Justice Soumitra Saikia Judicial Commission:
হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া সৌমিত্ৰ শইকীয়াৰ নেতৃত্বাধীন এজনীয়া ন্যায়িক আয়োগত শপতনামা দাখিলৰ আজি অন্তিম দিন ৷ ইতিমধ্যেই ন্যায়িক আয়োগত দাখিল হৈছিল ৪০খনকৈ শপতনামা l
উল্লেখ্য যে পূৰ্বতে শপতনামা দাখিলৰ অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছিল ২১ নৱেম্বৰ ৷অৱশ্যে পিছত বৰ্ধিত ২০ দিনৰ সীমা বৃদ্ধি কৰা হয় ৷ সেই অনুসৰি আজি শপতনামা দাখিলৰ অন্তিম দিন আছিল।
একেদৰে ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত গঠিত ন্যায়িক আয়োগত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন দল- সংগঠনৰ লগতে বহুজনে দিছিল সাক্ষ্য সহ কেতবোৰ নথিপত্ৰ। ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ন্যায়িক আয়োগে ৩ নৱেম্বৰৰ পৰা আৰম্ভ কৰিছিল সাক্ষ্য লোৱা প্ৰক্ৰিয়া ৷ উল্লেখ্য যে বিভিন্ন দল- সংগঠনে ন্যায়িক আয়োগৰ শুনানিৰ দিন আৰু বৃদ্ধি কৰিবলৈ দাবী কৰিছিল I


































