PM Modi’s Huge Election Rally In Nalbari:নলবাৰীত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী ৰণডংকাঃ

বৰকুৰাত সম্বোধন কৰিলে এই বিশাল জনসভাক, অসমীয়াতে ভাষণ আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

modi 1

PM Modi’s Huge Election Rally In Nalbari:

৪ জুনত কি হ’ব সেয়া স্পষ্টকৈ দেখা পোৱা গৈছে’। ‘৪ জুন, ৪০০ পাৰ৷ আকৌ এবাৰ মোদী চৰকাৰ ৷ প্ৰধানমন্ত্ৰীয়ে অসমীয়াতে এই শ্ল’গান দি আৰম্ভ কৰে তেওঁৰ সুদীৰ্ঘ ভাষণ ৷

দুদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে সন্ধিয়া অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নলবাৰীৰ বৰকুৰাত মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ বিশাল সভাত উদাত্ত ভাষণ প্ৰদান কৰে ৷
তেওঁ কয়,২০১৪ চনত মোদীৰ অসম ভ্ৰমণে আশা কঢ়িয়াই আনিছিল, ২০১৯ চনত মোদীয়ে বিশ্বাস দিলে’। আৰু ২০২৪ত মোদীয়ে আনিছে ‘গেৰাণ্টী’। মোদীৰ গেৰাণ্টী মানে ‘গেৰাণ্টী পূৰণ হোৱাৰ গেৰাণ্টী’।
আনহাতে বিজেপি দল ‘সব কা সাথ, সব কা বিকাশ’ মন্ত্ৰৰে আগবঢ়া ৰাজনৈতিক দল’। কাৰো প্ৰতি ভেদ-ভাৱ নৰখাকৈ এনডিএ চৰকাৰৰ আঁচনিসমূহে সকলোকে লাভান্বিত কৰিছে। অহা পাঁচবছৰত দৰিদ্ৰ লোকসকলৰ বাবে নিৰ্মাণ কৰা হ’ব ৩ কোটি নতুন ঘৰ ৷

আগন্তুক দিনত ৰাইজ উপকৃত হ’ব পৰাকৈ আন বহু আঁচনি চৰকাৰে কাৰ্যকৰী কৰিব ৷ এই নিৰ্বাচনত পৰিয়ালবাদক নসাৎ কৰি এখন বিকশিত ভাৰত গঢ়ি তুলিবৰ বাবে বিজেপিয়ে লোৱা সংকল্প সকলোৱে হাতউজান দি বিজেপি প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে আহ্বান জনায় ৷

প্ৰায় দুই লক্ষাধিক লোকে অংশ লোবা সভা খনৰ প্ৰাৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে ৰামনৱমী উপলক্ষে অযোধ্যা ৰামলালালৈ সশ্ৰদ্ধ প্ৰণাম কৰি সকলোকে ম’বাইল ফ্লাচ লাইট জ্বলাই সেৱা জনাবলৈ আহ্বান জনায় । প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি পবিত্ৰ দিনত তেওঁ অযোধ্যাত উপস্থিত থাকিব নোৱাৰিলে যদিও নলবাৰীৰ পৰা প্ৰণাম জনায় বুলি উল্লেখ কৰে ।
আনহাতে প্ৰধানমন্ত্ৰী মোদীক নলবাৰীৰ বিখ্যাত বাদ্যযন্ত্ৰ ‘কুৰকুৰী’ উপহাৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কুৰকুৰী’ বজাই আনন্দ লভে প্ৰধানমন্ত্ৰীয়ে ৷

জনসমুদ্ৰ পৰিণত হোৱা বৰকুৰাৰ বিশাল সভাত আদৰণি ভাষণ দি প্ৰধানমন্ত্ৰী মোদীক অসমীয়া ফুলাম গামোচাৰ বেণ্ড এম্বেছাদৰ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয়,আজি এই বৰকুৰাৰ পৰাই বিজেপিৰ জয়যাত্ৰা আৰম্ভ হ’ব ৷ এই সভাই প্ৰমাণ কৰিলে যে মোদীৰ স’তে আছে জনতা জনাৰ্দন ৷ আকৌ এবাৰ মোদী চৰকাৰ হোৱাটো খাটাং ৷ মোদীৰ জয়যাত্ৰাক কোনেও ৰোধিব নোৱাৰে অশ্বমেধ ঘোড়া দৌৰিব দিল্লীলৈ ৷ অসমত ইতিপূৰ্বে ৰূপায়িত হৈ থকাৰ বিভিন্ন আঁচনি কথা উল্লেখ কৰি লাখপতি বাইদেউৰ লেখিয়াকৈ এইবাৰ নিৰ্বাচনৰ পিছত লাখপতি ভিনদেউৱো হ’ব ৷ বিশাল জনসভা খনত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা,অগপ সভাপতি- কাৰ্যকৰী সভাপতি অতুল বৰা আৰু কেশৱ মহন্ত,ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ,বৰপেটাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী সহ কে’বাগৰাকী মন্ত্ৰী- বিধায়ক উপস্থিত থাকে ৷

উল্লেখ্য যে,মঙলবাৰে বায়ুসেনাৰ বিশেষ বিমানেৰে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে গুৱাহাটীত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে সন্ধিয়া জালুকবাৰীৰ পৰা এক দীঘলীয়া ৰোড শ্ব’ৰে জিএছ ৰোড হৈ খানাপাৰাস্থ কইনাধৰাৰ ৰাজ্যিক অতিথি শালাত নিশাটো কটায়।

আনহাতে আজি পুৱাভাগত বায়ু বাহিনীৰ তিনিখন হেলিকপ্টাৰেৰে খানাপাৰা পশু চিকিৎসা খেলপথাৰৰ পৰা উৰা মাৰে নলবাৰীৰ বৰকুৰালৈ ৷প্ৰধানমন্ত্ৰী আগমনৰ উপলক্ষে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বৰকুৰাৰ কৃষিভূমিত নিৰ্মাণ কৰা তিনিখনকৈ অস্থায়ী হেলিপেডত প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰ অৱতৰণ কৰে ৷ তাৰ পৰা ৰাইজৰ বিপুল হৰ্ষোল্লাসৰ মাজেৰে প্ৰধানমন্ত্ৰী উপস্থিত হয় সভাস্থলীৰ মঞ্চত ৷

Exit mobile version