বৰ্তমান সময়ত স্মাৰ্টফোন আমাৰ জীৱনৰ এক অন্যতম অপৰিহাৰ্য অংগলৈ পৰিণত হৈছে । কি শিশু, কি অভিভাৱক, আজিকালি অভিভাৱকৰ সমানে সমানে কণ কণ শিশুসকলে দৈনিক ঘণ্টাৰ পিছত ঘণ্টা ধৰি মোবাইল ফোনত ব্যস্ত হৈ থকা দেখা যায়। যোৱা কেইবছৰমানৰ পৰা মোবাইলৰ প্ৰতি আসক্তি এক মাৰাত্মক ব্যাধি হৈ পৰিছে।
শেহতীয়াকৈ দেশজুৰি স্মাৰ্টফোনৰ আসক্তিৰ এক উদ্বেগজনক খবৰ পোহৰলৈ আহিছে । ভাৰতৰ ৭৬ শতাংশ শিশু আৰু ৮৪ শতাংশ অভিভাৱকে পৰস্পৰৰ সৈতে সময় অতিবাহিত কৰিব বিচাৰে যদিও স্মাৰ্টফোন আৰু সামাজিক মাধ্যমৰ এপসমূহত ব্য়স্ত হৈ থকাৰ ফলত অভিভাৱক-আৰু সন্তানৰ মাজত ব্য়ৱধানৰ বৃদ্ধি হৈছে । সমীক্ষাৰ তথ্য় অনুসৰি, ৭১ শতাংশ ভাৰতীয়ে শিশুৱে স্মাৰ্টফোন অবিহনে সময় অতিবাহিত কৰিব নোৱাৰা হৈছে । আনহাতে ৭৬ শতাংশ অভিভাৱকেও দিনটোৰ অধিক সময় স্মাৰ্টফোন ব্য়ৱহাৰত ব্য়য় কৰে ।
আনহাতে এই সমীক্ষাত ৯৪ শতাংশ শিশুৱে কয় যে, তেওঁলোকে স্মাৰ্টফোনত ফোনকল, মেচেজিং আৰু কেমেৰাৰ দৰে মাত্ৰ তিনিটা ফীচাৰ থকাটোহে বিচাৰে,যাতে তেওঁলোকৰ পিতৃ-মাতৃয়ে ফোনটোক কাষৰীয়া কৰি কেৱল তেওঁলোকক সময় দিয়ে ।