Sensex:বৃহৎ ক্ষতিৰ সন্মুখীন চাৰি ভাৰতীয় ধনকুবেৰ
ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতিৰ খুন্দাত থৰক-বৰক আদনী আম্বানী
বিশ্বজুৰি মাৰ্কিন শুল্ক নীতিৰ বিৰূপ প্ৰভাৱ পৰিছে। ভাৰতৰ শ্বেয়াৰ বজাৰত সোমবাৰে সৃষ্টি হোৱা ৰক্তাক্ত পৰিস্থিতিৰ পৰা আঘাতমুক্ত নহ’ল দেশৰ বহুচৰ্চিত উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানীও।
দেশৰ চাৰি ধনকুৱেৰ সন্মুখীন হ’ল বৃহৎ ক্ষতিৰ। শ্বেয়াৰ বজাৰৰ অস্থিৰতাত আম্বানী,আদানী,সাবিত্ৰী জিন্দাল আৰু তেওঁৰ পৰিয়াল তথা শিৱ নাদাৰ সকলোৰে সম্পত্তিৰ পৰিমাণ হ্ৰাস পাইছে।
ফ’বছৰ ধনকুবেৰৰ তালিকাৰ ৰিয়েল টাইম (প্রকৃত সময় অনুযায়ী চাৰি ধনকুবেৰৰ প্ৰায় ৮৫ হেজাৰ কোটি টাকা সম্পত্তিৰ পৰিমাণ হ্ৰাস পাইছে। ৰিলায়েন্স গোষ্ঠীৰ কর্ণধাৰ আম্বানী সম্প্ৰতি দেশৰ সৰ্বাধিক ধনী লোক।
শ্বেয়াৰ বজাৰৰ অস্থিৰতাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা ব্যক্তিজনো তেওঁ। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩০ হেজাৰ কোটি টকা হ্ৰাস পাইছে। শ্বেয়াৰ বজাৰৰ খহনীয়াৰ প্ৰভাৱ পৰিছে আদানী গোষ্ঠীৰ ওপৰতো।
এই মৰ্মে গৌতম আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ ২৫ হেজাৰ কোটি টকা হ্রাস পাইছে। ইপিনে, দেশৰ অন্যতম ধনী মহিলা সাৱিত্ৰী জিন্দাল আৰু তেওঁৰ পৰিয়াল অ’পি জিন্দাল গোষ্ঠীৰ মালিক।
শ্বেয়াৰ বজাৰৰ বিধ্বংসী খহনীয়াত জিন্দাল পৰিয়ালৰ ১৮ হেজাৰ কোটি টকাৰ সম্পত্তি হ্রাস পাইছে। মন কৰিবলগীয়া যে বিশ্বৰ ধনকুবেৰৰ তালিকাত ৪৫ সংখ্যক স্থানত আছে সাৱিত্ৰী।
আনহাতে, ‘এইছ চি এল টেকন’লজিজ’ৰ প্ৰতিষ্ঠাতা শিৱ নাদাৰৰ সম্পত্তিও ১২ হেজাৰ কোটি টকা হ্ৰাস পাইছে।দৰাচলতে শ্বেয়াৰ বজাৰৰ উত্থান-পতনৰ ওপৰতে এইসকলৰ মুঠ সম্পত্তিৰ হিচাপৰ উত্থান-পতন হয়। এই ক্ষেত্ৰতো তেনে হৈছে।