BWAI:
ভাৰত -পাকিস্তানৰ মাজত যুদ সদৃশ পৰিস্থিতিৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি পৃথক বেলুচিস্তান দাবীত ৰাষ্ট্ৰসংঘৰ দ্বাৰস্থ হ’ল ভাৰতত থকা বেলুচ সম্প্ৰদায়।
ভাৰতৰ বেলুচ ৱেলফেয়াৰ এছ’চিয়েশ্যনে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছক উদ্দেশ্যি লিখা এখন পত্ৰত ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইনত উল্লেখ কৰা বেলুচ ৰাষ্ট্ৰৰ আত্মনিয়ন্ত্ৰণৰ বৈধ অধিকাৰক সমৰ্থন কৰিবলৈ দাবী জনায়।
ৰাজস্থানৰ বনস্বৰাত থকা তেওঁলোকৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছে যে, ‘আমি ৰাষ্ট্ৰসংঘক বেলুচিস্তানৰ মানৱীয় সংকটৰ ওপৰত তাৎক্ষণিক আৰু গুৰুতৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।স্বাধীন বেলুচিস্তানক স্বীকৃতি দিয়াটো অঞ্চলটোত স্থায়ী শান্তি অনা, দশক দশক ধৰি চলি অহা দুখ-কষ্টৰ অন্ত পেলোৱা আৰু দীৰ্ঘদিন ধৰি কণ্ঠস্বৰ নিস্তব্ধ হৈ থকা লোকসকলক সমৰ্থন কৰাৰ এক অপৰিহাৰ্য পদক্ষেপত পৰিণত হয়।
সাত দশকৰো অধিক সময় ধৰি বেলুচিস্তানৰ জনসাধাৰণে বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰা, সামৰিক অভিযান, সম্পদৰ শোষণ, আৰু পদ্ধতিগত সাংস্কৃতিক দমনকে ধৰি অদম্য অত্যাচাৰৰ বলি হৈছে বুলি পত্ৰখনে দৃঢ়তাৰে উল্লেখ কৰি কয় যে এই কাৰ্য্যসমূহ মানৱতাৰ বিৰুদ্ধে অপৰাধৰ সমান আৰু বেলুচ পৰিচয়ৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।
ইছলামাবাদৰ পৰা বেলুচিস্তান দখল আৰু অত্যাচাৰৰ অধীনত আছে বুলি আঙুলিয়াই দি সংস্থাটোৱে ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো ‘মুক্ত বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দি নীতিগত আৰু সাহসী পদক্ষেপ ল’বলৈ’ আহ্বান জনায়। এনে স্বীকৃতিয়ে ভাৰতে লালন-পালন কৰা গণতান্ত্ৰিক মূল্যবোধক ৰক্ষা কৰাই নহয়, বেলুচ জনসাধাৰণৰ সৈতে ভাৰতৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ককো পুনৰ দৃঢ় কৰিব বুলি পত্ৰখনত উল্লেখ কৰা হৈছে
আনহাতে এনে ঘটনাক্ৰমৰ মাজত পাক অধিকৃত বেলুচিস্তানৰ ৩৯ টা স্থানত বেলুন লিবাৰেশ্বন আৰ্মিয়ে পাক সেনাৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ কথা এক প্ৰেছ বিজ্ঞপ্তি যোগে দাবী কৰে বিদ্ৰোহী সংগঠনটোৱে ৷