Horoscope:মেষ: দৈনন্দিন কাম-কাজৰ ক্ষেত্ৰত শুভ ফলদায়ক হ’ব। বিভিন্ন প্রতিকূল পৰিস্থিতিত বন্ধুৰ সহায় আশা কৰিব পাৰে। গুৰুত্বপূৰ্ণ কামত সমস্যা আহিব। শাৰীৰিক দিশত বিশেষ চিন্তা নাই যদিও ৰক্তজনিত ৰোগ থকা সকলোৰ বাবে সমস্যা আহিব পাৰে।
বৃষ: দিনটো শুভভাবেই আৰম্ভ হ’ব যদিও মাজ ভাগৰ পৰা সাৱধানে থকা ভাল। হঠাৎ আঘাতপ্রাপ্তি কাজিয়া-পেচাল আদিৰ যোগ দেখা যায়। ব্যৱসায়-বাণিজ্যত শুভ যদিও আজি নতুনকৈ অর্থ বিনিয়োগ নকৰিব। মানসিক অৱস্থা ভাল-বেয়াৰ মাজেৰে যাব। প্রেমত শুভ।
মিথুন: দৈনন্দিন কাম-কাজত ব্যাঘাত ঘটিব পাৰে। চুবুৰিয়াৰ লগত কাজিয়া-পেচালৰ সম্ভাৱনা দেখা যায়। সন্তানৰ মানসিক অৱস্থা ভালেৰে নাযাব। যান-বাহনৰ পৰা সতৰ্কতা অৱলম্বন কৰিব। ব্যৱসায়ত মধ্যম ফল।
কর্কট: শাৰীৰিক দিশত সতর্কতা অৱলম্বন আৱশ্যক। পুৰণি ৰোগত পুনৰায় আক্ৰান্ত হোৱাৰ সম্ভাৱনা দেখা যায়। দুচকীয়া যান-বাহনৰ পৰা সতর্কতা অৱলম্বন কৰিব। ব্যৱসায়-বাণিজ্যত ভবা মতে ফল নাপাব।
সিংহ: দৈনন্দিন কর্মত মধ্যম ফল। মানসিক অৱস্থা ঠিকেই থাকিব যদিও শৰীৰে সকলো সময়ত সহযোগ নকৰিব। সন্তান সম্ভৱা মহিলাসকলে সাৱধানতা অৱলম্বন কৰিব। ব্যৱসায়-বাণিজ্যত শুভ যদিও অর্থ সঞ্চয় নহ’ব।
কন্যা: চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে। বুধৰ শুভপ্ৰভাৱত আয়ৰ পৰিমাণ কিছু হ’লেও বৃদ্ধি পাব। পুৰণি কোনো বেমাৰে আমনি কৰিব পাৰে। কোনো বেয়া সংবাদ প্ৰাপ্তিৰ ফলত মানসিক আঘাত পাব পাৰে।
তুলা: কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব। নতুন কোনো কামৰ প্ৰতি মন আকৃষ্ট হ’ব পাৰে। সন্তান লাভৰ যোগ। হঠাৎ দুর্ঘটনাৰ যোগ দেখা যায়। গতিকে সাৱধানেৰে চলাফুৰা কৰিব। প্ৰেমত সন্দেহৰ কাৰক।
বৃশ্চিক: ঘৰুৱা পৰিৱেশ বিশেষ ভাল বুলি ক’ব নোৱাৰি। পিতৃ-মাতৃৰ শৰীৰৰ কাৰণে চিন্তা থাকিব। ব্যৱসায়-বাণিজ্যত উন্নতিৰ যোগ। সন্তানৰ লগত মত বিৰোধ হ’ব পাৰে। দিনটোত আয়তকৈ ব্যয়ৰ মাত্রা বৃদ্ধিৰ ফলত মানসিক উদ্বেগ দেখা দিব। বিদ্যার্থীৰ মধ্যম ফল।
ধনুঃ দৈনন্দিন কর্মত মধ্যম ফল। বহুদিনৰ মনৰ কোনো আশা পূৰণ হ’ব পাৰে। কোনো বিশ্বাসী লোকে বিশ্বাসঘাতকতা কৰাৰ সম্ভাৱনা আছে। আর্থিক দিশত সৰু-সুৰা বাধা আহিব পাৰে। হৃদৰোগীসকলে সাৱধানতা অৱলম্বন কৰিব। প্রেমত কাজিয়া-পেচালৰ সম্ভাৱনা। বিদ্যার্থীৰ শুভ।
মকৰ: কৰ্মক্ষেত্ৰত অশান্তি। অন্তিম মুহূর্ততে গৈ গুৰুত্বপূৰ্ণ কামত ব্যাঘাত ঘটিব পাৰে। শাৰীৰিক অসুস্থতাৰ কাৰণে ডাক্তৰৰ পৰামৰ্শ ল’ব লগা হ’ব পাৰে। ওচৰ-চুবুৰীয়াৰ লগত মনোমালিন্য হ’ব পাৰে। ব্যৱসায়-বাণিজ্যত মধ্যম ফল।
কুম্ভ: কর্মক্ষেত্রত চলি অহা সমস্যাবোৰৰ সমাধান আশা কৰিব পাৰে। নিবনুৱা জাতক-জাতিকাৰ কৰ্ম প্ৰাপ্তিৰ যোগ দেখা যায়। দুর্ঘটনা আদিৰ ফলত ৰক্তপাতৰ যোগ দেখা যায়। গতিকে চলাফুৰাত সতর্কতা অৱলম্বন কৰিব। প্রাপ্য ধন প্ৰাপ্তিৰ যোগ। দিনটোত কিবা শুভ সংবাদ পাব পাৰে।
মীন: দৈনন্দিন কর্মত শুভ ফল। চাকৰিয়ালৰ উন্নতিৰ যোগ। নিবনুৱা জাতক-জাতিকা সকলৰ বাবে ভাল কিবা সুযোগ আহিব পাৰে। হিংস্র জীৱ-জন্তুৰ পৰা সতৰ্ক থাকিব। নিজৰ যোগ্যতাৰ প্ৰমাণ দেখুৱাব পাৰিব। শাৰীৰিক দিশত শুভ যদিও সৰুসুৰা বেমাৰে আমনি দিব পাৰে।