Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Sitaram Yachury:সীতাৰাম য়েচুৰী

# প্রাঞ্জলসেন ডেকা

samimsultana by samimsultana
September 16, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Sitaram Yachury:সীতাৰাম য়েচুৰী
2
SHARES
15
VIEWS
ShareShareShareShare

Sitaram Yachury:সীতাৰাম য়েচুৰী

# প্রাঞ্জলসেন ডেকা

দেশৰ ক্ষমতাসৰ্বস্ব ৰাজনীতিৰ দৌৰাত্ম্যত নীতি-আদর্শ পলাই ফাট মৰাৰ সময়ত নেতাৰ বিষয়ে লিখিবলগীয়া হোৱাটো একপ্ৰকাৰ বিড়ম্বনাই। তাতে আকৌ ক্রমশঃ প্ৰাসংগিকতা হেৰুৱাবলৈ ধৰা বাওঁপন্থী নেতাৰ বিষয়ে দেশবাসীৰ আগ্রহ হ্রাস পোৱাটোৱেই স্বাভাৱিক। কিন্তু এনে এক প্রত্যাহ্বানপূর্ণ জটিল সময়তো চিপিআই (এম) ক দেশৰ ৰাজনীতিত প্ৰাসংগিক কৰি ৰাখিবলৈ তৎপৰ হোৱা দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকী আছিল সদ্যপ্রয়াত সীতাৰাম য়েচুৰী।

ADVERTISEMENT

২০১৫ত কোড়িকোড় পার্টি কংগ্ৰেছত য়েচুৰীক যি সময়ত চিপিএমৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক নির্বাচিত কৰা হয়, তেতিয়া নৰেন্দ্র মোদীৰ দৰে এগৰাকী শক্তিশালী প্রধানমন্ত্রীৰ নেতৃত্বত কেন্দ্ৰত বিজেপিৰ চৰকাৰে শাসনভাৰ হস্তগত কৰিছিল। চৰকাৰ পৰিচালনাৰ সমান্তৰালভাৱে দেশৰ ৰাজনীতিতো যথেষ্ট পৰিবৰ্তন আনিবলৈ আৰম্ভ কৰিছিল। সেই মোদী আৰু বিজেপিৰ শক্তিক ৰাজনৈতিকভাবে মোকাবিলাৰ বাবে য়েচুৰীয়ে বিৰোধী দলসমূহক ঐক্যবদ্ধ কৰিবলৈ প্রচেষ্ট অব্যাহত ৰাখিছিল।

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

Rage :আপোনাৰ বছে সৰু সৰু কথাক লৈ খং কৰে নেকি ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

আজীবন মার্ক্সবাদী হ’লেও সীতাৰাম য়েচুৰী গোড়া অথবা সিদ্ধান্তবাদী নাছিল; বৰঞ্চ সকলোকে লগত লৈ চলা এক উদাৰ মধ্যমপন্থী নেতা আছিল বুলিয়ে পৰিচিত হৈ আহিছে। সেই বাবেই দলৰ বাহিৰতো য়েচুৰীৰ প্ৰয়োজনীয়তা আছিল অপৰিসীম। অ-বিজেপি দলসমূহৰ বাবে আছিল তেওঁ সর্বগ্রহণযোগ্য। তেওঁৰ বিদায় সামগ্রিকভাবে দেশৰ ধৰ্মনিৰপেক্ষ ৰাজনীতিৰ বাবে বৃহৎ ক্ষতি বুলি সেয়েহে সকলোৱে স্বীকাৰ কৰিছে। ৰাষ্ট্ৰীয় ৰাজনীতিত য়েচুৰীৰ দৰে সর্বগ্রহণযোগ্য ভূমিকা গ্রহণ কৰিবলৈ সামর্থ্যবান পৰৱৰ্তী কোনো নেতা এই পর্যন্ত চিপিএমত দৃষ্টিগোচৰ হোৱা নাই। ৰাষ্ট্ৰীয় ৰাজনীতিত বিপর্যস্ত হৈ পৰা চিপিএমক অধিক বিপন্ন কৰিয়ে যেন গুচি গ’ল সীতাৰাম য়েচুৰী।

