Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

নাগৰিকৰ স্থান ক’ত ?

# প্রাঞ্জলসেন ডেকা

samimsultana by samimsultana
November 4, 2024
in India, Assam, News
Reading Time: 5 mins read
0
Citizens protest against felling of 100-200 year old trees in Dighalipukhuri: দীঘলীপুখুৰীৰ পাৰৰ ১০০-২০০ বছৰীয়া গছ কটাৰ বিৰোধীৰে নাগৰিকৰ উত্তাল প্ৰতিবাদ
2
SHARES
21
VIEWS
ShareShareShareShare

নাগৰিকৰ স্থান ক’ত ?

# প্রাঞ্জলসেন ডেকা

এই দেশত যে সাধাৰণ নাগৰিকক কেৱল ভোট দিয়া যন্ত্ৰলৈ ৰূপান্তৰিত কৰা হৈছে, সেয়া প্রতিনিয়ত বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা শাসকপক্ষই প্ৰমাণ কৰি আহিছে। মুখেৰে যিমানে গণতন্ত্ৰৰ ধ্বনি দিয়া নহওক কিয়, কার্যত কিন্তু নাগৰিকৰ অধিকাৰ এফালৰ পৰা মষিমূৰহে কৰি পেলোৱা হৈছে। পৰম্পৰা অক্ষুণ্ণ ৰাখি নিৰ্বাচনত ভোটদানৰ জৰিয়তে এচামক ক্ষমতা ভোগৰ ধাৰাবাহিকতা নিশ্চিত কৰাতেই নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য সীমাৱদ্ধ কৰি পেলোৱা হৈছে। ভোট দিয়ক, আৰু সেই ভোটেৰেই নির্বাচিত শাসকে ৰাজসিংহাসনত বহি পকাই দিয়া চাবিৰে পুতলা হৈ নাচক- এয়াই এতিয়া গণতন্ত্ৰৰ নামত নাগৰিকৰ ভূমিকাৰ অৱশিষ্ট ৰৈছেগৈ।

ADVERTISEMENT

গণতন্ত্ৰৰ নামত কি ভণ্ডামিয়েই যে চলা নাই এই মুলুকত! গণতন্ত্ৰত ৰাইজেই ৰজা ইয়াতকৈ মাৰাত্মক প্ৰতাৰণা আৰু কিবা হ’ব পাৰে নে? নাগৰিকৰ ইচ্ছা-অনিচ্ছা, আশা-আকাংক্ষাৰ ন্যূনতম মূল্য আছে বুলিও আজি কোনোবাই অনুভৱ কৰিব পাৰে নে? নাগৰিকৰ অংশগ্ৰহণৰে দেশ পৰিচালনাই যদি গণতান্ত্রিক শাসন ব্যৱস্থাৰ মূলমন্ত্র, তেন্তে এই অসমত কোনটো ক্ষেত্ৰত নাগৰিকৰ অংশগ্ৰহণ দৃষ্টিগোচৰ হৈছে? গুৱাহাটীত আৰু এখন ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে দীঘলীপুখুৰীৰ পাৰৰ শতিকা পুৰণি গছকেইডাল কাটিবলৈ ওলোবা ঘটনাটোৱে গণতন্ত্ৰৰ উলংগ নৃত্য প্রদর্শন কৰা নাইনে?

RelatedPosts

Guwahati Flyover:উৰণীয়া সেতুৰ নক্সা সলনি !

গাহৰিৰ মাংস স্পর্শ কৰিবনে প্ৰভুৱে ?

লক্ষ্য সংখ্যালঘুৱেই !

