Congress will contest alone in five constituencies in the state:
ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব লগা উপ- নিৰ্বাচনৰ বাবে এপিচিচিয়ে অকলে চলো নীতি গ্ৰহণ কৰিছে পাঁচটা বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনত অকলেই খেলিব কংগ্ৰেছে ।
এপিচিচিৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইতিমধ্যে পাঁচোটা সমষ্টিৰ বাবে প্ৰস্তুত কৰিছে সম্ভাব্য প্ৰাৰ্থী তালিকা ৷ সেই অনুসৰি বৰাক উপত্যকাৰ ধলাই সমষ্টিৰ বাবে দুজনীয়া প্ৰাৰ্থী তালিকাত স্থান পাইছে ধ্ৰুৱ জ্যোতি পুৰস্কায়স্থ,বিশ্বজিত দাস আৰু হিৰক দাস ৷
আনহাতে বিহালী সমষ্টিৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নাম প্ৰাৰ্থী তালিকাত স্থান লাভ কৰিছে ৷ তালিকাত স্থান পোৱা আন প্ৰাৰ্থী সকল হ’ল প্ৰেমলাল গঞ্জু,মনোজ গৌতম আৰু দিলীপ বৰুৱা।
চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক ,প্ৰাক্তন মন্ত্ৰী তথা লোকসভাৰ সাংসদ ৰকিবুল হুচেইনৰ তনয় তানজিল হুচেইনৰ নাম চামগুৰি সমষ্টিৰ বাবে প্ৰস্তুত কৰা প্ৰাৰ্থী তালিকাত স্থান লাভ কৰিছে । সমষ্টিটোৰ আন প্ৰাৰ্থী সকল হ’ল ছফিকুল ৰহমান আৰু জুৱেৰুল বক্সী ।
বিটিআৰৰ চিডলী বিধানসভা সমষ্টিৰ বাবে তালিকাৰ শীৰ্ষত আছে আছুৰ প্ৰাক্তন সভাপতি তথা কিছুমাহ পূৰ্বে বিপিএফ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা প্ৰবীণ বড়ো ৷ সমষ্টিটোতত সাম্ভাৱ্য কংগ্ৰেছ প্ৰাৰ্থীৰ তালিকাত নাম থকা আন দুজন হ’ল সঞ্জীৱ ৱাৰি আৰু দেৱজিত বসুমতাৰী ৷
বঙাইগাঁও বিধানসভা সমষ্টিৰ বাবে মুঠ চাৰিজন প্ৰাৰ্থীৰ নাম অন্তভুৰ্ক্ত হৈছে ৷ প্ৰাৰ্থী কেইগৰাকী হ’ল ভাস্কৰ সৰকাৰ , ব্ৰজেনজিত সিংহ,জ্যোতিমৰ্য় বৈশ্য আৰু গিৰিশ বৰুৱা ৷ প্ৰাপ্ত খবৰ অনুসৰি চলিত সপ্তাহৰ ভিতৰত চুড়ান্ত প্ৰাৰ্থী তালিকাত কংগ্ৰেছ হাইকামাণ্ডৰ অনুমোদনক্ৰমে মোহৰ মাৰিব এপিচিচিয়ে ৷