China’s Provocation in Arunachal Pradesh:
পাকিস্তানৰ স’তে ভাৰতৰ সংঘৰ্ষমুখৰ পৰিস্থিতিৰ সুযোগ লৈ এইবাৰ অৰুণাচল প্ৰদেশক লৈ পুনৰ সক্রিয় হৈছে চীন। অৰুণাচল প্ৰদেশৰ কেতবোৰ স্থানৰ চীনা নামকৰণ কৰি আধিপত্য বিস্তাৰৰ অপচেষ্টাত লিপ্ত হৈছে ৰঙা চীন। এই কাৰ্যৰ তীব্ৰ গৰিহণা দি ভাৰত চৰকাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চীনৰ পদক্ষেপক দৃঢ়তাৰে খণ্ডন কৰিছে।
দেশৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই ঘটনাক লৈ প্রতিক্রিয়া প্রকাশ কৰি কয়, ‘আমি লক্ষ্য কৰিছো যে চীনে ভাৰতৰ অংগৰাজ্য অৰুণাচল প্ৰদেশৰ কেতবোৰ স্থানক নামকৰণ কৰাৰ সাৰশূন্য আৰু হাস্যম্পদ অপচেষ্টাত লিপ্ত হৈছে। আমি পোনছাটেই এই ক্ষেত্রত থকা নীতিগত অবস্থান স্পষ্ট কৰি এনে অপচেষ্টক নস্যাৎ কৰো।’ তেওঁ কয়, ‘অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছিন্ন আৰু অংগাংগী অংশ আছিল, আছে আৰু হৈ থাকিব-মনেসজা নামকৰণে এই অনস্বীকার্য বাস্তৱক সলনি নকৰে।’ বিগত বৰ্ষৰ এপ্ৰিলতো এইদৰে বেইজিঙে অৰুণাচল প্রদেশৰ ৩০টা স্থানৰ নামকৰণ কৰি তালিকা প্রকাশ কৰিছিল। এই কাৰ্যৰো ভাৰতে তীব্র নিন্দা কৰিছিল। তাৰ পাছত এইবাৰ ভাৰত-পাকিস্তান যুদ্ধবিৰতি পৰিস্থিতিত চীনৰ সক্ৰিয়তাক পুনৰ গৰিহণা দিছে ভাৰতে।
দীর্ঘদিন ধৰি অৰুণাচল প্রদেশ নিজস্ব অংশ বুলি চীনে দাবী কৰি আহিছে। ভাৰত আৰু চীনৰ মাজৰ সংঘাতৰ অন্যতম কাৰণ হৈছে অৰুণাচল প্রদেশ। চীনে প্রায়েই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ কে’বাটাও স্থানৰ নাম সলনি কৰি মানচিত্র প্রকাশ কৰে। বিগত বৰ্ষতো এইদৰে মানচিত্র প্রকাশ কৰিছিল। ২০১৭ত চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্রণালয়ে ঝাংগানৰ ছটা স্থানৰ নামকৰণ কৰি প্ৰথমখন তালিকা প্রকাশ কৰিছিল।
২০২১ ত ১৫টা স্থানৰ নামকৰণেৰে দ্বিতীয়খন তালিকা প্রকাশ কৰা হৈছিল আৰু ২০২৩ ত ১১টা স্থানৰ চীনা নামকৰণেৰে তালিকা প্রকাশ কৰিছিল চীনে। এইদৰে একাধিকবাৰ চীনে অৰুণাচলৰ নাম সলনি কৰি তালিকা প্রকাশ কৰি আহিছে। পূব লাডাখ সীমান্তৰ অচলাৱস্থা দূৰ কৰি স্বাভাৱিক পৰিস্থিতি ওভতাই আনিবলৈ চেষ্ট চলি থকাৰ মাজতে চীনৰ এই কার্যকলাপক ভাৰতে সদায় গৰিহণা দি আহিছে।
অৰুণাচল প্ৰদেশৰ ভৌগোলিক অৱস্থান অতি গুৰুত্বপূর্ণ। বেইজিঙে অৰুণাচলক চীনৰ অংগ বুলি কৰা দাবীক লৈয়ে ভাৰত-চীনৰ মাজত বহু দশক ধৰি বিবাদ অব্যাহত আছে। ভাৰতৰ অবিচ্ছেদ্য অংগ অৰুণাচল প্ৰদেশৰ স’তে লাগি আছে চীনৰ সীমান্ত। বেইজিঙৰ মতে, ঐতিহাসিকভাৱে অৰুণাচল চীনৰ তিব্বতৰ অংশ। ভাৰতে এই দাবীৰ সৰ্বদা বিৰোধিতা কৰি আহিছে। অৱশ্যে সাম্প্রতিক সময়ত এই বিষয়টোৰ উপৰি ৰাজ্যখনৰ জলসম্পদ ব্যৱহাৰক লৈও উদ্বেগৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
