Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

গাহৰিৰ মাংস স্পর্শ কৰিবনে প্ৰভুৱে ?

# প্রাঞ্জলসেন ডেকা

publisher by publisher
June 23, 2025
in News, Assam
Reading Time: 1 min read
0
গাহৰিৰ মাংস স্পর্শ কৰিবনে প্ৰভুৱে ?
6
SHARES
56
VIEWS
ShareShareShareShare

গাহৰিৰ মাংস স্পর্শ কৰিবনে প্ৰভুৱে ?

# প্রাঞ্জলসেন ডেকা

কথাবোৰ অলপ মুকলিকৈয়ে কোৱা যাওক। স্বয়ং মুখ্যমন্ত্রীয়ে যেতিয়া কোনো লুক-ঢাক নোহোৱাকৈ প্ৰতিদিনে কথাবোৰ কৈ আহিছে, গতিকে এই সম্পর্কত নাগৰিকৰ মনতো বিভিন্ন প্রশ্নৰ উদ্ৰেক হোৱাটো স্বাভাৱিক। যোৱা ঈদ-উজ-জোহাৰ পাছৰে পৰা ৰাজ্যৰ কে’বাটাও স্থানত গো-মাংসৰ অৱশিষ্ট উদ্ধাৰক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্রপাত হৈছে।

ADVERTISEMENT

এই প্রসংগতে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ৰাইজক পৰামৰ্শ দিছে যে কোনোবাই গো-মাংস পেলাই থৈ গ’লে, তাৰ প্ৰত্যুত্তৰত তেওঁলোকেও গাহৰিৰ মাংস পেলাই থৈ আহিব লাগে। কাৰো নাম উচ্চাৰণ নকৰিলেও তেওঁ কাক উদ্দেশ্য কৰি এই পৰামৰ্শ আগবঢ়াইছে, তাৰ ব্যাখ্যা নিষ্প্রয়োজন। মুখ্যমন্ত্রীৰ মতে, তেনে কৰিলেই বৰাবৰ হৈ যাব। তাৰ দিনচেৰেক পূর্বে এক সংবাদমেলত মুখ্যমন্ত্রীয়ে কৈছিল যে অসমত এতিয়া গো-মাংসক অস্ত্ৰৰূপে ব্যৱহাৰ কৰা হৈছে। গো-মাংসৰ জৰিয়তে হিন্দুসকলক স্বস্থানৰ পৰা আঁতৰাই পঠিওৱাৰ কৌশল লোৱা হৈছে।

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

আনহাতে, শেহতীয়া আন এক সংবাদমেলত তেওঁ কৈছে যে ৰাজ্যত গো সংৰক্ষণ আইন সঠিকভাবে ৰূপায়ণ নোহোৱা বাবেই গো-মাংসকেন্দ্রিক এনে ধৰণৰ ঘটনা বৃদ্ধি পাইছে ৷ মুখ্যমন্ত্ৰীৰ এনেবোৰ ভাষ্যই কিহৰ ইংগিত দিছে, তাক বিশ্লেষণৰ প্ৰয়োজন। দৰাচলতে সততে আকাশলংঘী দাবী কৰিও পৰিস্থিতি নিয়ন্ত্রণত ৰখাত ব্যর্থ হৈ বিষয়টো আনফালে ঢাল খুওৱাৰ অপচেষ্টাহে এনেবোৰ ভাষ্যত বোধগম্য হয়। ৰাজ্যত গোঁ সংৰক্ষণ আইনখন কঠোৰ আৰু পৰিবৰ্ধিত ৰূপত সংশোধন কৰি বৰ্তমানৰ চৰকাৰেই বলৱৎ কৰিছিল।

আইনখন বিধানসভাত গৃহীত কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীৰ সম্মুখত এনে এক ধাৰণা দিছিল যে এতিয়াৰ পৰা অসমত গো-ধন সম্পূর্ণরূপে সুৰক্ষিত আৰু গো-মাংসৰ বিক্ৰী, সৰবৰাহ, ভক্ষণ আদিও বন্ধ অথবা নিয়ন্ত্রিত হ’ব। কিন্তু এই আইন বলৱতৰ আজি তিনি বছৰ পাছতো পৰিস্থিতিৰ যে কোনো সলনি নহ’ল, সেই কথা মুখ্যমন্ত্ৰীয়েই স্বীকাৰ কৰিবলৈ বাধ্য হ’ল। আইনখনৰ সঠিক ৰূপায়ণৰ ব্যৰ্থতাৰ পৰিণতিতে যদি ৰাজ্যত এনে জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছে, তেন্তে এই ব্যর্থতাৰ দায়িত্ব চৰকাৰৰ মুৰব্বীজনেই মূৰ পাতি লোৱাটো বাঞ্ছনীয়।

