Aap Assam Pressmeet:
প্ৰকৃতিৰ ৰম্যভূমি ডিমা হাছাও জিলাৰ অবৈধ কয়লা খনন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ ভূমিকাৰ বিৰুদ্ধে সৰৱ হৈছে আম আদমী পাৰ্টিৰ ৰাজ্যিক উপ-সভাপতি অনুৰূপা ডেকাৰজাই ।
বৃহস্পতিবাৰে গুৱাহাটীত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ নেত্ৰী গৰাকীয়ে কয়, “ডিমা হাছাও জিলাৰ উমৰাংছুত সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাতে অবৈধ কয়লা খনন চলি আছে। উচ্চতম ন্যায়ালয়ে ৰেট হোল কয়লা খননৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিচতো আদালতৰ নিৰ্দেশ অৱমাননা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তিৰ পৰিয়ালক অবৈধ ভাৱে কয়লা খননৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবেই আজি ভয়ানক দুৰ্যোগৰ সৃষ্টি হৈছে।
মুখ্যমন্ত্রীৰ ঘনিষ্ঠ ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বী দেৱলাল গাৰ্লোচাৰ পত্নীৰ মালিকানাধীন প্ৰতিষ্ঠানৰ অবৈধ খনিত শ্ৰমিকসকল মৃত্যুমুখত পৰিছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ তিনিদিন উকলি যোৱাৰ পিছতো নিৰুদ্দেশ হোৱা শ্ৰমিক সকলক উদ্ধাৰ কৰিব পৰা নাই। মাত্ৰ এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আমি আম আদমী পাৰ্টিয়ে এই ঘটনাৰ চিবিআইৰ জৰিয়তে তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ। “
সংবাদমেলত অনুৰূপা ডেকাৰজাই অভিযোগ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দেৱলাল গাৰ্লোচাৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই দেৱলালৰ পত্নী কনিকা হোজাইক চৰকাৰে অবৈধভাৱে ৰেট হোল মাইনিং কৰিবলৈ অনুমতি দিছে। এই সম্পৰ্কৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীয়ে কনিকা হোজাইক গ্ৰেপ্তাৰ কৰা নাই। আপৰ নেত্ৰী গৰাকীৰ দাবী, অবিলম্বে এই ঘটনাৰ সৈতে জড়িত সকলক গ্ৰেপ্তাৰ কৰক। বিজেপিৰ নেতা – নেত্ৰী, অথবা শাসক দলৰ লোকক সকলো ধৰণৰ অবৈধ কাম চলাই যোৱাৰ অনুমতি কোনে দিয়ে তাৰো তদন্ত হোৱা উচিত। আমি আম আদমী পাৰ্টিয়ে উমৰাংছুত নিহত আৰু আহত হোৱা শ্ৰমিক সকলৰ বাবে চৰকাৰে পৰ্যাপ্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছোঁ।
উল্লেখনীয় যে ইয়াৰ পূৰ্বেও তিনিচুকীয়া জিলাৰ লিডুত একেধৰণৰ ঘটনা সংঘটিত হৈছিল। ৰেট হোল মাইনিঙৰ জৰিয়তে অবৈধ খনন চলাই থকা অৱস্থাত কেইবা গৰাকীও শ্ৰমিকৰ মৃত্যু হৈছিল। লিডু-মাৰ্ঘেৰিটাৰ কয়লা চিণ্ডিকেটৰ সৈতে চৰকাৰী পক্ষৰ প্ৰভাৱশালী নেতা – মন্ত্ৰীৰ সম্পৰ্ক থকাৰ বাবেই অবৈধ কয়লা খনন বন্ধ হোৱা নাই। দুৰ্গম খনিত শ্ৰমিক সকলৰ জীৱনৰ নিৰাপত্তা বিঘ্নিত হৈছে। তথাপিও চৰকাৰে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এয়া ৰহস্যজনক।
সংবাদমেলত এনেদৰে চৰকাৰী পৃষ্ঠপোষকতাত চলা অবৈধ কয়লা খননৰ সৈতে ডিমা হাছাওৰ মুখ্য কাৰ্যবাহীৰ প্ৰত্যক্ষ সম্পৰ্ক আৰু ছিণ্ডিকেট ৰাজৰ বিৰুদ্ধে সৰৱ হয় আপৰ ৰাজ্যিক উপ- সভাপতি অনুৰূপা ডেকাৰজাই।