Seized Cow Death:
ৰাজ্যত ধোৱা চাঙত উঠিছে প্ৰানী সুৰক্ষা আইন এফালে ঠায়ে ঠায়ে চোৰাং গৰু সৰবৰাহকাৰী বিৰুদ্ধে আৰক্ষীৰ তৎপৰতা। আনফালে জব্দকৃত গৰুক লৈ বিমোৰত পৰে আৰক্ষী।
উল্লেখ্য যে, উত্তৰ গুৱাহাটী আৰক্ষীয়ে চকীয়ে ৰাইজৰ তৎপৰতাত জব্দ কৰিছিল এখন চোৰাং গৰু ভৰ্তি ট্ৰাক। ট্ৰাকখনত উদ্ধাৰ হৈছিল ১৯ টা বলধ গৰু। আৰক্ষীৰ উদ্ধৃতি অনুসৰি জব্দকৃত গৰুকেইটা প্ৰেৰণ কৰা হৈছিল কেন্দুকোনাত থকা গো-শালালৈ।
কিন্তু ৰহস্যজনক ভাৱে ট্ৰাকখনৰ ভিতৰত উদ্ধাৰ এটা মৃত্যু গৰু। ততাতৈয়াকৈ আৰক্ষীয়ে আৰক্ষী চকীৰ সম্মুখত থকা পিতনিত সমাধিস্থ কৰে গৰুটো। জে, চি, বিৰে গাত খান্দি কৱৰস্ত কৰা হয় গৰুটো।
কিন্তু কি পৰিস্থিতিত সপ্তাহ দিন ধৰি ট্ৰাকখনৰ ভিতৰতে আছিল গৰুটো ?কেনেকৈ মৃত্যু ঘটিল গৰুটোৰ , আৰক্ষীয়ে যত্ন নলয় নেকি এনেকৈ জব্দ কৰা গৰু সমুহৰ। হয়তো, ট্ৰাকখনৰ ভিতৰত খাদ্য আৰু উপযুক্ত পৰিবেশ নোপোৱাৰ বাবে গৰুটোৰ মৃত্যু ঘটিল।
এক অসমৰ্থিত সুত্ৰ অনুসৰি ১৯ টা গৰুৰ ভিতৰত পূৰ্বেও মৃত্যু ঘটিছে দুটাকৈ গৰুৰ। এনেদৰে ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে জব্দ কৰাৰ পশুধন সমুহৰ ক্ষেত্ৰত কৰা হৈছে অবিবেচকী কাণ্ড।
আনকি এই ক্ষেত্ৰত দৃষ্টি গোচৰ হোৱা নাই, প্ৰকৃতিপ্ৰেমী সংগঠনৰ। একেদৰে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ। প্ৰানী সুৰক্ষাৰ প্ৰতি চৰম প্ৰশাসন এনে অৱহেলাক সচেতন মহলে সহজভাৱে ল’ব পৰা নাই ৷