ক্ষমতাৰ বিকেন্দ্ৰিকৰণ নিশ্চিত কৰিবলৈকে পঞ্চায়ত পর্যায়ত গাঁও সভা আয়োজনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে সংশ্লিষ্ট অঞ্চলত পঞ্চায়তে ৰূপায়ণ কৰিবলগীয়া আঁচনি সমূহ গাঁৱৰ বাসিন্দাসকলৰ দ্বাৰা বাছনি কৰাই লোৱা। গাঁওখনত কোনবোৰ কাম কৰিলে তাৰ বাসিন্দাসকলৰ উপকাৰ হ’ব, তাক তেওঁলোকক নিজেই নির্ধাৰণৰ সুযোগ প্ৰদানৰ জৰিয়তে পঞ্চায়ত ব্যৱস্থাটোৰ স’তে সমাজৰ একেবাৰে তলৰ চামটোকো জড়িত কৰাৰ লক্ষ্য লোৱা হৈছে।

সেই গাঁও সভাবোৰ কিমান সক্রিয়ভাৱে অনুষ্ঠিত হৈছে, তাক নিশ্চিত কৰাটো সংশ্লিষ্ট কর্তৃপক্ষ আৰু সর্বোপৰি চৰকাৰৰ দায়িত্ব। গাঁওসভা যিমান নিয়মীয়া আৰু সক্রিয়ভাৱে অনুষ্ঠিত হ’ব পঞ্চায়তীৰাজ আৰু তাৰ জৰিয়তে ক্ষমতাৰ বিকেন্দ্ৰিকৰণো সিমানেই ফলপ্রসূ হ’ব। তৃণমূল পর্যায়ৰ এই ব্যৱস্থাৰেই গণতান্ত্রিকজীৱনধাৰাক সজীৱ কৰি তোলাৰ সংকল্প লোৱা হৈছিল। ইয়াৰ বিপৰীতে অসমত এতিয়া ক্ষমতাৰ কেন্দ্ৰিকৰণৰ চূড়ান্ত ৰূপহে প্ৰকট হৈছে। ক্ষমতাৰ গজদন্ত মিনাৰত আৰোহণ কৰা দুই-এজন ব্যক্তিৰ ইচ্ছা-অনিচ্ছা, লোভ-মোহ, সুযোগ-সুবিধা অনুসৰিয়ে সকলো পৰিচালিত হৈছে।

তেনে অভিব্যক্তিয়েই পৰিণত হৈছে আইনত। আন বাদেই, ৰাজ্যিক কেবিনেটৰ নামত কি চলিছে- দিছপুৰৰ বেৰত কাণ পাতিলেই বুজা যায়। কিছু বছৰ আগতে ৰাজ্যৰ এখন গুৰুত্বপূর্ণ মেডিকেল কলেজৰ অধ্যক্ষই কোৱা কথালৈ মনত পৰে। এদিন তেওঁ নিজৰ কাৰ্যালয়ত বহি থকাৰ সময়তে হঠাৎ ওপৰৰ মহলত পকা ভঙাৰ প্ৰচণ্ড শব্দ হ’বলৈ ধৰাত অধ্যক্ষ উচপ খাই উঠিল। পৰিস্থিতিৰ বুজ ল’বলৈ ওপৰ মহলালৈ লৱৰি গৈ দেখে কেইজনমান শ্রমিক-মিস্ত্রীয়ে হাতুৰী বটালি লৈ পকা ভাঙি আছে।

অধ্যক্ষই কি হৈছে বুলি সোধ-পোছ কৰাত কাষতে ৰৈ থকা ঠিকাদাৰজন আগবাঢ়ি আহি বেপৰোৱাভাৱে তেওঁক বুজনি দিবলৈ লাগিল। যাৰ সাৰমৰ্ম আছিল, বিভাগীয় মন্ত্ৰীৰ নিৰ্দেশতে তেওঁলোকে এনেদৰে মেডিকেল কলেজ হাস্পতালখনৰ পুনৰ নিৰ্মাণৰ কামত ধৰিছে। গতিকে অধ্যক্ষ উদ্বিগ্ন হোৱাৰ কাৰণ নাই। সমগ্ৰ হাস্পতালৰ ছবিখনেই সলনি কৰি দিবলৈ তেওঁলোক আহি উপস্থিত হৈছে। স্বয়ং মন্ত্ৰীৰেই উদ্যোগ যেতিয়া অধ্যক্ষই আৰু তাত মূৰ ঘমাই নিজলৈ বিপদ চপাই নোলোৱাটোৱে ভাল হ’ব বুলি নিজৰ কাৰ্যালয়ৰ কোঠালৈ উভতিল।

