Horoscope :মেষ: দৈনিক কর্মত শুভ। আর্থিক ক্ষেত্রত স্বচ্ছলতা আহিব। ব্যৱসায়-বাণিজ্যত শুভ ফল আশা কৰিব পাৰে। আশা কৰা মতে ধনসঞ্চয় নহ’ব। উচ্চ শিক্ষাত নানান বাধাৰ সন্মুখীন হ’ব। আঁহত পাতত ৰঙা চন্দনেৰে সানিব।
বৃষ: কর্মস্থানত শান্তি বজাই থাকিব। সন্তানৰ দ্বাৰা পিতৃ-মাতৃৰ সন্মান বৃদ্ধিৰ যোগ। শাৰীৰিক দিশত শুভ যদিও দিনৰ শেষৰ ভাগত সৰু-সুৰা বেমাৰে আমনি দিব পাৰে। নতুন কোনো উদ্যোগৰ পৰিকল্পনা কৰিব পাৰে।
মিথুন: চাকৰি ক্ষেত্ৰত উন্নতিত অযথা পলম আৰু বাধা আহিব। ব্যৱসায়ী সকলোৰ শুভ যদিও কোনো অবাঞ্ছিত লোকৰ কাৰণে ক্ষতি হ’ব পাৰে। পাৰিবাৰিক দিশত কাৰোবাক দায়িত্বপূর্ণ কাম গতাই দিয়াৰ পূর্বে সাৱধান হ’ব। হাতলৈ অৰ্থ আহিলেও ব্যয়ৰ বাট মুকলি থাকিব।
কর্কট: দৈনন্দিন কৰ্মত অস্থিৰতা। নিবনুৱাৰ কৰ্ম লাভৰ যোগ আছে।আইনী ব্যৱসায়ী সকলোৰ বাবে দিনটো শুভ নহ’ব। স্থাবৰ সম্পত্তি প্ৰাপ্তিৰ যোগ। বিবাহৰ ক্ষেত্ৰত আত্মীয় শত্রুতা কৰিব পাৰে। প্রেমত অশান্তি থাকিব।
সিংহ: শাৰীৰিক অসুস্থতাৰ কাৰণে দৈনন্দিন কামত বাধা। অর্থনৈতিক ক্ষেত্রত শুভ ফল আশা কৰিব নোৱাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত শত্ৰুৰ পৰা সতর্ক থাকিব। কর্মক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যোগ দেখা যায়। বিদ্যার্থীৰ বাবে দিনটো শুভ। গবেষণা মূলক কামত প্রতিভাৰ বিকাশ ঘটিব।
কন্যা: দৈনন্দিন কর্মত শুভ চাকৰি ক্ষেত্ৰত সহকর্মীৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা। আর্থিক আয় উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। পাৰিবাৰীক দিশত পিতৃ-মাতৃৰ শৰীৰৰ কাৰণে চিন্তা আৰু অৰ্থব্যয় প্রেম-প্রীতিৰ ক্ষেত্ৰত বাধা আঁতৰিব।
তুলা: কর্মক্ষেত্রত অপ্রত্যাশিত ভাবে জামেলা দেখা দিব পাৰে। উপাৰ্জনৰ ক্ষেত্রত শুভ ফল লাভ কৰিব। কর্মসূত্ৰে ভ্ৰমণৰ সুযোগ আহিব পাৰে। বিদ্যার্থীৰ মধ্যম ফল।
বৃশ্চিক: কর্মক্ষেত্রত শান্তি বজাই থাকিব। ব্যৱসায়-বাণিজ্যৰ বাবে দিনটো মধ্যম ফলদায়ক হ’ব। সৰু-সুৰা দুৰ্ঘটনাৰ ফলত ভৰিত প্ৰবল অর্থাৎ পোৱাৰ সম্ভাৱনা আছে। গতিকে সতর্কতা অৱলম্বন কৰিব।
ধনু: চাকৰি ক্ষেত্ৰত উর্ধ্বতন কর্তৃপক্ষৰ লগত মতবিৰোধী সম্ভাৱনা। প্ৰেমৰ ক্ষেত্ৰত হতাশা, মনৰ আশা ভংগৰ হ’ব পাৰে। ঘৰুৱা বিষয়লৈ পতি-পত্নীৰ মাজত মতভেদ দেখা দিব পাৰে। ভ্ৰমণৰ যোগ আছে।
মকৰ কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব। ব্যৱসায়-বাণিজ্যত হঠাৎ পৰিবৱৰ্তন আহিব পাৰে। প্ৰতিযোগিতা মূলক পৰীক্ষাত সাফল্যৰ যোগ বিদ্যার্থীসকলে উচ্চ শিক্ষাত আশানুৰূপ।
কুম্ভ: চাকৰিয়াৰ সন্তানৰ বাবে দিনটো শুভ নহয়। ন্যায্য প্রাপ্তিৰ পৰা বঞ্চিত হ’ব পাৰে। ব্যৱসায়-বাণিজ্যৰ মাধ্যমত আর্থিক উন্নতিৰ যোগ। ভ্ৰমণত সতর্ক হোৱা আৱশ্যক। প্রেমত ব্যর্থ হ’ব। বিদ্যাৰ্থৰ বাবে দিনটো মধ্যম।
মীন: কর্মক্ষেত্রত উন্নতিৰ যোগ। পুলিচি জামেলা মামলা মকদমা আদিৰ যোগ দেখা যায়। সামাজিক ক্ষেত্ৰত মানহানিৰ আশংকা। পিতৃ-মাতৃৰ লগত কিবা বিষয়লৈ মত বিৰোধ হ’ব পাৰে। প্ৰেম আৰু দাম্পত্যত শান্তি বজাই থাকিব।