Migraine problems are relieved:
মাইগ্রেন দূৰ কৰিবলৈ শাৰীৰিক মিলনেই অন্যতম ঔষধ। সম্প্রতি এই দাবী কৰিছে জার্মানীৰ এদল গবেষকে। বতৰ পৰিবৰ্তনৰ বাবেই হওক বা হঠাৎ অহা মানসিক চাপে মাইগ্রেনৰ সমস্যা যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে। হাতৰ কাষতে থখা ঔষধ বা নিয়মিত মানি চলা নিয়মে এই যন্ত্রণা কিছু পৰিমাণে হ্রাস কৰিলেও সম্পূৰ্ণৰূপে আৰাম পোৱা নাযায়।
বহুতৰ ক্ষেত্ৰতে এই ৰোগে ইমানেই ডাঙৰ আকাৰ লয় যে বিছনাৰ পৰা মূৰ দঙা অবস্থাতে থাকিব নোৱৰা হয়। সময় বাগৰাৰ লগে লগে কপাল, চকুলৈকো বিয়পিবলৈ আৰম্ভ কৰা মাৰাত্মক মাইগ্রেনক জব্দ কৰিবলৈ সুস্থ শাৰীৰিক গঢ়ি তোলাই একমাত্র পথ বুলি গবেষকৰ দলটোৱে দাবী কৰিছে।
সম্প্রতি জার্মানীৰ মুণ্টাৰ বিশ্ববিদ্যালয়ৰ স্নায়ু বিভাগৰ গৱেষকসকলৰ এক প্রতিবেদন প্রকাশ পায় ‘ছেফালাজিয়া, দ্য জার্ণেল অৱ দ্য ইণ্টাৰনেছনেল হেডেক ছ’চাইটী’ত। দীর্ঘ দিনৰ গৱেষণাৰ অন্তত বিজ্ঞানীসকলৰ পৰীক্ষালব্ধ ফল আৰু কিছু পৰিসংখ্যা প্রকাশ কৰিছে গৱেষকৰ দলটোৱে। তেওঁলোকৰ দাবী, ‘নিয়মিত সুস্থ যৌন সম্পর্কই মস্তিষ্কৰ হাইপ’থেলামাছত পোনপটীয়া প্ৰভাৱ পেলায়। ইয়াৰ দ্বাৰাই মাইগ্রেনৰ দৰে ভয়ানক যন্ত্রণা প্রায় ৭০ শতাংশ কমাব পাৰি।’ গৱেষণাত দেখা গৈছে যে নিয়মিতৰূপে যৌন সম্পর্ক অব্যাহত ৰখা লোকে মাইগ্রেনৰ যন্ত্ৰণাৰ পৰা সহজে মুক্তি লাভ কৰে।
#কিয় এনে হয়?
গৱেষকসকলৰ ব্যাখ্যা অনুসৰি, সুস্থ আৰু স্বাভাৱিক যৌন মিলনৰ সময়ত শৰীৰৰ ‘চেন্ট্রেল নার্ভাছ ছিষ্টেম’ৰ দ্বাৰা এণ্ডৰফিন হৰম’নৰ ক্ষৰণ হয়। ‘ফিল গুড হৰম’ন’ৰ অন্যতম এই হৰম’ন বেদনানাশতো উত্তম। ‘ফিল গুড ফেক্টৰ’ক দীর্ঘক্ষণ ধৰি ৰখাৰ সমান্তৰালকৈ এই হৰম’ন বেদনানাশক ঔষধ মৰফিনতকৈও শক্তিশালী। ফলত মন আৰু শৰীৰ উভয়তে প্রভাৱ বিস্তাৰ কৰি বিষ কমোৱাত সহায় কৰে ৷