্বান জনাইছে; কিন্তু সকলো নীৰৱ। লুণ্ঠনৰাজৰ ইয়াতকৈ গুৰুতৰ তথ্য প্রমাণ আৰু কি লাগে ?

এই সম্পৰ্কত নিজস্ব স্থিতি দাঙি ধৰাৰ পৰিৱৰ্তে দিল্লীত আম আদমী পাৰ্টিৰ কাৰ্যালয় আৰক্ষী লগাই বলপূর্বক বন্ধ কৰি দিয়া হৈছে। নেতাসকলক হাৰাশাস্তি কৰা হৈছে। অনবৰতে দুর্নীতি-ভ্রষ্টাচাৰৰ বিৰুদ্ধে বজ্রকণ্ঠ নিনাদিত কৰা বিজেপি নেতাসকলে এতিয়াও দোষ স্বীকাৰ নকৰাটোৱে এইসকলৰ স্বৰূপ নগ্নভাবে উদঙাই দিয়া নাইনে? আম আদমী পার্টিয়ে যাতে আসন্ন লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতাই কৰিব নোৱাৰে, তাৰ বাবেই যে এনেদৰে হাৰাশাস্তি কৰা হৈছে, তাক ৰাইজে নুবুজাকৈ থকা নাই।

বিধানসভা নির্বাচনত একেৰাহে তিনিবাৰকৈ আম আদমী পাৰ্টিৰ হাতত মুখ থেকেচা খোৱা বিজেপিয়ে দিল্লী চৰকাৰৰ কাম-কাজত কিদৰে বাধা আৰোপ কৰি আহিছে, বিগত সময়ত সেয়া সকলোৱে প্রত্যক্ষ কৰিছে। দিল্লীৰ পাছত পঞ্জাৱতো বিপুল জয়ৰে আম আদমী পার্টিয়ে চৰকাৰ গঠন কৰিছে। গতিকে নির্বাচনী যুঁজত ব্যর্থ হৈ এইদৰে কেন্দ্ৰীয় সংস্থাৰ জৰিয়তেই দলটোক ধৰাশায়ী কৰিবলৈ চেষ্টা চলোৱা হৈছে বুলি অভিযোগ উঠিছে।

লোকসভা নির্বাচনৰ পূৰ্বে কেজৰিৱালক গ্ৰেপ্তাৰৰ পৰিকল্পনা যে দীর্ঘদিনীয়া, সেয়া প্রবীণ বিজেপি নেতা তথা কে’বাখনো ৰাজ্যৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে যোৱা বছৰেই ফাদিল কৰিছিল। নির্বাচনত অৱতীর্ণ হ’বলৈ ওলোৱা এটি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক এনেদৰে পিছ দুৱাৰেদি আক্ৰমণ কৰাৰ পাছতো নির্বাচন আয়োগে মূক দর্শক হৈ ৰৈছে।

ইয়াৰ পাছতো লেভেল প্লেয়িং ফিল্ডৰ কথা কোৱাটো আত্মপ্ৰতাৰণাৰ নামান্তৰ নহয় নে? তেনেদবেই মূল বিৰোধী দল কংগ্ৰেছৰ ১১ টাকৈ বেংক একাউন্ট জব্দ কৰা হৈছে- যাতে তেওঁলোকৰ লেনদেন বন্ধ হৈ পৰে। ফলস্বৰূপে দলটো আর্থিকভাৱে কোঙা হৈ পৰিছে। এনে ক্ষেত্রত বৈধ অবৈধভাৱে হেজাৰ হেজাৰ কোটিৰ গৰাকী হোৱা শাসক দল বিজেপিৰ স’তে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’ব কেনেকৈ? ইয়াত সুষম প্রতিদ্বন্দ্বিতাৰেই বা সুযোগ ক’ত?

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArticlesCec Rajib KumarLevel Playing FieldPranjalsen Deka
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d