দলীয় সতীর্থসকলৰ মাজত ‘সীতা’ৰূপেই জনপ্রিয় য়েচুৰীৰ জন্ম মাদ্রাজ (বৰ্তমানৰ (চেন্নাই)ত ১৯৫২ৰ ১২ আগষ্টত। তেওঁলোক অন্ধ্রপ্রদেশৰ হায়দৰাবাদৰ তেলুগুভাষী পৰিয়াল। পিতৃ সর্বেশ্বৰা য়েচুৰী আছিল ৰাজ্যিক পৰিবহণ সংস্থাৰ অভিযন্তা আৰু মাতৃও চৰকাৰী বিষয়া। হায়দবাবাদৰ অল ছেইন্ট স্কুলত তেওঁৰ শিক্ষা আৰম্ভ হয় যদিও ১৯৬৯ত তেলেংগানা আন্দোলনে অন্ধ্রক উত্তপ্ত কৰি তোলাত তেওঁক দিল্লীলৈ প্রেৰণ কৰে পিতৃ-মাতৃয়ে। দিল্লীৰ প্ৰেছিডেন্ট ইস্টে স্কুলৰ পৰা চিবিএছইৰ দ্বাদশ শ্রেণীৰ পৰীক্ষাত সমগ্র দেশৰ ভিতৰতে য়েচুৰীয়ে প্রথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হয়।

তাৰ পাছত তেওঁ অর্থনীতিক গুৰু বিষয়ৰূপে লৈ ছেইন্ট ষ্টীফেনছ কলেজৰ পৰা স্নাতক আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। ছাত্র অৱস্থাৰ পৰাই তেওঁ ৰাজনীতিৰ স’তে জড়িত হৈ পৰে। স্কুল শিক্ষান্ত পৰীক্ষাত দেশৰ প্ৰথম ছাত্ৰজনেই পাছলৈ তেওঁৰ দল চিপিআই (এম) ৰো শীর্ষ পদত অধিষ্ঠিত হয়। এগৰাকী বিদ্বান, চিন্তাশীল, অধ্যয়নপুষ্ট আৰু বিশিষ্ট লেখকৰূপেই নহয়, বিচাৰধাৰাক লৈ অহৰহ যুঁজ দিয়া এগৰাকী নেতাৰূপেও য়েচুৰীক গুণমুগ্ধসকলে মনত ৰাখিব।

য়েচুৰীয়ে প্রথমে বিবাহ সম্পন্ন কৰিছিল বাওঁ মহিলা আন্দোলনৰ অগ্ৰণী নেত্রী তথা শিক্ষাবিদ বীণা মজুমদাৰৰ কন্যা ইন্দ্রাণী মজুমদাৰৰ স’তে। তেওঁলোকৰ দুই সন্তান সাংবাদিক পুত্র আশিসৰ যোৱা ২০২১ত ক’ভিডৰ সময়ছোৱাত অকাল মৃত্যু ঘটে। আনহাতে, কন্যা অখিলাই ইউকেৰ এডিনবৰা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। কেইবছৰমান পূর্বে ইন্দ্ৰাণীৰ স’তে বিবাহ বিচ্ছেদৰ পাছত য়েচুৰীয়ে সাংবাদিক সীমা চিস্তিক দ্বিতীয় বিয়া কৰায়।

