Live Update
Union Budget 2025: জীৱন ৰক্ষাকাৰী ৩৬ বিধ ঔষধৰ শুল্ক ৰেহাই ঘোষণা নিৰ্মলাৰ
- ৩৬টা জীৱন ৰক্ষাকাৰী ঔষধৰ ওপৰত শুল্ক ৰেহাই। চামৰাৰ সামগ্ৰী, ম’বাইল যন্ত্ৰাংশ, টিভি আৰু সামুদ্ৰিক খাদ্যৰ ওপৰত শুল্ক হ্ৰাস কৰা হৈছে।
- বীমাক্ষেত্ৰত ১০০ শতাংশ বিদেশী বিনিয়োগ। অহা সপ্তাহত সংসদত এখন নতুন আয়কৰ বিধেয়ক উত্থাপন কৰা হ’ব।
- কেৱাইচিৰ সৰলীকৰণ। ফেডাৰেল আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ৰাজ্যসমূহক ১.৫ লাখ কোটি টকালৈকে সূত-মুক্ত ঋণ। বিদেশী বিনিয়োগ আকৰ্ষিত কৰিবলৈ নীতিৰ সৰলীকৰণ।
- ৰপ্তানি বৃদ্ধি আৰু ৰপ্তানিকৰ্তাসকলক অনা-শুল্কৰ ওপৰত সুবিধা প্ৰদান কৰাৰ বাবে বিশেষ আন্তঃগাঁথনি। ৰাজহৰ ঘাটি ৪.৮ শতাংশ অৰ্থাৎ আয়ৰ তুলনাত ব্যয় ৪.৮ শতাংশ বৃদ্ধি পাইছে।
- বজাৰৰ পৰা ঋণ লোৱা হ’ব ১১ লাখ কোটিতকৈ অধিক টকা। ক্ষুদ্ৰ জমা ধন বিক্ৰী কৰি আৰু ১৪ লাখ কোটি টকা সংগ্ৰহ কৰিব চৰকাৰে।বিহাৰৰ বাবে চাৰিটা বিশেষ গ্ৰীণফিল্ড বিমানবন্দৰ।
- পাটনা বিমানবন্দৰৰ নৱীকৰণ। দেশৰ বিভিন্ন প্ৰান্তত হোমষ্টে বিকশিত কৰা হৈছে। পৰ্যটনৰ ক্ষেত্ৰত মুদ্ৰা ঋণ। ৫০০ পৰ্যটন কেন্দ্ৰ পুনৰ নিৰ্মাণ কৰা হ’ব। আইআইটি পাটনাৰ সম্প্ৰসাৰণৰ ঘোষণা।
- পাৰমাণৱিক শক্তি উৎপাদনৰ ওপৰত ডাঙৰ ঘোষণা।
- লক্ষ্য হৈছে ১০০ গিগাৱাট পাৰমাণৱিক শক্তি উৎপাদন। মডিউলাৰ নিউক্লিয়াৰ ৰিয়েক্টৰ নিৰ্মাণত ২০ হেজাৰ কোটি টকা বিনিয়োগ। পাৰমাণৱিক শক্তি উৎপাদনৰ বাবে ব্যক্তিগত সমৰ্থন।
- ১২০ খন নতুন চহৰ উদান আঁচনিৰ অধীনত আহিব। চামৰাৰ জোতা উদ্যোগলৈ সহায়। প্ৰতিটো ঘৰতে টেপৰ পানী।
- শিক্ষাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ৫০০ কোটি টকা বিনিয়োগ। তিনিটা এআই উৎকৰ্ষ কেন্দ্ৰ। তিনি বছৰৰ ভিতৰত সকলো জিলা চিকিৎসালয়ত কৰ্কট ৰোগৰ চিকিৎসা কেন্দ্ৰ।
