Biren Singh মণিপুৰৰ আইন-শৃংখলা চূড়মাৰ কৰি অৱশেষত মুখ্যমন্ত্ৰী বীৰেন সিঙৰ পদত্যাগ
ADVERTISEMENT
দীৰ্ঘদিন ধৰি অৰাজকতা বিৰাজ কৰি থকা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে অৱশেষত পদত্যাগ কৰিলে। আজি তেওঁ পদত্যাগ পত্ৰ ৰাজ্যপাল অজয় সিং ভাল্লাৰ হাতত দাখিল কৰে।
ইয়াৰ পূৰ্বে আজি তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। উল্লেখ্য যে ২০২৩ৰ মে’ৰ পৰা মণিপুৰক অস্থিৰ কৰি ৰখা গোষ্ঠী সংঘৰ্ষৰ বাবে মুখ্যমন্ত্ৰী সিং দলৰ বাহিৰে-ভিতৰে সমালোচিত হৈ আহিছে ৷ ৰাজ্যখনৰ আইন-শৃংখলা ভাঙি পেলোৱা বুলিও একাংশই সিঙলৈ টোঁৱাই আহিছে।