সম্প্রতি কেতবোৰ স্থানত গো-মাংসৰ অৱশিষ্ট উদ্ধাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত এই প্রসংগ উত্থাপিত হৈছে যদিও ৰাজ্যত গো-ধনৰ চোৰাং সৰবৰাহ অব্যাহত থকাৰ কথা কোনে নাজানে? অসমৰ পৰা আৰু অসমৰ মাজেদি চুবুৰীয়া বাংলাদেশলৈ গো-ধনৰ এনে চোৰাং সৰবৰাহৰ ছিণ্ডিকেট কাৰ পৃষ্ঠপোষকতাত অব্যাহত আছে সেই কথা আৰু লুকাই থকা নাই। গো সংৰক্ষণৰ বাবে বদ্ধপৰিকৰ বুলি সততে দাবী কৰি অহা বিজেপি চৰকাৰৰ কাৰ্যকালতে এনে দুষ্কাৰ্য অব্যাহত থকাটো চৰম দুর্ভাগ্যজনক।

এই কথা চিৰন্তন সত্য যে উদ্দেশ্য সৎ নহ’লে কোনো কামতে সাফল্য লাভ কৰাটো সম্ভব নহয়। কেবল ৰাজনৈতিক মুনাফা আদায় আৰু প্ৰচাৰ লাভৰ উদ্দেশ্যে হাতত লোৱা কার্যই যে কোনো সৎ উদ্দেশ্য সাধন কৰিব নোৱাৰে, ইয়ে তাৰ এক জ্বলন্ত উদাহৰণ। শেহতীয়া উত্তেজনাৰ পাছত ধুবুৰী ভ্ৰমণৰ সময়ত মুখ্যমন্ত্রীয়ে তাৎপর্যপূর্ণভাৱে মন্তব্য কৰে যে গো-ধনৰ সৰবৰাহকাৰীৰ সক্রিয়তা বৃদ্ধি পাইছে। সেই চোৰাং কাৰবাৰী চক্রই পশ্চিমবংগৰ পৰা বৃহৎ পৰিমাণৰ গো-ধনৰ চোৰাং সৰবৰাহ কৰি আছে।

অৱশ্যে পূৰ্বৰ দৰেই এইবাৰো তেওঁ গো-ধনৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্রহণৰ আশ্বাস দোহাৰিবলৈ নাপাহৰিলে। লক্ষ্যণীয় এয়ে যে দীর্ঘদিন ধৰি এনেদৰে গো-ধনৰ চোৰাং সৰবৰাহৰ কথা প্ৰকাশ পাই আহিছে আৰু আনকি বিধানসভাতো উত্থাপিত হৈছে যদিও আজি পর্যন্ত ইয়াৰ কাণ্ডাৰীসকলৰ নোম এডালো চুবলৈ আৰক্ষী সক্ষম নহ’ল কিয় তাৰ উত্তৰেই বা কোনে দিব? ধুবুৰীৰ দৰে প্ৰতিটো ঘটনাতে কেইজনমান সাধাৰণ অপৰাধীক ধৰ-পাকৰ কৰাতে গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰু গো সংৰক্ষণৰ অভিযান স্তব্ধ হৈ পৰে।

ধুবুৰীৰ ঘটনাৰ সন্দৰ্ভত একাংশ ব্যক্তি-সংগঠনে এনেদৰে অভিযোগ কৰিছে বুলি প্রকাশ পাইছে যে ধুবুৰী ঈদগাহ সমিতিয়ে ঈদত কোৰবানি দিবলৈ চাৰি হেজাৰ গৰু আনিবলৈ জিলা প্ৰশাসনৰ পৰা অনুমতি বিচাৰিছিল; কিন্তু ঈদৰ পূর্বে যোৱা তিনিৰ পৰা পাঁচ জুনৰ ভিতৰত পশ্চিমবংগৰ পৰা বক্সিবহাট সীমান্তইদি লক্ষাধিক গো-ধন অনা হয়। নিৰাপত্তা বাহিনীৰ সম্মুখেদি গো সংৰক্ষণ আইন উলংঘা কৰি এনেদৰে অনায়াসে গো-ধন কঢ়িয়াই অনাত একাংশ হিন্দু ধর্মাৱলম্বী ব্যক্তি-সংগঠনে আপত্তি জনায়। তাৰ পাছতহে চৰকাৰৰ গা লৰে যদিও তেতিয়ালৈ বিশেষ কৰিবলগীয়া একো বাকী নাছিল। এনে পৰিপ্ৰেক্ষিতত এই কথা বুজিবলৈ অসুবিধা নহয় যে বৈধই হওক বা অবৈধই হওক, গো-ধনৰ সৰবৰাহ বন্ধ হোৱাটো সেইবোৰ মহলৰ কাম্য নহয়।

