Union Ministry Of Education Guidelines:
ছাত্ৰ-ছাত্ৰীক পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত বাধ্যতামূলকভাবে উত্তীর্ণ কৰি দিয়াৰ নীতি সলনি কৰিলে কেন্দ্ৰই। পুনৰ এই শ্ৰেণী দুটাৰ চূড়ান্ত বার্ষিক পৰীক্ষাত ‘পাছ-ফেইল’ৰ পুৰণি নীতি বলবৎ হ’ব। কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ এক জাননীত উল্লেখ কৰা হৈছে যে পঞ্চম অথবা অষ্টম শ্ৰেণীৰ কোনো শিক্ষার্থী পৰীক্ষাত সফল নহ’লে তেওঁলোকক পুনৰ পৰীক্ষাত বহিবলৈ সুযোগ দিয়া হ’ব।
বিদ্যালয় শিক্ষাত এক বৃহৎ পৰিৱৰ্তন সাধন কৰি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত এতিয়াৰে পৰা বছৰেকীয়া চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হ’ব নোৱাৰা হাত্ৰ-ছাত্ৰীক অনুত্তীর্ণ কৰি ৰাখিব পৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ইতিমধ্যে ১৬ খন ৰাজ্য আৰু দুখন কেন্দ্র শাসিত অঞ্চলে এই ব্যৱস্থা বলবৎ কৰিছে। বিভাগৰ জাননী অনুসৰি বাৰ্ষিক পৰীক্ষাত উত্তীর্ণ হ’বলৈ ব্যর্থ হোবা ছাত্র-ছাত্রীসকলক অতিৰিক্ত ক’চিঙৰ ব্যৱস্থা কৰা হ’ব আৰু ফলাফল ঘোষণাৰ দুমাহৰ ভিতৰত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়া হ’ব।
জাননীত উল্লেখ যে দ্বিতীয়বাৰ পৰীক্ষাত কোনো ছাত্র-ছাত্রী সফল নহ’লে তেওঁক পৰৱৰ্তী শ্ৰেণীলৈ উত্তীর্ণ কৰা নহ’ব বুলি শিক্ষা বিভাগৰ এক বিবৃতিত প্ৰকাশ কৰা হৈছে। অৱশ্যে কোনো কাৰণতে ছাত্ৰজনক শিক্ষা সম্পূর্ণ নকৰালৈকে বিদ্যালয়ৰ পৰা বিতাড়িত কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰা হৈছে। বিবৃতিত প্রকাশ যদি পুনৰ পৰীক্ষাত শিক্ষার্থী ব্যর্থ হয় তেন্তে তেওঁ পঞ্চম অথবা অষ্টম যি শ্রেণীৰে ছাত্ৰ- ছাত্রী তাতে থাকিব দিয়া হ’ব। এই সময়ছোৱাত শ্রেণী শিক্ষকে শিক্ষার্থী গৰাকীক নির্দেশনা দিব লাগিব। প্রয়োজন হ’লে বিশেষ তথ্যৰো যোগান ধৰিব লাগিব।
শিক্ষার্থীজনৰ বাবে যি প্রয়োজনীয় শিক্ষণৰ ত্রুটি আছে তাক পূৰণ কৰিব লাগিব। উচ্চ শিক্ষা মন্ত্রণালয়ৰ বিষয়াসকলে কয় যে কেন্দ্ৰীয় বিদ্যালয়, নবোদয় বিদ্যালয় আৰু সৈনিক স্কুলকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত তিনি হেজাৰ অধিক বিদ্যালয়ৰ এই ব্যৱস্থা বলবৎ কৰা হ’ব।