Agencies look for pattern in bomb threats to airlines:
সমাজিক মাধ্যমৰ একাংশ ভুৱা একাউণ্টৰ পৰা অজ্ঞাত লোকে দেশৰ অসামৰিক বিমান সেৱা খণ্ডক অস্থিৰ কৰি ৰাখিছে। বিমানত বোমা থকাৰ ভিত্তিহীন খবৰ বিয়পাই উৰম্ভ বিমানত ভুৱা বোমাতংকৰ সৃষ্টি কৰা এনে দুষ্টচক্ৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়াৰ পাছতো একাংশই দুষ্কার্য অব্যাহত ৰাখিছে।
ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ৰ অধীনৰ ব্যুৰ’ অব চিভিল এভিয়েছন (বিচিএএছ)-এ এক নিৰ্দেশনা জাৰি কৰিছে। এক নির্দেশনাত বিমানত বোমা থকাৰ তথ্যৰ উৎসৰ ধৰণ পৰীক্ষা কৰাৰ পৰামৰ্শ সংশ্লিষ্টসকলক দিয়া – হৈছে। যিহেতু সামাজিক মাধ্যমৰ পৰাই ঘাইকৈ এনে ধৰণৰ খবৰ বিয়পে, গতিকে খবৰ বিয়পোৱা একাউণ্টৰ ধৰণৰ – সূক্ষ্মভাৱে নিৰীক্ষণৰ পৰামৰ্শ দিয়া হৈছে। বিমানত বোমা থকাৰ বাতৰিৰ তথ্য তিনিটা ভাগত ক্রমে নির্দিষ্ট তথ্য, অনির্দিষ্ট তথ্য আৰু ভুৱা তথ্য- এই হিচাপত ভাগ কৰিবলৈ বিচিএএছে পৰামৰ্শ দিছে। বিমান বোমা থকাৰ তথ্য প্ৰচাৰিত একোটা সামাজিক মাধ্যমৰ একাউন্ট ব্যৱহাৰকাৰীৰ নিজৰ নামত আছে নে নাই সেয়া পৰীক্ষাৰ কৰাৰ লগতে ভুৱা একাউন্ট নেকি, তাক লক্ষ্য কৰা হ’ব। সূত্ৰৰ মতে, সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা অহা ভাবুকিক ‘নির্দিষ্ট তথ্য’ৰূপে নিৰাপত্তা সংস্থাই গণ্য কৰিব।
ইতিমধ্যে বোমাতংকৰ তথ্য পৰীক্ষণৰ উদ্দেশ্যে এখন সমিতিয়েও কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে। এই সমিতিত ব্যুৰ’ অৱ চিভিল এভিয়েছনৰ প্ৰতিনিধি, বিমানকোঠসমূহৰ সুৰক্ষাত নিয়োজিত চিআইএছএফ আৰু স্থানীয় আৰক্ষীৰ প্রতিনিধিক ৰখা হৈছে। আনহাতে, অজ্ঞাত লোকে সামাজিক মাধ্যম যোগে বিয়পোৱা ভিত্তিহীন খবৰক কেন্দ্ৰ কৰি কালিও দেশৰ শতাধিক বিমানত ভুৱা বোমাতংকৰ সৃষ্টি হয়। এই বিমানসমূহৰ মাজত দেশৰ ভিতৰত চলা আৰু বিদেশলৈ যোৱা বিমানো আছে। উল্লেখ্য যে যোৱা ১৬ দিনত দেশৰ বাহিৰে-ভিতৰে চলাচল কৰা ৫১০খনৰো অধিক বিমানত ভিত্তিহীন বাৰ্তাক কেন্দ্ৰ কৰি ভুৱা বোমাতংকৰ সৃষ্টি হয়।
এনে ভিত্তিহীন বার্তা ঘাইকৈ একাংশ সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা বিয়পি পৰে। প্ৰাপ্ত তথ্য অনুসৰি, কালি এয়াৰ ইণ্ডিয়া বিমান সংস্থাৰ ৩৬খনত, ইণ্ডিগ’ৰ ৩৫খনত আৰু বিস্তাৰাৰ ৩২খন – বিমানত বোমাতংকৰ সৃষ্টি হয়। ফলত এই বিমানসমূহৰ যাত্ৰাত ব্যাঘাত জন্মে। আনহাতে, এনে ঘটনা সংক্রান্তত মুম্বাই আৰক্ষীয়ে এজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এই ব্যক্তিজনৰ পৰা ‘এক্স’ৰ একাউণ্টত তিনিটা বিমান সংস্থাই সংস্থাকেইটাৰ বিমানত বোমা থকা বুলি ভুৱা বার্তা পায়। সোমবাৰে অজ্ঞাত ব্যক্তিজনে ইণ্ডিগ’, এয়াৰ ইণ্ডিয়া আৰু বিস্তাৰালৈ সংস্থাকেইটাৰ বিমানত বোমা থকা বুলি ভুৱা বাৰ্তা প্ৰেৰণ কৰে।
সেইমৰ্মে সংস্থাকেইটাৰ সংশ্লিষ্ট বিমানত বোমাৰ সন্ধান কৰিছে যদিও বোমাৰ সন্ধান উলিয়াবলৈ সক্ষম নহ’ল। তেতিয়া সংস্থাকেইটা মুম্বাই আৰক্ষীৰ দ্বাৰস্থ হয়। ইপিনে, সূত্ৰৰ মতে বিমানত ভুৱা বোমাতংক সৃষ্টি সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে চলিত মাহত ১৪টাকৈ গোচৰ ৰুজু কৰিছে। ইপিনে, সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় তথ্য প্রযুক্তি মন্ত্রণালয়ে সামাজিক মাধ্যমৰ প্লেটফৰ্মসমূহক ভুৱা বার্তা প্ৰতিৰোধৰ বাবে তাৎক্ষণিক পদক্ষেপ ল’বলৈ নিৰ্দেশ জাৰি কৰিছে।
তদুপৰি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ে ভুৱা বোমাতংকৰ দৰে ঘটনা প্ৰতিৰোধৰ উদ্দেশ্যে নতুন আইন প্রণয়নৰ কথাও বিবেচনা কৰিছে বুলি সূত্রই সদৰী কৰিছে। এই সম্পৰ্কত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্রী কে ৰামমোহন নাইডুৱে কয় যে বিমানত ভুৱা বোমাতংকৰ সৃষ্টি কৰা ব্যক্তিক বিমানত ভ্রমণ কৰিব নোৱৰাৰ ব্যৱস্থা গ্ৰহণৰ বিষয়ে চৰকাৰে চিন্তা-চৰ্চা কৰি আছে।
আনহাতে, বিমানত ভুৱা বোমাতংকৰ সৃষ্টিৰ অভিযোগত দিল্লী আৰক্ষীয়ে এজন ২৫ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিছে। দিল্লীৰ উত্তম নগৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই যুৱকজনে দুটা বিমান সংস্থালৈ বিমানত বোমা থকা বুলি দুটা ভুৱা ভাবুকি বার্তা প্ৰেৰণ কৰিছিল।