অহাৰ পথত তেওঁ মাথোঁ নিজকে প্রশ্ন কৰি আহিল যে এই ঐতিহ্যমণ্ডিত মেডিকেল কলেজ আৰু হাস্পতালৰ মুৰব্বীৰূপে তাত আৰম্ভ কৰিব বিচৰা পৰিৱৰ্তনৰ বিষয়ে তেওঁ অৱগত হোৱাটো উচিত নাছিল নে ? দিন যোৱাৰ লগে লগে হাস্পতালখনে চৌদিশে বিভিন্ন ধৰণৰ নতুন অট্টালিকা আদিৰে নতুন ৰূপ ল’লে; কোৱা বাহুল্য যে ইয়াৰ বিনিময়ত ৰাজকোষৰ শ শ কোটি টকা ব্যয় হ’ল। পৰৱৰ্তী অধ্যক্ষসকল অৱশ্যে এনে ধৰণৰ নিৰ্মাণ কাৰ্য আদিৰ বিষয়ে আগতীয়াকৈ অৱগত হ’ল নে নহ’ল সেই কথা জনা নগ’ল।

সেই ষ্টাইলটোৱে বিগত চাৰে তিনি বছৰত অসমৰ প্ৰতিটো ক্ষেত্ৰতে ৰাইজে প্রত্যক্ষ কৰিছে। প্ৰতিটো চৰকাৰী সিদ্ধান্ত অথবা পদক্ষেপ এজন-দুজনৰ ব্যক্তিগত খেয়াল খুচিতে চূড়ান্ত হৈছে। য’ত স্বয়ং কেবিনেটৰে প্ৰকৃততে কোনো ভূমিকা নাই, তাত আৰু সাধাৰণ নাগৰিকৰ থাকে কেনেকৈ? আপুনি কে’বাদশক ধৰি বসবাস কৰি অহা ঠাইডোখৰৰ ৰূপ কাইলৈ পুৱা কেনেদৰে সলনি যৈ যাব পাৰে, সেয়া আপুনি শুই উঠি দেখিলেহে জানিব পাৰিব।

ইয়াত নাগৰিকৰ সুবিধা-অসুবিধা অথবা প্রয়োজনীয়তাতকৈ সংশ্লিষ্ট ঠিকাদাৰ-বিষয়া অথবা তেওঁলোকৰ পৃষ্ঠপোষকসকলৰ স্বাৰ্থহে মূল কথা। মুঠতে সকলোতে নাগৰিকৰ অংশগ্ৰহণৰ সুযোগ নাইকিয়া কৰি পেলোৱা হৈছে। সবাতোকৈ বিপজ্জনক কথাটো হৈছে কোনো নাগৰিকৰ গোটে এনে কোনো ধৰণৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধ কৰিলেও তাক শাসকসকলে পেংলাই কৰি অপমান কৰাৰ এক নতুন ধাৰাৰ সৃষ্টি কৰিছে।

যিমানেই জনস্বার্থবিৰোধী নহওক লাগিলে চৰকাৰী পদক্ষেপৰ বিৰোধ কৰাসকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰা হৈছে। নুনমাটিৰ পৰা ৰিজার্ভ বেংকলৈ ফ্লাইঅভাৰ নিৰ্মাণৰ পূৰ্বে সংশ্লিষ্ট অঞ্চলৰ কিছুসংখ্যক নাগৰিকে তাৰ পৰা হ’ব পৰা অসুবিধাৰ বিষয়ে চৰকাৰৰ দৃষ্টিগোচৰ কৰিছিল; কিন্তু তেওঁলোকো একেই পৰিণতিৰ বলি হ’বলগীয়া হৈছিল। এনে ধৰণৰ জনমতলৈ কোনো ধৰণৰ গুৰুত্ব প্রদানৰ প্ৰয়োজন অনুভৱ নকৰিলে চৰকাৰে। সম্প্রতি সেই ফ্লাইঅভাৰৰ বাবেই দীঘলীপুখুৰীৰ অংগক্ষত কৰিবলৈ ওলোৱা হৈছে।