- পাঁচ বছৰত চিকিৎসা মহাবিদ্যালয়ত ১০ হেজাৰ আসন বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি। অসংগঠিত শ্ৰমিকসকলৰ বাবে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা। হকাৰসকলৰ বাবে ইউপিআই প্ৰযুক্তিৰ স’তে ক্ৰেডিট কাৰ্ড।
- চৰকাৰী পৰ্টেলত বিভিন্ন বৃত্তিত নিয়োজিত প্ৰায় এক কোটি অস্থায়ী কৰ্মীৰ বাবে পৰিচয় পত্ৰৰ ব্যৱস্থা কৰা হ’ব। ইয়াক সামাজিক সুৰক্ষাৰ অধীনলৈ অনা হ’ব।
জীৱন ৰক্ষাকাৰী ৩৬ বিধ ঔষধৰ শুল্ক ৰেহাই ঘোষণা নিৰ্মলাৰ
ADVERTISEMENT
- ৩৬টা জীৱন ৰক্ষাকাৰী ঔষধৰ ওপৰত শুল্ক ৰেহাই। চামৰাৰ সামগ্ৰী, ম’বাইল যন্ত্ৰাংশ, টিভি আৰু সামুদ্ৰিক খাদ্যৰ ওপৰত শুল্ক হ্ৰাস কৰা হৈছে।
- বীমাক্ষেত্ৰত ১০০ শতাংশ বিদেশী বিনিয়োগ। অহা সপ্তাহত সংসদত এখন নতুন আয়কৰ বিধেয়ক উত্থাপন কৰা হ’ব।
- কেৱাইচিৰ সৰলীকৰণ। ফেডাৰেল আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ৰাজ্যসমূহক ১.৫ লাখ কোটি টকালৈকে সূত-মুক্ত ঋণ। বিদেশী বিনিয়োগ আকৰ্ষিত কৰিবলৈ নীতিৰ সৰলীকৰণ।
- ৰপ্তানি বৃদ্ধি আৰু ৰপ্তানিকৰ্তাসকলক অনা-শুল্কৰ ওপৰত সুবিধা প্ৰদান কৰাৰ বাবে বিশেষ আন্তঃগাঁথনি। ৰাজহৰ ঘাটি ৪.৮ শতাংশ অৰ্থাৎ আয়ৰ তুলনাত ব্যয় ৪.৮ শতাংশ বৃদ্ধি পাইছে।
- বজাৰৰ পৰা ঋণ লোৱা হ’ব ১১ লাখ কোটিতকৈ অধিক টকা। ক্ষুদ্ৰ জমা ধন বিক্ৰী কৰি আৰু ১৪ লাখ কোটি টকা সংগ্ৰহ কৰিব চৰকাৰে।
- বিহাৰৰ বাবে চাৰিটা বিশেষ গ্ৰীণফিল্ড বিমানবন্দৰ। পাটনা বিমানবন্দৰৰ নৱীকৰণ। দেশৰ বিভিন্ন প্ৰান্তত হোমষ্টে বিকশিত কৰা হৈছে। পৰ্যটনৰ ক্ষেত্ৰত মুদ্ৰা ঋণ। ৫০০ পৰ্যটন কেন্দ্ৰ পুনৰ নিৰ্মাণ কৰা হ’ব। আইআইটি পাটনাৰ সম্প্ৰসাৰণৰ ঘোষণা।
- পাৰমাণৱিক শক্তি উৎপাদনৰ ওপৰত ডাঙৰ ঘোষণা। লক্ষ্য হৈছে ১০০ গিগাৱাট পাৰমাণৱিক শক্তি উৎপাদন। মডিউলাৰ নিউক্লিয়াৰ ৰিয়েক্টৰ নিৰ্মাণত ২০ হেজাৰ কোটি টকা বিনিয়োগ। পাৰমাণৱিক শক্তি উৎপাদনৰ বাবে ব্যক্তিগত সমৰ্থন। ১২০ খন নতুন চহৰ উদান আঁচনিৰ অধীনত আহিব। চামৰাৰ জোতা উদ্যোগলৈ সহায়। প্ৰতিটো ঘৰতে টেপৰ পানী।