উল্লেখ্য যে ২০১৯ত চীন-অৰুণাচল সীমান্তৰ আমাকো কেম্পৰ সমীপৱৰ্তী দৈমুৰ নলাৰ ওপৰত কাঠৰ অস্থায়ী দলং নিৰ্মাণ কৰিছে চীনে। ২০২০ত ছালে দিবাং জিলাত চীনা বাহিনীয়ে প্ৰৱেশ কৰিছিল। ভাৰত-চীনৰ বিবাদ দীর্ঘদিনীয়া আৰু বহু সময়ত ই সংঘাতৰ ৰূপ ধাৰণ কৰিছে। ২০২০ৰ পাছৰ পৰা এই বিবাদে অধিক উত্তেজনাপূর্ণ ৰূপ লয়। ২০২০ৰ এপ্রিলত প্রকৃত নিয়ন্ত্রণ ৰেখা অতিক্ৰম কৰি পূব লাডাখৰ বিভিন্ন অঞ্চলত চীনা বাহিনীৰ বিৰুদ্ধে অনুপ্ৰৱেশৰ অভিযোগ উত্থাপন হৈছিল। উত্তেজনাৰ পৰিস্থিতিত সেই বছৰৰ ১৫ জুনত চীনা আক্রমণত গালৱানত নিহত হৈছিল ২০জন ভাৰতীয় জোৱান।
অৱশ্যে ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত কে’বাজনো চীনা সেনা নিহত হয় যদিও এই তথ্য চীনে লুকুৱাবলৈ চেষ্ট কৰে। অৱশ্যে পৰৱৰ্তী সময়ত এইসকল চীনা সেনাৰ শেষকৃত্য সম্পন্নৰ তথ্য ফাদিল হোৱাত চীনৰ দুমুখীয়া স্বৰূপ উন্মোচিত হয়। নিজ দেশৰ সৈনিকক উপযুক্ত সম্মান দিবলৈও মান্তি হোৱা নাছিল চীন। গালৱান কাণ্ডৰ পাছৰে পৰা কূটনৈতিক আৰু সামৰিক স্তৰত আৰম্ভ হয় সীমান্ত উত্তেজনা প্রশমনৰ কে’বা তৰপীয়া বৈঠক।
২০২১ৰ জুলাইত ছুচুল-মলড’ পইণ্টত দুই সেনাৰ ক’ৰ কমাণ্ডাৰ স্তৰৰ বৈঠকৰ পাছত প্ৰকৃত নিয়ন্ত্রণ ৰেখাৰ কিছু অঞ্চলৰ পৰা চীনা সেনা প্রত্যাহাৰ কৰা হৈছিল। সিদ্ধান্ত গ্রহণ কৰা হৈছিল যে যাতে মুখামুখি সংঘর্ষত লিপ্ত হ’ব নোৱাৰে তেনে নিৰাপদ অৱস্থানলৈ দুই দেশৰ সেনাক সীমান্তৰ পৰা নিজ নিজ দেশলৈ পিছুৱাই নিয়া হ’ব। ২০২৪ৰ নৱেম্বৰত পুনৰ এই প্ৰক্ৰিয়াৰ সমাপ্ত হয়। ভাৰত-চীনে লাডাখ সীমান্তৰ সমস্যা সমাধানৰ বাবে ঐক্যমতত উপনীত হোৱাৰ পাছতো চীনে ডিচেম্বৰৰ শেষৰ দিশত লাডাখৰ কিছু অংশ নিজ ভূমি বুলি দাবী কৰে।
ইয়াৰ প্ৰতিবাদত ভাৰতৰ বৈদেশিক মন্ত্রণালয়ে স্পষ্ট কৰে যে কোনো কাৰণতে অবৈধ দখল সহ্য কৰা নহ’ব। অৱশ্যে ২০২৫ত দুই দেশৰ সম্পৰ্কৰ উন্নতি ঘটে। সীমান্ত উত্তেজনা প্রশমন আৰু সেনা প্রত্যাহাৰৰ বিষয়ে চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাৰ পাছত এই পৰিস্থিতিৰ উন্নয়ন সাধন হয়। অৱশ্যে অৰুণাচলৰ প্ৰসংগ পুনৰ এই সম্পৰ্কৰ কাঁইট হৈ থিয় দিব পাৰে বুলি একাংশ বিশ্লেষকে ধাৰণা কৰিছে।
সম্প্রতি ভাৰত-পাকিস্তানৰ সীমান্তত সংঘাতৰ মাজত চীনৰ অৱস্থান এক আলোচ্য বিষয় হৈ পৰে। বেইজিঙে প্রথমতে পাকিস্তানৰ কাষত থিয় দিয়ে। ইয়াৰ লগতে সন্ত্রাসবাদৰ বিৰোধিতা কৰে বুলিও কয় তথা পহলগামৰ ঘটনাকো গৰিহণা দিয়ে। তদুপৰি সীমান্তত সংযম প্ৰদৰ্শনৰ বাবেও পাকিস্তান আৰু ভাৰতক বেইজিঙে আহ্বান জনোৱাৰ সমান্তৰালভাৱে পাকিস্তানৰ ওচৰত থিয় দিয়াৰ বাৰ্তাও দিয়ে। বেইজিঙে কয় যে পাকিস্তানৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতা ৰক্ষাৰ ক্ষেত্ৰত চীনৰ সমর্থন আছে। লগতে এই দাবীও কৰে যে কঠোৰ পৰিস্থিতিৰ মাজতো চীনে সংযম প্রদর্শন কৰিছে। এনে পৰিপ্ৰেক্ষিতত চীনৰ অৰুণাচলক লৈ শেহতীয়া কাৰ্যকলাপে ভাৰতলৈ তাৎপর্যপূর্ণ বার্তা প্ৰেৰণ কৰা বুলিও কূটনৈতিক মহলত চর্চিত হৈছে।