Kakojan Sankar Azan Jatiya Vidyalaya:
তেজ দান যিদৰে মহান দান সেইদৰে গ্ৰন্থ দানও মহান দান। মানুহ থকালৈকে গ্ৰন্থ থাকিব। লগতে জ্ঞানৰ পোহৰ বিলাই যাব। সেইদৰে গ্ৰন্থই এটা যুগৰ বাৰ্তা আন এটা যুগলৈ লৈ যাব পাৰে। সাম্প্ৰতিক ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ প্ৰতি যি অভ্যাস কমি গৈছে সেই অভ্যাস পুৰ্ণৰজীৱিতকৰণৰ বাবে অহৰহ চেষ্টা কৰি আহিছে টীয়কৰ কবি,শিশু সাহিত্যিক অৰূপজ্যোতি হাজৰিকাই।
অসমৰ চুকে-কোণে, বিদ্যালয়, মহাবিদ্যালয়,স্থানীয় পুথিভঁৰাল আৰু ব্যক্তি বিশেষে গ্ৰন্থ দান কৰি অহা এনে কাৰ্যই সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে।গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱাওক সজাগতাৰ কাৰ্যসূচী হিচাপে আজি শংকৰ আজান জাতীয় বিদ্যালয়,কাকজান দুলীয়াত গ্ৰন্থ দান কৰি অঞ্চলত এটা নতুন মাত্ৰা দিলে । তেওঁ ভাষণ প্ৰসংগত কয় যে আমাৰ মগজু পচিবলৈ আৰম্ভ কৰিছে। আমাৰ চিন্তা, চেতনা এতিয়া যে বন্ধ কোঠাৰ ভিতৰত। পুৱাৰ পৰা গধূলিলৈকে কেৱল বৈদ্যুতিন মাধ্যমৰ লগত জড়িত।সকলো কাম নিজে কৰাতকৈ মেচিনৰ দ্বাৰা কৰিবলৈ চেষ্টা কৰো।
নিজৰ মগজুয়ে কৰিব পৰা খিনিও মেছিনৰ দ্বাৰা কৰিব খোজো। এনে কৰোঁতে কৰোঁতে আমাৰ মগজুৰ সৃষ্টিশীল গুণবোৰ নোহোৱাৰ দৰে হৈছে।আমি কিতাপ পঢ়িব লাগিব। লগতে কয় গ্ৰন্থ অধ্যয়নে আমাৰ সভ্যতা আৰু সংস্কৃতি অটুট ৰাখিব। অঞ্চল এটা আগবাঢ়ি যোৱাৰ মুল মন্ত্ৰ হ’ল গ্ৰন্থ অধ্যয়ন। কোনো আধুনিক বস্তুয়ে গ্ৰন্থৰ আকৰ্ষণ কমাব নোৱাৰে। সাংবাদিক মানৱ জ্যোতি বৰদলৈয়ে অৰূপজ্যোতি হাজৰিকাৰ এনে কাৰ্যসূচীৰ শলাগ লয়। লগতে শিক্ষক মন্টুমনি বৰুৱায়ে হাজৰিকাৰ এনে কাৰ্যসূচীৰ সহযাত্ৰী হ’ম বুলি ভাষণত ব্যক্ত কৰে।
তেখেতৰ এই মহৎ কামৰ সহযোগী হয় অভিজিত বৰুৱাও। এই অনুষ্ঠানত বিদ্যালয়ৰ যাদৱ চন্দ্ৰ বৰদলৈ,ভবেন্দ্ৰ কুমাৰ ফুকন, ৰশ্মি ৰেখা বৰুৱা,ৰঞ্জু শইকীয়া,পৰিস্মিতা দোলাকাষৰীয়া, বিউটী শইকীয়া,ৰিম্পী বৰদলৈ,নৱনীতা নেওগ,পূৰ্ণীমালা গগৈ, অবিনাশ গগৈ,ৰাইহান জামান প্ৰমুখ্যে ছাত্ৰ-ছাত্ৰী সকলে সহযোগিতা আগবঢ়ায়।
ADVERTISEMENT