চুবুৰীয়া বাংলাদেশত দুগুণৰো অধিক মূল্য লাভ কৰা হেতুকে গো-ধনৰ চালান দীর্ঘকাল ধৰি অসমৰ এচামৰ বাবে এক অতি লাভজনক চোৰাং বেহাৰূপে স্বীকৃত হৈ আহিছে। চৰকাৰ-প্ৰশাসনৰ পৰা আৰক্ষী আৰু অন্যান্য বিভিন্ন সংগঠনেও ইয়াত পৃষ্ঠপোষকতা অথবা সহযোগিতা কৰি আর্থিকভাবে লাভবান হৈ আহিছে। সেই বাবেই মুখেদি অনর্গল গো মাতাৰ সংৰক্ষণৰ কথা ক’লেও গৰুৰ ছিণ্ডিকেট বন্ধ হোৱাটো সংশ্লিষ্টসকলৰ কোনোৱেই নিবিচাৰে।

সেয়েহে মুখ্যমন্ত্রীয়ে কোৱাৰ দৰে গো সংৰক্ষণ আইনখন সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ আঁৰত এনেবোৰ কাৰকে ক্রিয়া কৰিছে নেকি বুলি ৰাইজৰ মনত প্রশ্ন উত্থাপিত হোৱাটো স্বাভাৱিক। গো-মাংসৰ অৱশিষ্ট উদ্ধাৰৰ ঘটনাৰ পাছত মুখ্যমন্ত্ৰীয়ে ধুবুৰীত নিশা দুষ্কৃতিকাৰীক দেখা মাত্রকে গুলীওৱাৰ নিৰ্দেশ দি মন্তব্য কৰে যে তেতিয়াহে গৃহ বিভাগৰ অস্তিত্ব চকুত পৰিব। ৰাজ্যত গৃহ বিভাগ যে কার্যতঃ অস্তিত্বহীন হৈ পৰিছে আৰু সেইবাবেই প্রতিদিনেই বিভিন্ন অশান্তিকব ঘটনা বৃদ্ধি পাইছে, সেই কথা মুখ্যমন্ত্রীৰ কথাতে স্পষ্ট হৈছে। সেইবাবে গুলি ফুটাই অস্তিত্ব প্রকাশ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। মুখ্যমন্ত্রীয়ে অধিকাৰ কৰি থকা গৃহ বিভাগৰ এটাৰ পাছত আনটো ব্যর্থতা নিজেই এনেদৰে উদঙাই দিয়াটোও আশ্চর্যকৰ।

হিন্দু ধর্মাৱলম্বীলৈ মুখ্যমন্ত্রীয়ে আগবঢ়োৱা পৰামর্শই সচেতন ৰাইজক হতবাক কৰি তুলিছে। অভিযোগ উত্থাপিত হোৱাৰ দৰে কোনো ইছলামধর্মীয়ে গো-মাংস পেলাই থৈ গ’লে তাৰ প্ৰত্যুত্তৰত হিন্দুসকলক গাহৰিৰ মাংস পেলাই থৈ আহিবলৈ দিয়া পৰামৰ্শই কে’বাটাও প্রশ্ন উত্থাপন কৰিছে। ৰাজ্যত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সমাজক সুস্থিৰ কৰি ৰখাৰ দায়িত্ব আৰু কর্তৃত্ব অর্পণ কৰা হৈছে চৰকাৰৰ হাতত। এতিয়া সেই দায়িত্ব পালনত শোচনীয়ভাবে ব্যর্থ হৈ চৰকাৰৰ মুৰব্বীজনে একাংশ ৰাইজক আইন হাতত তুলি ল’বলৈ পৰামৰ্শ দিছে।

