Horoscope:মেষ: আর্থিকভাবে দিনটো শুভ। পৰিয়ালৰ স’তে চলি থকা যিকোনো সমস্যাৰ সমাধান হ’ব। প্রেমত বাধা আহিব পাৰে। বিদ্যার্থীসকলৰ বাবে বহু বেছি ভাল নহয়। শুভ ৰং সুমথিৰা। শুভ সংখ্যা ৫।
বৃষ: দিনটোৰ বেছিভাগ সময় পৰাপক্ষত ঘৰুৱা সদস্যসকলৰ লগত কটাওক। মানসিক শান্তিৰ বাবে ধর্মীয় স্থানলৈ যোৱাটো ভাল। বিদ্যার্থীসকলে পঢ়া-শুনাত গুৰুত্ব দিয়ক। শুভ ৰং নীলা। শুভ সংখ্যা ৪।
মিথুন: আজিৰ দিনটোত যদি নতুন কাম আৰম্ভ কৰিব বিচাৰিছে তেনেহ’লে কৰিব পাৰিব। যান-বাহন চলোৱা লোকসকলে আজি সাৱধানে যান-বাহন চলাব। শুভ ৰং কমলা। শুভ সংখ্যা ৪।
কর্কট: সন্তানৰ ভুলৰ কাৰণে সমাজৰ আগত লজ্জিত হ’ব পাৰে। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। দিনটো শুভ ফলদায়ক হ’ব। নতুন ব্যৱসায়ৰ পৰিকল্পনা নকৰিব। শুভ বং হালধীয়া। শুভ সংখ্যা ৩।
সিংহ: সাংসাৰিক দিশত অশান্তি হ’ব পাৰে। প্ৰেমত শুভ। শৰীৰ স্বাস্থ্যৰ উন্নতি। ব্যৱসায়-বাণিজ্যৰ জৰিয়তে উন্নতিৰ যোগ। টকা-পইচাৰ ক্ষেত্ৰত সাবধানে থাকক। মানসিক দিশত হেঁচা পৰিব পাৰে। শুভ ৰং ৰঙা। শুভসংখ্যা ৯।
কন্যা: ব্যৱসায়-বাণিজ্যত বাধা-বিঘিনি আহিব যদিও প্রয়োজনীয় মূলধনৰ কাৰণে চিন্তা থাকিব। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব। আর্থিকভাবে আয় বৃদ্ধি পাব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ১।
তুলা: কর্মক্ষেত্রত লাভ হ’ব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত আজিৰ দিনটো বহু ভাল নহয়। ব্যৱসায়ী সকলৰ ব্যৱসায়-বাণিজ্যৰ জৰিয়তে আর্থিক উন্নতিৰ লগত সম্মান বৃদ্ধিৰ যোগ। শুভ ৰং মাখন। শুভ সংখ্যা ২।
বৃশ্চিক: পঢ়া-শুনাৰ ক্ষেত্ৰত ভাল ফল পাব। মা-দেউতাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। প্ৰেমত শুভ। ব্যৱসায়-বাণিজ্যৰ মাধ্যমত আয় বৃদ্ধিৰ যোগ। ঘৰৰ পৰা আর্থিক দিশত বাধা আহিব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।
ধনু: সাংসাৰিক দিশত শান্তি থাকিব যদিও সন্তানৰ বাবে চিন্তা বৃদ্ধি কাৰক। ব্যবসায় বা কর্মক্ষেত্ৰত বাধা আহিব পাৰে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি কাম কৰিব। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৬।
মকৰ: আজি আপোনাৰ প্রিয় বন্ধুৰ ব্যৱহাৰে আপোনাক আঘাতপ্রাপ্ত কৰিব। চাকৰিৰ স্থান সলনি হ’ব পাৰে। কর্মক্ষেত্রত মানসিকভাবে হেঁচা পৰিব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৭।
কুম্ভ: পুৱাৰ ভাগৰ পৰা শৰীৰত কিছু ধৰণৰ অশান্তি হ’ব পাৰে। সন্তানৰ শুভকৰ্মৰ কাৰণে সমাজৰ আগত সন্মানিত হ’ব। ঘৰুৱা দিশত অশান্তি হ’ব পাৰে। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৮।
মীন: কৰ্মস্থানৰ যোগেদি বিদেশ ভ্রমণৰ যোগ। বিবাহৰ ক্ষেত্ৰত বেছি সময় নষ্ট নকৰিব। বিদ্যার্থীসকলৰ শুভ। সাংসাৰিক দিশত অশান্তি হ’ব পাৰে। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং নীলা। শুভ সংখ্যা ৯।