asaam 1ইয়াৰ বিৰোধ কৰি শতিকা পুৰণি গছবোৰৰ সুৰক্ষাৰ বাবে এচাম জ্যেষ্ঠ নাগৰিক আৰু ছাত্র-ছাত্রীয়ে দিনে-নিশাই পহৰা দিবলগীয়া হৈছে। কেৱল গুৱাহাটীয়েই নহয়, সমগ্ৰ অসমকে এই গছ ৰক্ষাৰ আন্দোলনে জোঁকাৰি গৈছে। যিহেতু এই ফ্লাইঅভাৰসমূহ গুৱাহাটীৰ সুচলতাৰ বাবেই নির্মাণ কৰা বুলি চৰকাৰীভাৱে প্ৰচাৰ কৰা হৈছে; গতিকে এই ক্ষেত্রত গুৱাহাটীবাসীৰ মতামতৰ প্ৰয়োজন নাই নেকি?

যি সময়ত সমগ্র বিশ্বজুৰি যিকোনো নতুন সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত ইয়াৰ স’তে জড়িত সকলো পক্ষ (ষ্টেক হোল্ডাৰ)ৰ মতামত গুৰুত্বসহকাৰে গ্ৰহণৰ পৰম্পৰা শক্তিশালীভাবে গঢ় লৈ উঠিছে, সেই সময়ত অসমত স্বেচ্ছাচাৰিতাৰ বিপজ্জনক ধাৰাহে গঢ়ি তোলা হৈছে।

জধে-মধে গঢ়ি তোলা এনে ফ্লাই অভাৰবোৰে আগন্তুক সময়ছোৱাত প্ৰকৃততে গুৱাহাটীৰ যাতায়াতৰ সুচল অথবা আন কোনো ধৰণে সহায় কৰিব বুলি কোনেও নিশ্চয়তা দিব পৰা নাই; বৰঞ্চ ইয়াৰ পৰিণতি নেতিবাচক হোৱাৰ আশংকাহে প্রকাশ কৰিছে বিভিন্নজনে। তদুপৰি কোনো কোনো বিশেষ ব্যক্তি তথা প্রতিষ্ঠানৰ সুবিধা হোৱাকৈ এনে ফ্লাইঅভাৰৰ স্থান আৰু দৈর্ঘ্য সালসলনি হোৱাৰ বিষয়েও সময়ে সময়ে চর্চিত হৈ আহিছে; অথচ বৃহৎ জনমতক সমূলি উপেক্ষা কৰা হৈছে।

নাগৰিকক গুৰুত্বহীন কৰি কাম কৰাটোকে শাসকপক্ষই বীৰত্ব বুলি ভাবিবলৈ লৈছে। ফলস্বৰূপে অপমানিত হোৱাৰ আশংকাত বহু সচেতন নাগৰিকে কোনো কথাৰে বিৰোধ-প্রতিবাদ আদিৰ পৰা আঁতৰত অৱস্থান কৰিবলৈ বাধ্য হৈছে। বৰ্তমানৰ শাসক পক্ষই প্রলোভন-ভাবুকিৰ লগতে বিভিন্ন চাপ সৃষ্টিৰে যিকোনো ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ৰোধ কৰিবলৈ পূর্ণ প্রচেষ্টা চলাই আহিছে।

এনে ৰাজহুৱা প্ৰতিবাদী কাৰ্যসূচী সুস্থ গণতন্ত্ৰৰ অংশৰূপেই স্বীকৃত হৈ আহিছে যদিও ইয়াক ছলে-বলে-কৌশলে প্ৰতিৰোধ কৰি শাসকপক্ষই সাফল্যৰ দাবী কৰি আহিছে; কিন্তু প্রলোভন-ভাবুকিৰে আন্দোলনৰ কাৰ্যসূচী ৰোধ কৰিব পাৰিলেও ৰাইজৰ ক্ষোভ নাইকিয়া কৰাটো সম্ভৱ হৈছে জানো? বৰঞ্চ প্ৰকাশ কৰিব নোৱৰা এনে ক্ষোভে ক্রমশঃ পুঞ্জীভূত ৰূপ লৈছে। আন বাদেই, আকাশলংঘী মূল্যবৃদ্ধিৰ পৰিণতিত নিত্য প্রয়োজনীয় খাদ্য সামগ্রী যোগাৰ কৰিবলৈকো সাধাৰণ নাগৰিকে হাবাথুৰি খাবলগীয়া হৈছে।