ইয়াৰ জৰিয়তে এহাতে তেওঁ নিজৰ চৰম ব্যর্থতা স্বীকাৰ কৰিছে আৰু আনহাতে আইনবিৰোধী কার্যত লিপ্ত হৈছে। শেহতীয়া ঘটনাৱলীত ধুবুৰী, লখিমপুৰ আদি স্থানত মন্দিৰ আৰু নামঘৰৰ সমীপত গো-মাংসৰ অৱশিষ্ট কোনো দুর্বৃত্তই পেলাই থৈ যোৱাৰ ঘটনা সংঘটিত হৈছে। এতিয়া মুখ্যমন্ত্রীৰ পৰামর্শ মানিবলৈ হ’লে মন্দিৰৰ পূজাৰীয়ে গাহৰি মাংস বিচাৰি আনি মুছলমানৰ বসতিস্থল অথবা মছজিদৰ সম্মুখত পেলাই থৈ আহিব লাগিব। নামঘৰৰ ক্ষেত্ৰতো নামঘৰীয়া অথবা সত্ৰাধিকাৰ প্ৰভুবে একে কামকে কৰিব লাগিব। প্রশ্ন হ’ল, এই প্রভু অথবা পূজাৰীয়ে গাহৰিৰ মাংস স্পর্শ কৰিবনে ?

গো-মাংসৰ দৰেই গাহৰিৰ মাংসও ব্রাহ্মণকে ধৰি বৰ্ণ হিন্দুসকলৰ বহুতৰ বাবে অস্পৃশ্য অথবা অভক্ষণীয়। মুখ্যমন্ত্রীৰ পৰামৰ্শ গ্রহণ কৰি সেইসকল ধর্মভ্রষ্ট হ’বনে সেই কথা নিশ্চিত কৰিব কোনে? ইছলাম ধৰ্মৰ লোকৰ বসতি অঞ্চলত গাহৰিৰ মাংস দলিয়াই হিন্দু ৰাষ্ট্র গঠন কৰাটো সম্ভৱ হ’ব নেকি? আনহাতে, মন্দিৰ অথবা নামঘৰৰ পৰিৱৰ্তে হিন্দুৰ আন বসতিস্থলত গো-মাংস পেলাই থৈ যোৱাৰ প্ৰত্যুত্তৰ দিবলৈ কোনো হিন্দুরে যদি মছজিদত গাহৰিৰ মাংস পেলাবলৈ যায়, তেন্তে ধর্মীয় স্থলৰ পৱিত্ৰতা বিনষ্ট কৰাৰ একেই অভিযোগত আইনী প্রক্রিয়াৰ সন্মুখীন হ’ব নালাগিবনে ? এনেদৰে এইসকলক আইন হাতত তুলি ল’বলৈ প্ৰৰোচিত কৰা হৈছে কি উদ্দেশ্যত সেই কথা কাৰো বুজিবলৈ বাকী নাই।

যি সময়ত অসমৰ যুৱপ্ৰজন্মক সঠিক দিশে আগবঢ়াই নি উপযুক্ত মানৱ সম্পদৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত সর্বাধিক গুৰুত্ব প্ৰদানৰ প্ৰয়োজন, সেই সময়ত মুখ্যমন্ত্রীয়ে তেওঁলোকক গাহৰিৰ মাংস আন ধৰ্মৰ লোকৰ অঞ্চলত পেলাই থৈ আহিবলৈ পৰামৰ্শ দিছে ! ইতিমধ্যে এই কথাৰ চৰ্চা হৈছে, কিদৰে অসমৰ খিলঞ্জীয়া ৰাইজৰ হাতত থকা বেহা বেপাৰ একাংশ বহিৰাগত লোকৰ হস্তগত হৈছে। অভিবাসী মুছলমানসকলে অমানুষিক শ্ৰমৰ জৰিয়তে খেতি-বাতিৰ লগতে অন্যান্য বৃত্তিসমূহতো আগবাঢ়ি যাবলৈ সক্ষম হৈছে। ইতিপূর্বে দেশৰ অন্যান্য প্ৰান্তৰ পৰা আহি অসমত বসতি স্থাপন কৰা একাংশ লোকে বৃহৎ ব্যৱসায়-বাণিজ্য কুক্ষিগত কৰিছে।

