Supreme Court Judgement:
কাৰোবাক ‘মিঞা-টিঞা’ অথবা ‘পাকিস্তানী বুলি কোৱাটো নিম্ন ৰুচিৰ হ’ব পাৰে; কিন্তু ই ধর্মীয় অনুভূতিত আঘাত কৰা ধৰণৰ শাস্তিযোগ্য অপৰাধ নহয় ৷ মঙলবাৰে এইদৰে এক ৰায়ত কয় দেশৰ উচ্চতম ন্যায়ালয়ে। ভাৰতীয় দণ্ড বিধিৰ ২৯৮ৰ অধীনৰ এজন অভিযুক্তক সর্বোচ্চ ন্যায়ালয়ে এই ৰায়ৰ জৰিয়তে ৰেহাই দি আঙুলিয়াই দিয়ে যে এনে মন্তব্য যথোচিত নহয় যদিও ফৌজদাৰী প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় কোনো আইনগত ভিত্তি নাই।
ন্যায়াধীশ বি বি নাগৰত্ব আৰু সতীশ চন্দ্ৰ শৰ্মাৰ যুটীয়া বিচাৰপীঠে হৰিনন্দন সিং নামৰ এজন অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ এই ৰায়দানৰ জৰিয়তে নিষ্পত্তি কৰে।অভিযোগ অনুসৰি, কৰ্তব্যৰত এজন চৰকাৰী কৰ্মচাৰীক সিঙে পাকিস্তানী বুলি কৈছিল।
যোৱা ১১ ফেব্ৰুৱাৰীতে দিয়া ৰায়ত আদালতে কয়, ‘নিসন্দেহে তেওঁ কৰা মন্তব্য নিম্ন ৰুচিৰ। অৱশ্যে ই ধৰ্মীয় আৱেগত আঘাত কৰাটো নুসূচায়। সেয়েহে আমি আবেদনকাৰীক আইপিচিৰ ধাৰা ২৯৮ৰ অধীনত মোকলাই দিবলৈ কওঁ।”অভিযোগকাৰী হৈছে এজন উর্দু ভাষাৰ অনুবাদক আৰু তথ্য জনাৰ অধিকাৰ আইনৰ কেৰাণীৰূপে কৰ্মৰত। এক ন্যায়াধিকৰণৰ নিৰ্দেশমৰ্মে অভিযোগকাৰীয়ে ব্যক্তিগতভাৱে অভিযুক্ত সিঙক কিছুমান নির্দিষ্ট তথ্য ব্যক্তিগতভাৱে প্ৰদান
কৰিছিল।
আৰম্ভণিতে সিঙে এই নথিসমূহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে যদিও পৰৱৰ্তী পৰ্যায়ত এইসমূহ গ্ৰহণ কৰে। একে সময়তে তেওঁ অভিযোগকাৰীৰ ধৰ্মৰ প্ৰসংগ আনি দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। এয়াই নহয়, তেওঁক চাকৰিৰ পৰা আঁতৰাই দিব বুলি ভয়-ভাবুকি প্ৰদৰ্শন কৰি হেঁচা প্ৰয়োগ কৰে। ইয়াৰ পাছত একাধিক আইপিচিৰ ধাৰাৰ অধীনত সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়।
দণ্ডাধীশে বিচাৰ পুনৰীক্ষণ কৰি ধাৰা ৩৫৩, ২৯৮ আৰু ৫০৪ৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে অভিযোগ আৰোপ কৰে তথা আন দুটা ধাৰাৰ পৰা তথ্য-প্ৰমাণৰ অভাৱত ৰেহাই দিয়ে। আৰম্ভণিতে সত্ৰ আদালতে সিঙৰ আবেদন খাৰিজ কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজস্থান উচ্চ ন্যায়ালয়েও খাৰিজ কৰাত সিং উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইয়াৰ পাছত উচ্চতম ন্যায়ালয়ে তেওঁক ৰেহাই দিয়ে।
উচ্চতম ন্যায়ালয়ৰ মতে, উচ্চ ন্যায়ালয়ে আইপিচি ধাৰা ৩৫৩ৰ অধীনত অভিযুক্তক মোকলাই নিদিয়াটো ত্রুটিপূর্ণ। তদুপৰি সৰ্বোচ্চ ন্যায়ালয়ে কয় যে ধাৰা ৫০৪ও প্রযোজ্য নহয়, কিয়নো সিঙৰ মন্তব্য যথোপযুক্ত নহয় যদিও ধর্মীয় অনুভূতিত আঘাত হনা নাই।