Notification of panchayat elections after 15 December:
অসম চৰকাৰে পূৰ্বে কৰা ঘোষণা অনুসৰি অহা ডিচেম্বৰৰ ভিতৰত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নহ’ব। তাৰ পৰিৱৰ্তে জানুৱাৰীতহে নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ আৰু ৰাজ্যিক নির্বাচন আয়োগৰ মাজত আলোচনা অব্যাহত আছে।
বিভাগীয় পঞ্চায়তৰ ভোটাৰ তালিকাই সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা নাই। তদুপৰি পঞ্চায়তৰ নতুন সীমাক লৈ বহু ঠাইত আপত্তি অব্যাহত আছে। অৱশ্যে সীমাৰ সমস্যাটো ১৫ ডিচেম্বৰৰ পূৰ্বে সমাধান কৰাত গুৰুত্ব দিয়া হৈছে। সূত্ৰটোৰ মতে, নির্বাচনী প্রস্তুতিৰ কামবোৰ শেষ কৰি ১৫ ডিচেম্বৰৰ পাছত নির্বাচনী অধিসূচনা জাৰিৰ এক লক্ষ্য লোৱা হৈছে।
সেই অনুসৰি অহা জানুৱাৰীৰ মাঘ বিহুৰ সময়ত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্য ৰাজ্যিক নির্বাচন আয়োগে লৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে অহা ৩১ ডিচেম্বৰৰ ভিতৰত নিৰ্বাচনী প্রক্রিয়াটো শেষ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল। অৱশ্যে নির্বাচনক লৈ ৰাজনৈতিক দলবোৰৰ মাজত অনানুষ্ঠানিক তৎপৰতা ইতিমধ্যে পঞ্চায়তবোৰত আৰম্ভ হৈছে।