মাতৃভাষা তেলুগু হ’লেও কমেও আঠটা ভাষাত দখল আছিল য়েচুৰীৰ। হিন্দী, ইংৰাজীৰ লগতে বাংলা, তামিল,মালয়ালম আদি ভাষাও আছিল সেই তালিকাত। এগৰাকী সুবক্তা য়েচুৰীয়ে শ্রোতাৰ মনোভাৱ বুজি পাবলৈ সক্ষম আছিল আৰু তেওঁ নিজৰ বিচাৰধাৰাৰ স’তে আনক সহমতত উপনীত কৰাবলৈ কি কৰাৰ প্ৰয়োজন, তাক বুজিবলৈ অহৰহ চেষ্টাত ব্রতী হৈছিল। এগৰাকী দক্ষ সংগঠকৰূপে তেওঁ যিকোনো জটিল বিষয় চম্ভালি ল’বলৈ সক্ষম আছিল; কিন্তু সবাতোকৈ উল্লেখযোগ্য এয়ে যে আনৰ হৃদয় জয় কৰিব পৰা তেওঁৰ এক ব্যক্তিত্ব আছিল। এই কথাত নিশ্চয় দ্বিমত নাথাকে যে ভাৰতৰ দৰে এখন দৰিদ্ৰ তথা উন্নয়নশীল দেশত চিপিএম মূলসুঁতিৰ ৰাজনৈতিক শক্তিৰূপে অৱতীর্ণ হ’বলৈ সক্ষম নহ’ল।

ইয়াক লৈ দীর্ঘদিন বিভিন্ন চর্চা চলি আহিছে। কেৰালা, পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ বাদে দেশৰ আন কোনো ৰাজ্যত এই দল কিয় সফল নহ’ল, সেয়াও দীঘলীয়া চৰ্চাৰ অংশ। বিগত দশকত পশ্চিমবংগত দলে বিধানসভা আৰু লোকসভাত এখনো আসনত জয়ী হ’বলৈ সক্ষম হোৱা নাই। তেনেদৰেই ত্ৰিপুৰাতো দলৰ স্থিতি ক্রমশঃ হতাশজনক হৈ পৰিছে। এনে ব্যর্থতাৰ পাছতো য়েচুৰীক সমাবেশী ভাৰতৰ প্রতি দায়বদ্ধ তথা ৰাষ্ট্ৰীয় ৰাজনীতিক প্রভাৱিত কৰিবলৈ সক্ষম বাওঁপন্থী নেতাৰূপেই গণ্য কৰা হ’ব।

বিশেষকৈ ১৯৮৯ৰ পৰা ২০২৪ লৈ বিজেপি বিৰোধী বিকল্প গঠনত তেওঁৰ ভূমিকা স্মৰণীয় হৈ ৰ’ব। প্রণিধানযোগ্য যে জেএনইউত অধ্যয়ন কালতে য়েচুৰীয়ে চিপিএমৰ ছাত্র সংগঠন এছএফআইত যোগদান কৰে ৷১৯৭৫ত ইন্দিৰা গান্ধীয়ে দেশত জৰুৰীকালীন অবস্থা ঘোষণা কৰাত তেওঁ কাৰাবৰণ কৰিবলগীয়া হৈছিল। তেওঁ কিছুদিন আত্মগোপনো কৰিছিল। য়েচুৰী জেএনইউ ছাত্রসংঘৰ সভাপতিও নির্বাচিত হয়। জৰুৰীকালীন সময়ৰ পৰাই ছাত্র আন্দোলনত উত্তপ্ত হৈ পৰে জেএনইউ। তাৰ পাছতো এই আন্দোলন অব্যাহত থাকে। তেতিয়াই য়েচুৰীৰ দাবীত আন্দোলনকাৰী ছাত্ৰসকলে তদানীন্তন প্রধানমন্ত্রী তথা বিশ্ববিদ্যালয়ৰ আচার্য ইন্দিৰা গান্ধীক নিজ হাতে স্মাৰকপত্র গ্রহণৰ দাবী জনায়। সেই দাবীৰ প্রতি প্রধানমন্ত্রীয়ে সঁহাৰি দি ছাত্রনেতাসকলক তেওঁৰ বাসভৱনলৈ মাতি পঠিয়ায়।