একে ধৰণৰ শ্ৰমৰ জৰিয়তে তেওঁলোকৰ স’তে ফেৰ মাৰিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে শূন্যত গদা ঘূৰাই তেওঁলোকক শত্রুজ্ঞান কৰাটো নিশ্চয়কৈ যুক্তিৰ কাম নহয়; অথচ ন্যস্তস্বাৰ্থৰ বাবে এচামে তাকে কৰি অযথা উত্তেজনাৰ সৃষ্টি কৰিছে। গাহৰিৰ মাংস পেলাই থৈ আহিবলৈ পৰামৰ্শ দিয়াৰ পৰিৱৰ্তে যুৱচামক কৌশলী কর্মশক্তিৰূপে গঢ়ি তোলাৰ আঁচনিহে গ্ৰহণ কৰাটো বাঞ্ছনীয়। যোগ্য ভোগ্য বসুন্ধৰা-নীতিৰে পৰিচালিত এই পৃথিৱীত নিজৰ যোগ্যতা গঢ়ি তোলাৰ বিকল্প নাই। এই প্রসংগতে মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত নীট পৰীক্ষাৰ শেহতীয়া ফলাফলৰ বিষয়ে উনুকিয়াব পাৰি।

মুখ্যমন্ত্ৰীয়ে সততে ৰাজনৈতিক কাৰণত তুচ্ছ-তাচ্ছিল্য কৰি অহা প্রাক্তন সাংসদ বদরুদ্দিন আজমলৰ পৰিয়ালৰ দ্বাৰা পৰিচালিত আজমল ফাউণ্ডেছনৰ অধীনস্থ শিক্ষানুষ্ঠানৰ পৰা এইবাৰ পাঁচ শতাধিক ছাত্র-ছাত্রীয়ে ৰাজ্যত মেডিকেল কলেজত নামভৰ্তিৰ বাবে যোগ্যতা অর্জন কৰিছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ বহু নামী-দামী শিক্ষানুষ্ঠানেও সেই একে কামেই কৰিবলৈতো সক্ষম হোৱা নাই! অপ্রিয় হ’লেও সত্য যে আজমলৰ এই শিক্ষানুষ্ঠানত প্রায়সংখ্যক ছাত্র-ছাত্রীয়েই ইছলামধর্মী তথা তথাকথিত মিঞা। যোগ্যতাৰ প্ৰশ্নত ধর্ম অথবা গো-মাংস, গাহৰি মাংস আদি বিষয়বোৰে সহায় কৰিব নোৱাৰাটো ইয়েই প্রতিপন্ন কৰে। অৱশ্যে শেহতীয়াভাৱে এই শিক্ষানুষ্ঠানৰ উন্নত ফলাফললৈ লক্ষ্য ৰাখি অসমীয়া হিন্দু পৰিয়ালেও নিজৰ সন্তানৰ তাত নামভৰ্তি কৰাবলৈ আগ্রহী হৈছে।

গতিকে নিজৰ ৰাজনৈতিক স্বার্থপূৰণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে ‘আমাৰ’ ল’ৰা-ছোৱালীক ‘তেওঁলোকৰ বিৰুদ্ধে’ আইন হাতত তুলি অবাটে যাবলৈ প্ৰৰোচিত কৰাৰ পৰিৱৰ্তে তেওঁলোকক যোগ্যবান কৰি তোলাতহে গুৰুত্ব আৰোপ কৰা উচিত। কোনো এক বিশেষ শিক্ষানুষ্ঠানৰ প্ৰসংগত সততে সমালোচনাৰ সন্মুখীন হোৱা তথা সুদীর্ঘ ২৫ বছৰ কাল বিধায়ক-মন্ত্রী-মুখ্যমন্ত্রী হৈ থকা হিমন্ত বিশ্ব শর্মাই কিয় নীটত অন্ততঃ ‘আমাৰ’ এশ ল’ৰা-ছোৱালীৰ যোগ্যতা অর্জন কৰিব পৰা এক শিক্ষানুষ্ঠান গঢ়ি তুলিব নোৱাৰিলে? এই সময়ছোৱাৰ অধিকাংশ সময় তেওঁ মন্ত্রীৰূপে কাৰ্যনিৰ্বাহ কৰা ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ দৈন্য দশাৰ বিষয়ে আনকি চৰকাৰী প্ৰতিবেদনতে প্রতিদিনে প্রকাশ পাই আছে। গতিকে দায়িত্ব পালনত নিজৰ ব্যৰ্থতা লুকুৱাই সাধাৰণ ৰাইজক প্ৰৰোচিত কৰি ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ চলোৱা এনে অপচেষ্টা গৰিহণাৰ যোগ্য নহয়নে?

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Pranjalsen DekaProk Meatspl Articls
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d