Horoscope:✒️মেষ: কৰ্মত উন্নতিৰ যোগ। নিবনুৱাৰ কৰ্ম সংস্থাপন সম্ভাৱনা। সংঘাত আঁতৰিব। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৪।
বৃষ: কামৰ ব্যস্ততা বাঢ়িব। আর্থিক উন্নতি। শিৱ মন্দিৰ দৰ্শন কৰক। খং কমাওক। বিদ্যাত মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ২।
মিথুন: কর্মক্ষেত্রত উন্নতি। অৰ্থ লাভৰ যোগ, ভ্ৰমণত মধ্যম। পাৰিলে তিতা নাখায়। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৫।
কর্কট: ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ব্যস্ততা বৃদ্ধি। আর্থিকত উন্নতি। কর্মব্যস্ততা বৃদ্ধি। খং নকৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।
সিংহ: ৰবি গ্ৰহৰ প্ৰভাৱত শাৰীৰিক-মানসিক শক্তি বৃদ্ধি। হনুমানৰ পূজা কৰিব আর্থিক উন্নতি বৃদ্ধি হ’ব। শুভ ৰং কমলা, শুভ সংখ্যা ৪।
কন্যা: কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি। ভ্রমণত শুভ, শৰীৰৰ প্ৰতি যত্ন লওক। শত্রু নাশ। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৩।
তুলা: আত্মনিৰ্ভৰশীল হ’ব পাৰিব, বগলা দেৱীৰ পূজা কৰক সংযম ৰক্ষা পৰিব। ভ্ৰমণত মধ্যম। অর্থলাভ, ৰঙা ৰং শুভ। শুভ সংখ্যা ৯।
বৃশ্চিক: সা-সম্পত্তি, ক্ৰয় কৰিব পাৰিব। শিল্পী-কলা কৌশলত জড়িত ব্যক্তিৰ উন্নতি। যানবাহনৰ পৰা সাৱধান। শুভ ৰং ক্রীম। শুভ সংখ্যা ৬।
ধনুঃ ধীৰ-স্থিৰ সৌভাগ্যশীল হোৱাৰ যোগ, হনুমান চালিচা পাঠ কৰক শত্রু নাশ হ’ব। কর্মত উন্নতি। পাতল নীলা ৰং শুভ। শুভ সংখ্যা ৪।
মকৰ: হতাশা আঁতৰিব। গহীন, ভ্রমণপ্রিয়, চিন্তাশীল লোক হিচাপে খ্যাতি অৰ্জন লাভ কৰিব। কৰ্মত মধ্যম। সোণালী ৰং শুভ। শুভ সংখ্যা ৪।
কুম্ভ: ধার্মিক দিশ প্রকাশ, হতাশা আঁতৰিব, সৎ আৰু গুণী লোকৰ সান্নিধ্য পাব। মনত দুশ্চিন্তা নাৰাখিব, মেৰুণ ৰং শুভ। শুভ সংখ্যা ৪।
মীন: কৰ্মোন্নতি, বন্ধুৰ পৰা দূৰত থাকক। পুৰণি ৰোগে কষ্ট দিব পাৰে। খৰচ বৃদ্ধি। ভ্ৰমণত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।
































