Maoist Attack মাওবাদীৰ আক্ৰমণ ! ছত্তীশগড়ৰ নাৰায়ণপুৰত আই ই ডি বিস্ফোৰণত নিহত শ্ৰমিক
ছত্তীশগড়ৰ বস্তাৰ সংমণ্ডলত পুনৰ আক্ৰমণ মাওবাদীৰ। এইবাৰ তেওঁলোকৰ লক্ষ্য হৈছে লোহাৰ অক্সাইড খনি। শুকুৰবাৰে পুৱা ঘটনাটোত এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন অন্য এজন ব্যক্তি গুৰুতৰভাৱে আহত হয় ।
আৰক্ষীয়ে জনোৱা অনুসৰি শুকুৰবাৰে পুৱা প্ৰায় ১০.৪৫ বজাত ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত ছোটেডোঙ্গা আৰক্ষী থানা অঞ্চলৰ আমদাই ঘাটি লোৰ খনিত বিস্ফোৰণটো সংঘটিত হয়।
আৰক্ষীয়ে জনোৱা অনুসৰি, এটা ব্যক্তিগত কোম্পানীৰ মালিকানাধীন খনিত মাওবাদীৰ দ্বাৰা ৰোপণ কৰা এটা ইম্প্ৰুভাইজড বিস্ফোৰক সঁজুলিৰ (আইইডি) সংস্পৰ্শৰ ফলত এই বিস্ফোৰণ সংঘটিত হয়।
আঘাতপ্ৰাপ্ত শ্ৰমিক দিলীপ কুমাৰ বাঘেল আৰু হৰেন্দ্ৰ নাগক চোটে ডংগাৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে দুয়োকে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।চিকিৎসাৰ সময়তে দিলীপৰ মৃত্যু হয় ।
উল্লেখ্য যে,তিনি জানুৱাৰীত ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে এটা নতুন অভিযান আৰম্ভ হৈছিল। নাৰায়ণপুৰ, দান্তেৱাড়া, বিজাপুৰ, জগদলপুৰ আৰু কোণ্ডাগাওঁকে ধৰি কেবাখনো মাওবাদী প্ৰভাৱিত জিলাত এই অভিযান চলোৱা হৈছে।
ৰাজ্যিক প্ৰশাসনৰ সূত্ৰ অনুসৰি, যোৱা ডেৰ বছৰত মাওবাদীৰ বিৰুদ্ধে অভিযানত এক ডাঙৰ সফলতা লাভ কৰিছে। এই সময়ছোৱাত নিৰাপত্তা বাহিনীৰ স’তে সংঘৰ্ষত ৩০০ তকৈও অধিক মাওবাদী নিহত হৈছে।
প্ৰায় এহেজাৰ মাওবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। ৮০০ তকৈও অধিক মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। শুকুৰবাৰে নিষিদ্ধ চিপিআই (মাওবাদী)ৰ সশস্ত্ৰ শাখা পিপলছ লিবাৰেচন গেৰিলা আৰ্মীৰ (পিএলজিএ) ১১ জন সদস্যই নাৰায়ণপুৰত আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে।