Delhi CM:
২৬ বছৰৰ পাছত পুনৰ দিল্লী দখল । সেয়েহে ৰাজধানীৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত বিজেপিয়ে এক বিশাল অনুষ্ঠান আয়োজন কৰিবলৈ ওলাইছে। সূত্ৰ অনুসৰি, শপত গ্ৰহণ অনুষ্ঠানলৈ কমেও ৫০ জন চেলিব্ৰিটিক আমন্ত্ৰণ জনোৱা হ’ব।
ইয়াৰ ওপৰিও থাকিব বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল । থাকিব পাৰে গৌতম আদানি, মুকেশ আম্বানীৰ দৰে বিলিয়নেয়াৰ । ৭০ আসনৰ দিল্লী বিধানসভা নিৰ্বাচনত এইবাৰ ৪৮ খন আসন লাভ কৰিছে বিজেপিয়ে। আনহাতে, মাত্ৰ ২২ খন আসন পায় ক্ষমতাৰ পৰা বিতাড়িত হয় আপ চৰকাৰ।
পৰাজিত হৈছে অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছি’চদিয়া । অৱশ্যে বিজেপিয়ে দিল্লীৰ নিয়ন্ত্ৰণ ল’লেও, মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ জল্পনা-কল্পনাৰ অন্ত নাই। অৱশ্যে মুখ্যমন্ত্রীৰ নাম ঘোষণা নকৰিলেও শপত গ্রহণৰ প্রস্তুতিত ব্যস্ত হৈ পৰিছে বিজেপি। সূত্ৰ অনুসৰি অহা ২০ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৪:৩০ বজাত দিল্লীৰ কেবিনেটত শপত গ্ৰহণ কৰিব। ৰামলীলা ময়দানত আয়োজন কৰা হ’ব এই কাৰ্যসূচী।
সূত্ৰ অনুসৰি, অনুষ্ঠানটোত অক্ষয় কুমাৰ, বিবেক অবেৰয়, হেমা মালিনী, কৈলাশ খেৰৰ দৰে তাৰকা উপস্থিত থাকিব। কৈলাশ খেৰেও পৰিবেশন কৰাৰ সম্ভাৱনা। শপত গ্ৰহণৰ মঞ্চত আন কেবাটাও সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব।
লগতে বাবা ৰামদেৱ, স্বামী চিদানন্দৰ দৰে ব্যক্তিত্বকো আমন্ত্ৰণ জনোৱা হ’ব। অনুষ্ঠানৰ আগৰ নিশাৰ পৰা বন্ধ থাকিব ৰামলীলা ময়দানলৈ যোৱা সকলো পথ। কিন্তু এই বিশাল অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিব?
তালিকাৰ শীৰ্ষত আছে নতুন দিল্লী আসনৰ বিজয়ী বিধায়ক পৰবেশ বাৰ্মা যিয়ে কেজৰিৱালক পৰাজিত কৰিছে। সতীশ উপাধ্যায় আৰু বীৰেন্দ্ৰ সচদেৱো তালিকাত আছে।
যোৱা কিছুদিনৰ ভিতৰত, বিজেপিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী কোন সেই বিষয়ক লৈ তৎপৰ হৈ পৰিছে। অৱশেষত, ১৫ টা নাম বাছনি কৰা হৈছে। মুখ্যমন্ত্ৰী, পৰিষদৰ নেতা আৰু বিধানসভাৰ অধ্যক্ষ পদৰ বাবে আছে নটা নাম। বুধবাৰৰ সভাৰ পাছত সেই নাম প্ৰকাশ কৰা হ’ব।