Delhi Election:
নিৰ্বাচন আৰম্ভ হোৱাৰ কিছুসময়ৰ পূৰ্বে দিল্লী আৰক্ষীৰ এক বৃহৎ অভিযান। মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাৰ কাৰ্যালয়ৰ পৰা বিপুল নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ। তথ্য অনুসৰি ইয়াৰে এজন অভিযুক্ত আতিশৰ ব্যক্তিগত সহায়ক আৰু দ্বিতীয়জন গাড়ী চালক।
নিৰ্বাচন আয়োগৰ মতে, গ্ৰেপ্তাৰ কৰা লোক দুজনৰ পৰা পাঁচ লাখ টকা জব্দ কৰা হৈছে। দিল্লী আৰক্ষীৰ উপ- আয়ুক্ত ৰবি কুমাৰ সিঙে কয় যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ গৌৰৱ আৰু অজিত নামৰ কৰ্মচাৰী দুজন বিপুল নগদ ধন লৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত থকাৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে আৰু ধনসহ দুয়োকে গ্ৰেপ্তাৰ কৰা হয়।
অভিযুক্তসকলে ভোটাৰসকলক প্ৰভাৱিত কৰিবলৈ ধন ব্যৱহাৰ কৰিছিল নেকি সেইয়া তদন্ত কৰা হৈছে ।
উল্লেখ্য যে নিৰ্বাচন উপলক্ষে এইবাৰ দেশৰ ৰাজধানী উত্তপ্ত । প্ৰচাৰৰ সময়ত আপ, বিজেপি আৰু কংগ্ৰেছে ধন বিতৰণ কৰাৰ লগতে ইজনে সিজনৰ ওপৰত ব্যক্তিগত আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। নিয়ম উলংঘা আৰু ব্যক্তিগত আক্ৰমণৰ অভিযোগত আতিশীৰ বিৰুদ্ধে দুটা গোচৰো ৰুজু কৰা হৈছে।