Jamagurihat:
পুনৰ বহিঃৰাজ্যত মৃত্যু হৈছে জামুগুৰিহাটৰ এগৰাকী যুৱকৰ । হাৰিয়ানাত ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ হৈছে জামুগুৰিহাটৰ নবিল গাঁওৰ প্ৰেম মাৰচেল হেমৰণ নামৰ ২৫বছৰীয়া যুৱকজনৰ মৃতদেহ ।
যোৱা ২৬ফেব্ৰুৱাৰীত কৰ্মসংস্থাপনৰ বাবে কাম বিছাৰি ৰে’ল যোগে হাৰিয়ানালৈ গৈছিল যুৱকজন। দুদিন পূৰ্বে হাৰিয়ানাৰ ৰেল ষ্টেচনৰ সমীপত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় । যুৱকজনৰ পকেটত থকা পৰিচয় প্ৰত্ৰৰ ভিত্তিত হাৰিয়ানাৰ ৰেল আৰক্ষীয়ে পৰিয়ালৰ লগত যোগাযোগ কৰে।
ৰে’ল আৰক্ষীয়ে পঠিওৱা যুৱকজনৰ ফটোৰ ভিত্তিত পৰিয়ালৰ লোকে যুৱকজনৰ মৃতদেহটো চিনাক্ত কৰে।ইতিমধ্যে দুখীয়া পৰিয়ালটোৱে সুদুৰ হাৰিয়ানাৰ পৰা যুৱকজনৰ মৃতদেহটো কেনেকৈ আনিব এই লৈ চিন্তিত হৈ পৰিছে। ইতিমধ্যে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ যুৱকজনৰ পৰিয়ালৰ লোকে মৃতদেহ অনাৰ ক্ষেত্ৰত সহায় বিছাৰি কাতৰ আহ্বান জনাইছে।
উল্লেখ্য যে পেটৰ তাৰণাত কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ যোৱা এগৰাকী যুৱকৰ এই ৰহস্যজনক মৃত্যুৱে বহু কথাই ভবাই তুলিছে।