Census will be conducted in two phases:
অহা বছৰৰ অন্তিমৰ পৰা দেশত দুটা পর্যায়ত লোকপিয়ল আৰু জাতি গণনা আৰম্ভ হ’ব। কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ইয়াৰে প্ৰথমটো পর্যায়ত পাহাৰীয়া আৰু তুষাৰাবৃত ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চল আৰু এনে অঞ্চলক সামৰি লোৱা হ’ব। এই পর্যায় ২০২৬ৰ পহিলা অক্টোবৰৰ পৰা আৰম্ভ হ’ব।
আনহাতে, দ্বিতীয়টো পর্যায় ২০২৭ৰ পহিলা মে’ৰ পৰা আৰম্ভ হ’ব আৰু ই দেশৰ আন অঞ্চলসমূহক সামৰি ল’ব। তিনি বছৰ ধৰি আগন্তুক লোকপিয়লৰ কাম চলিব বুলি সূত্রই সদৰী কৰিছে।
উল্লেখ্য যে নিয়ম অনুসৰি, ২০২১তে দেশত লোকপিয়ল অনুষ্ঠিত হ’ব লগা আছিল যদিও সেয়া সময়ত স্থগিত ৰাখে চৰকাৰে। শেহতীয়াভাৱে যোৱা কেন্দ্রীয় ৰাজনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিয়ে দেশত জাতি গণনাৰ অনুমোদন জনায়। সেই অনুসৰি, আগন্তুক লোকপিয়লত জাতি গণনাও কৰা হ’ব বুলিও সূত্রই সদৰী কৰিছে। এই সম্পৰ্কত চৰকাৰী বিবৃতিত কোৱা হয়।
জাতি গণনাৰ লগতে জনসংখ্যা গণনা-২০২৭ দুটা পর্যায়ত আৰম্ভ হ’ব। জনসংখ্যা গণনা-২০২৭ৰ সাংকেতিক তাৰিখ ২০২৭ৰ প্রথম দিনটোৰ ০০:০০ বজা হ’ব। জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্রীয়শাসিত অঞ্চল তথা হিমাচল প্রদেশ আৰু উত্তৰাখণ্ড আদিৰ বাবে সাংকেতিক তাৰিখ ২০২৬ৰ প্ৰথম দিনটোৰ ০০:০০ বজা হ’ব।’ বিবৃতিটোত লগতে কোৱা হয় যে লোকপিয়ল আইন ১৯৪৮ৰ তিনি ধাৰা অনুসৰি লোকপিয়ল আৰু ওপৰোক্ত সাংকেতিক তাৰিখসমূহ অহা ১৬ জুনত ৰাজপত্ৰত প্ৰকাশ কৰা হ’ব।
উল্লেখ্য যে দেশত লোকপিয়ল আইন ১৯৪৮ আৰু লোকপিয়ল বিধি ১৯৯০ অনুসৰি লোকপিয়ল সম্পন্ন কৰা হয়। দেশত অন্তিমবাৰৰ বাবে ২০১১ত দুটা পর্যায়ত লোকপিয়ল কৰা হয়। ইয়াৰে প্ৰথমটো পৰ্যায়ত ঘৰ তালিকাকৰণ (২০১০ৰ পহিলা এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈ) আৰু দ্বিতীয় পর্যায়ত জনসংখ্যা গণনা (২০১১ৰ ন ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ) কৰা হয়। উল্লেখ্য যে আগন্তুক লোকপিয়লত জাতি গণনাও কৰা হ’ব বুলি যোৱা ২০ এপ্ৰিলত কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণবে ঘোষণা কৰে। সেই অনুসৰি দেশত প্ৰথমবাৰৰ বাবে জাতি গণনা হ’ব। ইয়াক শাসকীয় পক্ষই ঐতিহাসিক কার্য আখ্যা দিছে।