আনহাতে, নিম্ন আয়ৰ লোকসকলৰ উপার্জন হ্রাস -পাইছে। ফলস্বৰূপে থাউনি হেৰুৱাই বহুতে গুৱাহাটী এৰি গাঁৱলৈ উভতিবলৈ বাধ্য হৈছে। তথাপি ক’তো কাৰো প্ৰতিবাদ নাই। পূর্বতে সামান্য মূল্যবৃদ্ধি হ’লেই ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি, খালী চিলিণ্ডাৰ মূৰত তুলি ঘোঁৰা গাড়ীত উঠি প্রতিবাদী সমদল উলিওৱা বিজেপি নেতা-কর্মীসকলৰো স্বাভাৱিকতে এতিয়া মুখ বন্ধ।

শাসকসকলৰ বেপৰোৱা মনোভাৱক প্রত্যক্ষ কৰিয়ে সাধাৰণ জনতাই ভাবিবলৈ লৈছে যে এনে ধৰণৰ প্ৰতিবাদ অৰণ্যৰোদনহে; কিন্তু তাৰ অৰ্থ এয়াও নহয় যে মূল্যবৃদ্ধিৰ জুইত দগ্ধ হোৱাৰ পাছতো তেওঁলোকৰ মাজত ক্ষোভৰ অগনি নজ্বলাকৈ আছে।

বৰ্তমানৰ শাসকসকলৰ অধীনত অসমৰ পুৰণি ঐতিহ্যসমূহৰ প্ৰতি এক ধৰণৰ বিৰাগ আন এক পৰিতাপৰ বিষয় হৈ পৰিছে। বিজেপিক সততে ঐতিহ্যৰ প্ৰতি অত্যধিক ৰক্ষণশীল বুলি কোৱা হয় যদিও সেই দলৰে চৰকাৰ এখনৰ ভূমিকালৈ চালে বিভিন্ন প্রশ্নৰ উদ্রেক হয়। এই সময়ছোৱাত একাংশৰ মনত এনে ধাৰণাৰ সৃষ্টি হৈছে যেন অসমখন ২০২১ৰ পাছতহে ও গঢ় লৈ উঠিছে। সেই ধাৰণাকে ৰাজ্যবাসীৰ মনতো প্রোথিত কৰিবলৈ অহৰহ চেষ্টা চলাই থকা হৈছে।

assam 2এইসকল স্বয়ম্ভূ শাসকে সেইবাবেই পুৰণি স্মৃতিচিহ্নসমূহ মচি পেলাবলৈ উঠিপৰি লাগিছে, যেন তাৰ পূৰ্বে অসম নাছিলেই! ইয়াৰ আঁৰত আন এটি গুৰুত্বপূৰ্ণ কাৰণ লুকাই থকা বুলি বুজিব পাৰি। ঐতিহ্যবাহীসকলেই ঐতিহ্যৰ ৰক্ষণাবেক্ষণত গুৰুত্ব প্রদান কৰে। যাৰ ঐতিহ্য দাঙি ধৰিবলৈ একো নাই, সেইসকলৰ মাজতে ঐতিহ্যৰ প্ৰতি এনে ধৰণৰ এলাৰ্জী অস্বাভাৱিক নহ’ব পাৰে। অৱশ্যেই তাৰ ফল ভুগিবলগীয়া হৈছে আৰু হ’ব অসমে।

সি যি কি নহওক, গণতান্ত্রিক দেশ এখনত এনেদৰে নাগৰিকক একাষৰীয়া কৰাটো কাৰোপক্ষেই শুভ লক্ষণ হ’ব নোৱাৰে। সাধাৰণ নাগৰিকৰ পুঞ্জীভূত ক্ষোভৰ এদিন বিস্ফোৰণ ঘটিবই আৰু সেইদিনাই স্বেচ্ছাচাৰিতাৰো অৱসান ঘটিব।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Citizen RightGuwahati flyoverspl Articls
samimsultana

samimsultana

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d