তাত প্রধানমন্ত্রী গান্ধীক সমুখত থিয় কৰাই য়েচুৰীয়ে স্মাৰকপত্র পাঠ কৰে। তেতিয়াৰ পৰাই জেএনইউত বাঁও ছাত্র সংগঠনৰ সুদৃঢ় ভেটি গঢ় লৈ উঠে যি আজিও শক্তিশালী হৈয়ে আছে। ১৯৮৪ত য়েচুৰী এছএফআইৰ ৰাষ্ট্ৰীয় সভাপতি নির্বাচিত হয়। তাৰ পৰৱৰ্তী বছৰতে তেওঁ চিপিএমৰ কেন্দ্রীয় কমিটীলৈ নির্বাচিত হয়। ১৯৯২ত দলৰ পলিটব্যুৰ’ৰ সদস্য নির্বাচিত হয়। ই এম এছ নাম্বুদিৰিপাদ প্রমুখ্যে চিপিএমৰ দিগ্‌গজ নেতাসকলে নতুন প্ৰজন্মক দলৰ নেতৃত্বত জড়িত কৰিবলৈ তৎপৰ হৈছিল।

তাৰেই অংশৰূপে য়েচুৰী, প্রকাশ কাৰাট, বুদ্ধদেৱ ভট্টাচার্য, বিমান বসু প্রমুখ্যে পৰৱৰ্তী পর্যায়ত প’লিটব্যুৰ’ত স্থান লাভ কৰে। অৱশ্যে য়েচুৰী আছিল এইসকল দ্বিতীয় প্ৰজন্মৰ নেতাৰ সৰ্বকনিষ্ঠ। চিপিএমৰ উদাৰপন্থী নেতা য়েচুৰী আছিল প্রকাশ কাৰাট প্ৰমুখ্যেসকলৰ বিপৰীতমুখী। অৱশ্যে বিভিন্ন সিদ্ধান্তক লৈ মতভেদ থাকিলেও কাৰাট আৰু য়েচুৰীয়ে ঐক্যবদ্ধভাবে দলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চেস্টাব ত্রুটি কৰা নাছিল।

য়েচুৰীয়ে নেতৃত্বৰ বিভিন্ন সিদ্ধান্তৰ বিৰোধিতা কৰিছিল দলৰ মজিয়াত। দেশৰ ৰাজনৈতিক প্রেক্ষাপটত কংগ্ৰেছৰ স’তে সমন্বয় ৰাখি চলাৰ পক্ষপাতি আছিল য়েচুৰী। আনকি পৰমাণু চুক্তিক কেন্দ্র কৰি ড° মনমোহন সিং নেতৃত্বাধীন ইউপিএ চৰকাৰৰ পৰা সমর্থন প্রত্যাহাৰৰ সিদ্ধান্তৰো তেওঁ আছিল বিৰোধী। ই চিপিএমৰ ক্ষতিহে কৰিব বুলি তেওঁ আনকি দলৰ তদানীন্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কাৰাট প্রমুখ্যে শীর্ষ-নেতৃত্বক পতিয়ন নিয়াবলৈও চেষ্টা কৰিছিল। তেনেদৰেই দলৰ প্রবীণ নেতা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সোমনাথ চেট্টাজীক বহিষ্কাৰৰ দলীয় সিদ্ধান্তৰো তেওঁ বিৰোধিতা কৰিছিল।

আনকি য়েচুৰীয়ে দলৰ নেতৃত্ব লাভ কৰাৰ পাছত দললৈ প্রত্যাৱর্তনৰ প্ৰস্তাৱ লৈ চেট্টাজীৰ বাসভবনলৈও গৈছিল যদিও অপমানিত বোধ কৰা প্ৰবীণ নেতাগৰাকী তাত মাস্তি নহ’ল। তেনেদৰেই দলৰ নীতি পাৰ কৰি তেওঁ পশ্চিমবংগৰ বিধানসভা নির্বাচনত কংগ্ৰেছৰ স’তে আসন বুজাবুজিত সম্মতি দিছিল।

