Renowned Singar surya das Passes Away:
➡️ মানুহ দেখিছোঁ আজি বহুত মানুহ…”শীৰ্ষক গীতকে ধৰি বহু চিৰসেউজ গীতৰ স্ৰষ্টা গণশিল্পী সূৰ্য্য দাসৰ পৰলোকপ্ৰাপ্তি ৷
➡️ শনিবাৰে পুৱা বাথৰূমত পিচল খাই অচেতন হৈ পৰে ৷
➡️ ততাতৈয়াকৈ মৰিগাঁও চিভিল হাস্পতাললৈ নিয়া হয় শিল্পী গৰাকীক ।
➡️ চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷
➡️ ষ্ট্ৰ’কত আক্ৰান্ত হৈ মৃত্যু হয় শিল্পীগৰাকীৰ।
➡️ বিগত কে’বাদিন ধৰি মৰিগাঁৱৰ ধৰমতুলৰ জীয়ৰী ঘৰত আছিল শিল্পী গৰাকী ৷
➡️ মৰিগাঁও চিভিল হাস্পতালত শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন আয়ুক্ত দেবাশিষ শৰ্মাৰ৷
➡️ ইতিমধ্যে গণ শিল্পী গৰাকীৰ নশ্বৰদেহ অনা হয় মহানগৰীৰ নুনমাটিস্থ বাসগৃহলৈ ৷
➡️ নৱগ্ৰহ শ্মশানত শেষ কৃত্য সম্পন্ন হ’ব চিৰ সেউজ শিল্পী গৰাকীক ৷
➡️ সূৰ্য্য দাসৰ জন্ম নগাঁৱৰ কামপুৰত ৷
➡️ মৃত্যুৰ সময়ত বয়স আছিল ৮৬ বছৰ ৷
➡️ শিল্পী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ৷