Horoscope : মেষঃ স্বাস্থ্যৰ বাবে আজিৰ দিনটো ভাল হ’ব। বহুত বেছি মানসিক হেঁচা আৰু ভাগৰ আপোনাৰ অসুবিধাৰ কাৰণ হ’ব পাৰে। ব্যৱসায় বা কর্মক্ষেত্রত অশান্তি হ’ব পাৰে। ঘৰৰ পৰা মূল্যবান বস্ত্ৰ হেৰাব পাৰে।
বৃষ: মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণসমূহ সমাধান কৰক। আর্থিক পৰিস্থিতিৰ উন্নতি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অশান্তি থাকিব। সংখ্যাতত্ত্বৰ মতে ক্ষতি কাৰক।
মিথুন: আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত দুশ্চিন্তাৰ কাৰক। আপুনি নিজে ভাল আৰু আত্মবিশ্বাসী কৰি গঢ়ি তুলিব পাৰিব। আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব।
কর্কট: আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব পাৰে। তেল আৰু মছলাযুক্ত খাদ্য গ্ৰহণৰ পৰা বিৰত থাকক। সাহিত্যিক, শিল্পী, খেলুৱৈৰ নতুন উন্নতিমূলক কর্মত নিয়োজিত হ’ব।
সিংহ: দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব। আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। ব্যবসায় আৰু কৰ্মক্ষেত্ৰত লাভৰ যোগ। শিক্ষার্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু অশান্তি হ’ব পাৰে।
কন্যা: মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষা লোৱা উচিত, তেতিয়াহে সর্বাংগীণ বিকাশ সম্ভব। শাৰীৰিক কষ্টৰ বাবে ব্যৱসায় সময় নষ্ট হ’ব পাৰে। শিক্ষার্থীৰ শুভ।
তুলা: মধ্যম ফল। উৰ্জাৰ এই অসীমিত পৰিমাণক আজি ভাল কামত খটুওৱাক। সাৱধানেৰে আৰ্থিক নিৰোগ কৰক। আর্থিকত পোৱা কষ্টৰ কিছু হ’লেও লাঘৱ হ’ব। দাম্পত্যত চিন্তা।
বৃশ্চিক: যিবোৰ মানুহ দীর্ঘদিনীয়া অর্থ সংকটত ভুগি আছিল সিহঁতৰ ধন প্রাপ্তিৰ সম্ভাৱনা আছে যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হ’ব। বৈবাহিক জীৱনৰ দিশেদি চালে বহুত বস্তু আজি ভালে যাব।
ধনু: আর্থিক দিশত ভাল চলি থকা বাবে আপুনি জৰুৰী বস্তুবোৰ কিনাত সহজ হ’ব। মনত অত্যন্ত কুটীল প্রশ্নই তোলপাৰ লগাব পাৰে। আজিৰ দিনটো আপোনাৰ ভাল হ’ব।
মকৰঃ যিকোনো কাম আৰম্ভ কৰাৰ বাবে আজি দিনটো বেছি ভাল নহয়। শিক্ষার্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব পাৰে। সাহিত্যিক, শিল্পী, খেলুৱৈয়ে নতুন উন্নতিমূলক কর্মত নিয়োজিত হ’ব।
কুম্ভ: পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰাৰ বাবে আজি শুভ আৰু ভাল দিন।
মীন: অশান্তিৰ পৰা সাৱধান থকা দৰকাৰ। সন্তানৰ দ্বাৰা অৰ্থ হানি হ’ব পাৰে। অচিনাকি লোকৰ পৰা দূৰত থাকিব। স্বাস্থ্যৰ প্ৰতি অলপ মনযোগ দিয়াৰ দৰকাৰ।































