Affidavit of Central Government:
কোনো অপৰাধত দোষী সাব্যস্ত ৰাজনীতিকক জনপ্রতিনিধিৰূপে কার্যনির্বাহ কৰা অথবা নির্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা ওৰে জীৱন বিৰত ৰখাৰ পক্ষপাতি নহয় কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ। এই কথা চৰকাৰে স্বয়ং উচ্চতম ন্যায়ালয়ত অৱগত কৰিছে। মোদী চৰকাৰৰ মতে, এনে ৰাজনীতিকৰ ওপৰত ওৰে জীৱনৰ নিষেধাজ্ঞা আৰোপ হ’লে সেয়া হ’ব অতি কঠোৰ
পদক্ষেপ।
সম্প্রতি দেশত এনে ৰাজনীতিকক ছবছৰৰ বাবে নিষিদ্ধ কৰাৰ ব্যৱস্থা আছে। অর্থাৎ কোনো অপৰাধৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত ছবছৰলৈ এনে এজন ৰাজনীতিকে জনপ্রতিনিধিৰূপে কার্যনির্বাহ কৰিব নোৱাৰে। একেদৰে তেওঁ দোষী সাব্যস্ত হোৱাৰ দিনটোৰ পৰা ছবছৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰে। এই ব্যৱস্থা ওৰে জীৱন কৰাৰ প্রার্থনাৰে অশ্বিনী উপাধ্যায় নামৰ এজন অধিবক্তাই অলপতে উচ্চতম ন্যায়ালয়ত আবেদন জনায়। তেওঁৰ আবেদন গ্রহণ কৰি ন্যায়ালয়ে বিষয়টো সম্পৰ্কত কেন্দ্ৰৰ প্রতিক্রিয়া জানিবলৈ বিচাৰে। সেই অনুসৰি, কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাত কয় যে অপৰাধৰ গোচৰত দোষী সাব্যস্ত হোৱা ৰাজনীতিকৰ ওপৰত জীৱনজোৰা নিষেধাজ্ঞা আৰোপৰ পোষকতা নকৰে মোদী চৰকাৰে।
তদুপৰি এনে ৰাজনীতিকৰ ওপৰত আৰোপিত নিষেধাজ্ঞাৰ সময় নির্ধাৰণ কৰাটো সংসদৰ ক্ষেত্ৰাধিকাৰতহে পৰে বুলিও কেন্দ্রই ন্যায়ালয়ক জনায়। অর্থাৎ এই ক্ষেত্রত ন্যায়ালয়ৰ কৰণীয় নাই বুলি শপতনামা খনত পৰোক্ষভাৱে উল্লেখ কৰা হয়। ‘অপৰাধত দোষী সাব্যস্ত এজন ৰাজনীতিকৰ ওপৰত জীৱনজোৰা নিষেধাজ্ঞা আৰোপ কৰাটো উপযুক্ত হয় নে নহয়, সেই সিদ্ধান্ত লোৱাটো কেৱল সংসদৰ ক্ষেত্ৰাধিকাৰতহে পৰে।’ শপতনামাখনত এইদৰে কোৱা হৈছে। যদি ন্যায়ালয়ে এই ক্ষেত্রত হস্তক্ষেপ কৰে তেন্তে আইনৰ কিতাপ নতুনকৈ লিখিবলগীয়া হ’ব বুলি কেন্দ্রই ন্যায়ালয়ক জনাইছে। শপতনামা খনত লগতে উল্লেখ কৰা হয় যে কোনো অপৰাধৰ গোচৰত দোষী সাব্যস্ত এজন ৰাজনীতিকৰ ওপৰত ওৰে জীৱনৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিলে সেয়া অতি কঠোৰ ব্যৱস্থা হ’ব।
# ন্যায়িক পুনৰীক্ষণৰ আওতাত নপৰে !
কেন্দ্রই শপতনামাযোগে অধিবক্তা উপাধ্যায়ৰ আবেদনখন সম্পর্কত কয়, ‘আবেদনকাৰীয়ে যিবোৰ বিষয়ে উল্লেখ কৰিছে সেইসমূহৰ সুদূৰ প্ৰসাৰী পৰিণাম আছে আৰু এই বিষয়সমূহ স্পষ্টভাৱে সংসদৰ বিধায়িনী নীতিৰ আওতাত পৰে আৰু এই বিষয়সমূহে এনে ক্ষেত্রত ন্যায়িক সমীক্ষাৰ বাহ্যিক অবয়ৰো সলনি কৰিব।’ কেন্দ্ৰই ন্যায়ালয়ক লগতে জনায় যে ন্যায়িক সমীক্ষাৰ অধীনত উচ্চতম ন্যায়ালয়ে কেৱল অসংবিধানিক আইনসমূহহে বাতিল কৰিব পাৰে; কিন্তু এই আবেদনকাৰীজনে বিচৰা ধৰণেৰে অপৰাধৰ গোচৰত দোষী সাব্যস্ত ৰাজনীতিকৰ ওপৰত জীৱনজোৰা নিষেধাজ্ঞা আৰোপ কৰিব নোৱাৰে।
কেন্দ্ৰৰ শপতনামা খনত লগতে আত্মপক্ষৰ সমৰ্থনত কোৱা হয় যে বর্তমানে দেশত বলবৎ হৈ থকা আইনসমূহ সাংবিধানিকভাবে শক্তিশালী আৰু অতিৰিক্ত প্রতিনিধিত্বৰ অনৈতিকতাত আবিষ্ট নহয়।সংবিধানৰ ১০২ আৰু ১৯১ অনুচ্ছেদ উল্লেখ কৰি শপতনামাখনত আৰু কোৱা হয়, ‘জনপ্রতিনিধিক অযোগ্য ঘোষণাৰ বাবে অধিক তেনে ধৰণৰ আইন প্রণয়ন কৰিবলৈ দেশৰ সংবিধানে সংসদক ক্ষমতা দিছে। অযোগ্য ঘোষণা আৰু অযোগ্য হৈ থকাৰ ম্যাদ- দুয়োটা নির্ধাৰণৰ ক্ষমতা সংবিধানৰ আছে।’
উল্লেখ্য যে ২০১৩ৰ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে জাৰি কৰা এক নির্দেশত কোৱা হয় যে অপৰাধৰ গোচৰত দোষী সাব্যস্ত হ’লে এজন সাংসদ বা বিধায়কে জনপ্রতিনিধি হৈ থকাৰ অধিকাৰ তাৎক্ষণিকভাবে হেৰুৱায়। লক্ষ্যণীয়ভাৱে ন্যায়ালয়ৰ এই নির্দেশ তদানীন্তন ইউপিএ চৰকাৰে এখন অধ্যাদেশ আনি বিৰোধিতা কৰে যদিও কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ন্যায়ালয়ৰ নিৰ্দেশটোৰ পক্ষত থিয় দিয়ে। ৰাহুলে ইউপিএ চৰকাৰৰ এই কাৰ্যক সম্পূৰ্ণৰূপে অর্থহীন আখ্যা দিয়ে। মূৰকত চৰকাৰখনে অনা অধ্যাদেশখন বাতিল হয়।