Supreme Court:
মাতৃক অবৈধভাৱে গ্রেপ্তাৰ কৰি বাংলাদেশলৈ প্ৰেৰণৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ২৬ বছৰীয়া যুৱক ইউনুছ। যুৱকজনে অভিযোগ কৰিছে যে অসম চৰকাৰে তেওঁৰ মাতৃক অবৈধভাৱে আটক কৰি নিছে আৰু তাৰ পাছৰে পৰাই মাতৃৰ তেওঁ কোনো সন্ধান লাভ কৰা নাই। ‘মোৰ মা ক’ত আছে?’ এই কাতৰ বিননিৰে দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা ইউনুছে অভিযোগ কৰে যে অসম চৰকাৰে তেওঁৰ মাতৃ মনোৱাৰা বেওৱাক ন্যায় সংগত শুনানি অবিহনেই বাংলাদেশলৈ বিতাড়নৰ পূৰ্বে গ্ৰেপ্তাৰ কৰে।
ইউনুছে মাতৃক আদালতত উপস্থাপন কৰিবলৈ দাবী জনাইছে। উচ্চতম ন্যায়ালয়ে ইউনুছৰ গোচৰৰ শুনানি গ্রহণ কৰিবলৈ সন্মত হৈছে। জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে ইউনুছৰ হৈ সর্বোচ্চ ন্যায়ালয়ত এক বন্দী প্রত্যক্ষীকৰণ আবেদন দাখিল কৰে। নিশাটোৰ ভিতৰতে প্রত্যর্পণ কৰিবলৈ মাতৃসহ অন্যান্যসকলক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ কৰে পুত্রই।
দীর্ঘদিন ধৰি বন্দী শিবিৰত আছিল মনোৱাৰা। ২০১৯৩ উচ্চতম ন্যায়ালয়ে তেওঁক জামিন দিয়ে। তিনি বছৰৰ অধিক সময় যিসকল বন্দী শিবিৰত আবদ্ধ হৈ আছিল সেইসকলক মুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত মনোৱাৰাই জামিন লাভ কৰে আৰু এই ক্ষেত্ৰত কিছুমান চৰ্ত আৰোপ কৰা হয়। এই চর্তসাপেক্ষ জামিন সন্দর্ভত ২৬ বছৰীয়া পুত্র ইউনুছে কয় যে তেওঁৰ মাতৃয়ে সকলোবোৰ চৰ্ত পূৰণ কৰা সত্ত্বেও যোৱা ২৪ মে’ত তেওঁক থানালৈ তলব কৰা হয়। ইউনুছে কয় যে এটা জবানবন্দী ৰেকৰ্ড কৰাৰ অজুহাতেৰে মনোৱাৰাক থানালৈ মাতি নিয়া হয়।
তাৰ পাছৰে পৰাই মাতৃক পুনৰ আটক কৰা বুলি ইউনুছে অভিযোগ কৰে। তেওঁ কয়, ‘অসম চৰকাৰে মোৰ মা মনোৱাৰা বেওৱাক ন্যায়সংগত শুনানি অবিহনে বাংলাদেশলৈ প্ৰেৰণৰ পূর্বে অবৈধভাৱে আটক কৰিছে।’ তেওঁ কয় যে থানাৰ স’তে তেওঁ যোগাযোগ কৰাত আৰক্ষীয়ে কয় যে গোচৰটো এতিয়া বিবেচনাধীন হৈ আছে আৰু তেওঁৰ মাতৃ জামিনত আছে। আৰক্ষীয়ে তেওঁৰ কোনো কথাই গ্রাহ্য নকৰিলে বুলি ইউনুছে অভিযোগ কৰে। তাৰ পাছৰে পৰাই মাতৃৰ কোনো সন্ধান লাভ কৰা নাই ইউনুছে।
ইপিনে, আজি অসম চৰকাৰে বাংলাদেশী নাগৰিক ঠেলি পঠোৱা নীতিবিৰোধী অভিযানৰ বিৰুদ্ধে শুনানি গ্রহণ কৰিবলৈ অগ্রাহ্য কৰে সর্বোচ্চ ন্যায়ালয়ে। গুচৰীয়া পক্ষৰ অভিযোগ যে সন্দেহযুক্ত নাগৰিকৰ নাগৰিকত্ব পৰীক্ষা নকৰাকৈ আৰু পৰ্যাপ্ত আইনী সুবিধা নিদিয়াকৈ আটক কৰি বিতাড়ন কৰা হৈছে। সোমবাৰে ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ যুটীয়া বিচাৰপীঠে কয় যে গুচৰীয়া পক্ষই বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰে।
ইয়াকে লৈ প্রশ্ন কৰি ন্যায়ালয়ে কয়, ‘আপোনালোকে গুৱাহাটী উচ্চ ন্যায়ালয়লৈ কিয় যোৱা নাই।’ গুচৰীয়া পক্ষৰ অধিবক্তা সঞ্জয় হেগ্রেই কয় যে উচ্চতম ন্যায়ালয়ৰ এক পূর্বৱর্তী নির্দেশ পৰিপ্ৰেক্ষিততে এই গোচৰ ৰুজু কৰা হৈছে। অবশ্যে গোচৰৰ শুনানি গ্রহণ কৰিব নিবিচাৰিলে সর্বোচ্চ ন্যায়ালয়ে। তেতিয়া অধিবক্তাই কয় তেওঁলোকে গোচৰটো প্ৰত্যাহাৰ কৰিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব।






