কেবল যে বিকল্প মর্চা গঠনতে তেওঁৰ ভূমিকাৰ অন্ত পৰিছিল সি নহয়, ২০০৪ত প্রথম ইউপিএ চৰকাৰৰ ন্যূনতম উমৈহতীয়া কর্মসূচী প্রস্তুততো গুৰুত্বপূর্ণ অৰিহণা আছে য়েচুৰীৰ। কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ স’তে মিলি তেওঁ এই কাৰ্যসূচীৰ দায়িত্ব চম্ভালিছিল। তেনেদৰেই ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বিজেপি বিৰোধী জোট ‘ইন্ডিয়া’ গঠনতো য়েচুৰীৰ ভূমিকা আছিল উল্লেখনীয়। বিভিন্ন অন্তৰ্বিৰোধ থকা দলসমূহক একেখন মঞ্চলৈ অনাৰ ক্ষেত্ৰত তেওঁ আছিল সক্রিয় আৰু সফল।

২০০৫ৰ পৰা ২০১৭ লৈ দুটা কার্যকাল অর্থাৎ ১২ বছৰ ৰাজ্যসভাৰ সাংসদৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়তো য়েচুৰীয়ে নিজৰ দক্ষতাৰ ছাপ এবি যাবলৈ সক্ষম হৈছিল। কেবল সাৰুৱা ভাষণৰ বাবেই নহয়, বিৰোধী দলসমূহৰ মাজত সদনৰ মজিয়াত সমন্বয় গঢ়ি তোলাৰ ক্ষেত্ৰতো তেওঁৰ আছিল অগ্রণী ভূমিকা। তেওঁৰ এনে ভূমিকাৰ বাবেই য়েচুৰীৰ দ্বিতীয়টো কার্যকাল সমাপ্তিৰ পাছতো অন্যান্য দলৰ নেতৃত্বই বিচাৰিছিল চিপিএমে তেওঁক আকৌ এবাৰ ৰাজসভাৰ বাবে মনোনীত কৰক; অৱশ্যে ইতিমধ্যে তেওঁ চিপিএমৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব গ্রহণ কৰিছিল। চিপিএমৰ সংবিধান অনুসৰি দলৰ সাধাৰণ সম্পাদকৰ পদত তিনিটা কার্যকালৰ অধিক কার্যনির্বাহ কৰিব নোৱাৰে।

অহা এপ্রিলত এই পদত য়েচুৰীৰ তিনিটা কার্যকাল পূর্ণ হোৱাৰ কথা আছিল। মাদুৰাইত অনুষ্ঠিত হ’বলগীয়া পার্টি কংগ্ৰেছৰ পূর্বে য়েচুৰীৰ স্থানত কোন বহিব তাকে লৈ দলৰ অন্দৰ মহলত চর্চা অব্যাহত আছে। অধিকাংশ নেতাই দলৰ তিনি-চতুর্থাংশ সদস্যৰ সমৰ্থনত পুনৰ য়েচুৰীকে সাধাৰণ সম্পাদক পদত দায়িত্ব প্রদানৰ বাবে আগ্রহী। আনকি প্রকাশ কাৰাটো তাত মান্তি হৈছিল বুলি প্রকাশ পাইছে; কিন্তু যোৱা বৃহস্পতিবাৰে হাওঁফাওঁ জনিত ৰোগত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ
কৰি তেওঁ তাৰ সুযোগেই নিদিলে। অৱশ্যে ভাৰতৰ গণতান্ত্রিক আৰু ধৰ্মনিৰপেক্ষ পৰম্পৰা অক্ষুণ্ণ ৰখাৰ লগতে দেশৰ দৰিদ্ৰসকলৰ বাবে যুঁজ দি অহা এজন নেতাৰূপেই য়েচুৰীক গুণমুগ্ধসকলে মনত ৰাখিব।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cpm gen seNYpranjal sen dekaSitaram YachurySpl Articles
samimsultana

samimsultana

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d