FASTag: ৰাষ্ট্ৰীয় ঘাইপথত চালকসকলে দ্ৰুতভাৱে টোল পৰিশোধ কৰিব পৰাকৈ বহুলভাৱে ব্যৱহৃত ‘FASTag’ ব্যৱস্থাৰ পৰিৱৰ্তন কৰিছে চৰকাৰে!
কেন্দ্ৰই কৈছে যে চৰকাৰে এতিয়া তেনে কোনো ব্যৱস্থা প্ৰৱৰ্তন কৰা নাই।
কিন্তু কি এই এএনপিআৰ-এফএএছটেগ পদ্ধতি ?
তথ্য অনুসৰিএই নতুন ব্যৱস্থাৰ জৰিয়তে চালকসকলে টোল প্লাজাত এক মুহূৰ্তও অপেক্ষা কৰিব নালাগিব। এআই প্ৰযুক্তিয়ে টোল প্লাজাত স্থাপন কৰা কেমেৰাৰ জৰিয়তে বাহনৰ নম্বৰ প্লেট স্কেন কৰিব। একে সময়তে এই চেন্সৰসমূহে বাহনখনৰ FASTag পঢ়িব।
তাৰ পাছত কৰ্তন কৰা হ’ব নিৰ্দিষ্ট ধনৰাশি। এখন বাহনত FASTag নাথাকিলেও এএনপিআৰ প্ৰযুক্তিয়ে বাহনখনৰ নম্বৰ প্লেট স্কেন কৰিব।
ইয়াৰ পাছতে পোষ্টপেইডৰ জৰিয়তে বাহনখনৰ বিল দিয়া হ’ব। আৰু পাছত জৰিমনাৰ জৰিয়তে টোল সংগ্ৰহ কৰা হ’ব।
ৰাষ্ট্ৰীয় পৰিবহণ মন্ত্ৰালয়ে দাবী কৰিছে যে এই নতুন পদ্ধতিয়ে কেৱল টোল সংগ্ৰহ দ্ৰুত কৰাই নহয়, যান-জঁটৰ পৰাও হাত সাৰিব।
টোল প্লাজাত আৰু কোনো গাড়ী ৰৈ থাকিব নালাগিব। তদুপৰি বাহনখনে যাতায়তৰ দূৰত্বৰ ওপৰত ভিত্তি কৰি টোল কৰ্তন কৰা হ’ব।